নিউজ ডেস্ক, 31 জানুৱাৰী: গুজৰাটৰ গান্ধীনগৰ সত্ৰ ন্যায়াধীশৰ আদালতে মঙলবাৰে অশাৰাম বাপুক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে ৷ ধৰ্ষণ গোচৰত ভুক্তভোগীক ৫০ হাজাৰ টকা ক্ষতিপূৰণ দিবলৈও কোৱা হয় আদালতৰ নিৰ্দেশত (Life imprisonment to Asharam) ৷ স্বয়ম্ভূ ভগৱান আশাৰাম বাপুৱে এগৰাকী মহিলাক 2001 চনৰ পৰা 2006 চনলৈ ধাৰাবাহিকভাৱে ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উঠিছিল ৷ নিজকে ভগৱান বুলি দাবী কৰা আশাৰাম বাপুৱে এখন আশ্ৰমত এই কু-কাৰ্য সংঘটিত কৰিছিল ৷ দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ভাৰতীয় দণ্ডবিধিৰ 376 2(C) আৰু 377 ধাৰাৰ অধীনত আশাৰামক দোষী সাব্যস্ত কৰে আদালতে (Asharam Bapu convicted for rape) ৷
2013 চনত ৰাজস্থানৰ নিজৰ আশ্ৰমত এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ আন এটা গোচৰত আজীৱন কাৰাদণ্ড ভুগি থকা 81 বছৰীয়া আশাৰাম বাপু বৰ্তমান যোধপুৰ কাৰাগাৰত কাৰাবন্দী হৈ আছে । 2013 চনত ৰুজু হোৱা মহিলা শিষ্য ধৰ্ষণৰ গোচৰত সোমবাৰে আদালতে স্বয়ম্ভূ ভগৱান আশাৰাম বাপুক দোষী সাব্যস্ত কৰে ।
প্ৰমাণৰ অভাৱত আশাৰামৰ পত্নীকে ধৰি আন ছজন অভিযুক্তক আদালতে দোষমুক্ত কৰে । আহমেদাবাদৰ চান্দখেদা থানাত দাখিল কৰা গোচৰ অনুসৰি 2001 চনৰ পৰা 2006 চনলৈকে আশাৰামে তেওঁৰ চহৰৰ পাৰ নিলগত অৱস্থিত তেওঁৰ আশ্ৰমত থকা মহিলাগৰাকীক কেইবাবাৰো ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে । বিশেষ চৰকাৰী অধিবক্তা আৰ চি কোডেকাৰে এই সন্দৰ্ভত কয় যে, আদালতে বিচাৰৰ বাবে গোচৰটো গ্ৰহণ কৰি আশাৰামক ভাৰতীয় দণ্ডবিধি আইনৰ 376/2(C) (ধৰ্ষণ), 377 (অস্বাভাৱিক অপৰাধ) ধাৰা আৰু অন্যান্য বিধানৰ অধীনত দোষী সাব্যস্ত কৰে সোমবাৰে (Gandhinagar Sessions Court) ৷
সম্প্ৰতি আন এক ধৰ্ষণৰ গোচৰত যোধপুৰৰ কাৰাগাৰত বন্দী হৈ আছে বিতৰ্কিত স্বয়ম্ভূ ভগৱানগৰাকী । চুৰাটৰ এগৰাকী মহিলাই 2013 চনৰ অক্টোবৰ মাহত আশাৰাম বাপু আৰু আন সাতজনৰ বিৰুদ্ধে ধৰ্ষণ আৰু অবৈধভাৱে বন্দী ৰখাৰ গোচৰ ৰুজু কৰিছিল ৷ যাৰ ভিতৰত এজনৰ বিচাৰ চলি থকাৰ সময়তে মৃত্যু হৈছিল । 2014 চনৰ জুলাই মাহত অভিযোগনামা দাখিল কৰা হৈছিল (Asharam Bapu in Jail)।
বৰ্তমান কাৰাবন্দী অৱস্থাতে পুনৰ আন এক ধৰ্ষণৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হ’ল আশাৰাম বাপুক ৷ আদালতৰ এই ৰায়দানে যেন কাৰামুক্ত হোৱাৰ সকলো পথ বন্ধ কৰি দিলে স্বয়ম্ভূ ভগৱান বুলি দাবী কৰা আশাৰামৰ ৷ কিয়নো পূৰ্বৰ গোচৰত কেনেবাকৈ কাৰামুক্ত হ’লেও আজি আদালতে দিয়া ৰায়দানৰ বাবে তেওঁ পুনৰ কাৰাবাস খাটিব লাগিব ৷
লগতে পঢ়ক: Asaram Bapu convicted in rape case: ধৰ্ষণকাৰী আশাৰাম বাপুক পুনৰ দোষী সাব্যস্ত আদালতৰ