ETV Bharat / bharat

মণিপুৰত ১৬ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন

ভাৰতৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে (Nitin Gadkari) সোমবাৰে মুঠ ২৯৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪,১৪৮ কোটি টকা বিনিয়োগেৰে মণিপুৰত ১৬ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ (National Highway Project) আধাৰশিলা স্থাপন কৰে ।

national highway projects in Manipur
মণিপুৰত ১৬ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন
author img

By

Published : Jul 13, 2021, 6:23 PM IST

নেশ্যনেল ডেস্ক, ১৩ জুলাই : কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিলে আন এক অভিলাসী আঁচনিৰ কাম । মণিপুৰত স্থাপন কৰা হৈছে এই অভিলাসী আঁচনিৰ আধাৰশিলা । এই আঁচনিৰ অধীনত ভাৰতৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে (Nitin Gadkari) সোমবাৰে ৪,১৪৮ কোটি টকা বিনিয়োগেৰে মুঠ ২৯৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১৬ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ (National Highway Project) আধাৰশিলা স্থাপন কৰে ।

মণিপুৰবাসীৰ দীৰ্ঘদিনীয়া এক সপোন পূৰণ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ । এই আঁচনিৰ জৰিয়তে ৰাজ্যখনক দেশৰ বাকী অংশ আৰু চুবুৰীয়া দেশসমূহৰ সৈতে যিকোনো বতৰত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ চেষ্টা কৰিছে চৰকাৰে । এই ঘাইপথ প্ৰকল্পসমূহে অঞ্চলটোৰ কৃষি, ঔদ্যোগিক আৰু আৰ্থ-সামাজিক দিশত উন্নয়ন সাধন কৰাৰ লগতে দূৰৱৰ্তী অঞ্চলসমূহলৈ স্বাস্থ্য সেৱা আৰু জৰুৰীকালীন সেৱাৰ সুযোগ লাভ কৰা আৰু নিযুক্তি আৰু স্ব-নিৰ্ভশীলৰ ক্ষেত্ৰত সমৰ্থন কৰিব বুলি আশা কৰা হৈছে ।

ইম্ফলত প্ৰকল্পসমূহ উদ্বোধন কৰাৰ সময়ত গাডকাৰীয়ে কয় যে, ৰাজ্যখনৰ বাবে প্ৰায় ৫০০০ কোটি টকাৰ প্ৰকল্প অনুমোদিত হৈছে আৰু বিতং প্ৰকল্প প্ৰতিবেদন (DPR) ছয় মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব লগতে ইয়াৰ কাম এবছৰৰ ভিতৰত আৰম্ভ হ'ব ।

তেওঁ লগতে কয় যে, ভাৰতমালাৰ দ্বিতীয় পৰ্যায়ৰ (Bharatmala phase 2) অধীনত ৰাজ্যখনৰ ঘাইপথৰ সম্প্ৰসাৰণ কৰা হ'ব । নীতিন গাডকাৰীৰ মতে প্ৰধানমন্ত্ৰী মোডীয়ে (Prime minister Modi) উত্তৰ-পূবৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিছে । পথৰ আন্তঃগাঁথনিৰ উন্নয়নে মণিপুৰৰ উন্নয়নত অৰিহণা যোগাব আৰু ইয়াক সামাজিক আৰু অৰ্থনৈতিকভাৱে শক্তিশালী কৰি তুলিব বুলিও আশাবাদী কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ।

মন্ত্ৰীগৰাকীৰ মতে উদ্যোগৰ বিকাশ, নিযুক্তি সৃষ্টি আৰু দৰিদ্ৰতা নিৰ্মূলৰ বাবে পানী, বিদ্যুৎ, পৰিবহন আৰু যোগাযোগ হৈছে চাৰিটা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় । মণিপুৰ এখন অতি সুন্দৰ ৰাজ্য আৰু পৰ্যটনৰ ক্ষেত্ৰত ইয়াৰ ব্যাপক সম্ভাৱনা থকাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । ইফালে বিভিন্ন সমস্যা সমাধান আৰু প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ বাবে সকলোৰে সহায় সহযোগিতাও কামনা কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ।

লগতে পঢ়ক :বিপদজনক হ'ব পাৰে দুটা কোম্পানীৰ ভেকচিন গ্ৰহণ: WHO

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.