ETV Bharat / bharat

কৰ্ণাটকত জিলেটিন ষ্টিক বিস্ফোৰণ : এজন নিহত - কৰ্ণাটকত জিলেটিন ষ্টিক বিস্ফোৰণ : এজন নিহত

দেওবাৰে কৰ্ণাটকৰ হাচান জিলাত সংঘটিত হৈছে এক বিস্ফোৰণৰ ঘটনা ৷ জিলাখনৰ হোলেনাৰাচিপুৰাৰ তালুকৰ চাকানেনহালিত জিলেটিন ষ্টিক বিস্ফোৰণ হৈ এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন দুজন লোক গুৰুতৰভাৱে আহত হয় ৷

কৰ্ণাটকত জিলেটিন ষ্টিক বিস্ফোৰণ : এজন নিহত

author img

By

Published : Apr 5, 2021, 9:05 AM IST

নেশ্যনেল ডেস্ক, 5 এপ্ৰিল: দেওবাৰে কৰ্ণাটকৰ হাচান জিলাত সংঘটিত হৈছে এক বিস্ফোৰণৰ ঘটনা ৷ জিলাখনৰ হোলেনাৰাচিপুৰাৰ তালুকৰ চাকানেনহালিত জিলেটিন ষ্টিক বিস্ফোৰণ হৈ এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন দুজন লোক গুৰুতৰভাৱে আহত হয় ৷

ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ লোকসকলক উদ্ধাৰ কৰি আহত লোক দুজনক ততালিকে জিলা চিকিৎসালয়ত ভৰ্তি কৰায় ৷ বিস্ফোৰণ সংঘটিত হোৱাৰ পাচত এএচপি নন্দিনী ঘটনাস্থলী পৰিদৰ্শন কৰি বিস্ফোৰণ সংঘটিত দোকানখনৰ স্থায়ী অনুজ্ঞা পত্ৰ থকা বুলি উল্লেখ কৰে ৷

ইফালে, এই ঘটনা সন্দৰ্ভত কংগ্ৰেছ নেতা বাগৌৰ মাঞ্জেগৌড়াই কয়, দোকানখনত জিলেটিন ষ্টিক থকা বুলি বিগত মাহত জিলা প্ৰশাসনক জনোৱা হৈছিল যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিলে ৷

লগতে পঢ়ক: মহাৰাষ্ট্ৰত ঘোষণা উইকেণ্ড লকডাউন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.