ETV Bharat / bharat

কংগ্ৰেছৰ ভিতৰচ'ৰাত অসন্তুষ্টি, জি-২৩ নেতাসকলৰ গুৰুত্বপূৰ্ণ বৈঠক - দেশৰ ৫ খন ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয় হৈছে কংগ্ৰেছৰ

বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ শেহতীয়া পৰাজয়ৰ পাছতে দলৰ ভিতৰচ'ৰাত দেখা গৈছে অসন্তুষ্টি । ইয়াৰ মাজতে বুধবাৰে G-23 নেতাসকল বৈঠকত মিলিত হয় (Congress G23 leaders meeting)। নেতাসকলে সামূহিক নেতৃত্বৰ আৰ্হি গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়ে ।

Congress
জি ২৩ নেতাসকলৰ গুৰুত্বপূৰ্ণ বৈঠক
author img

By

Published : Mar 17, 2022, 3:30 PM IST

নেশ্যনেল ডেস্ক,১৭ মাৰ্চ : শেহতীয়াকৈ দেশৰ ৫ খন ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয় হৈছে কংগ্ৰেছৰ (Congress defeats assembly elections in 5 states)। ইয়াৰ পাছতে কংগ্ৰেছৰ দুৰ্বল নেতৃত্বক লৈ দেশজুৰি চৰ্চা চলিছে । বিভিন্ন ধৰণৰ বিতৰ্ক চলি থকাৰ মাজতে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ বিৰোধী দলৰ প্ৰাক্তন নেতা গুলাম নবী আজাদৰ বাসভৱনত বিধানসভা নিৰ্বাচনত দলটোৰ বিপৰ্যয়ৰ বিষয়ে আলোচনা কৰিবলৈ G-23 নেতাসকলৰ এক বৈঠক অনুষ্ঠিত হয় (Congress G23 leaders meeting)।

লক্ষণীয়ভাৱে 'জি-২৩' নেতাসকলৰ উপৰিও এই বৈঠকত উপস্থিত থাকে একাংশ বিৰোধী নেতা । তেওঁলোকৰ ভিতৰত আছিল মণিশংকৰ আয়াৰ আৰু প্ৰনীত কৌৰ । প্ৰায় ৪ ঘণ্টা ধৰি চলা এই বৈঠকখন সম্পৰ্কে কিন্তু কোনো নেতাই সংবাদ মাধ্যমৰ সন্মুখত মুখ খোলা নাই । অৱশ্যে বিৰোধী কংগ্ৰেছে এক বিবৃতি প্ৰকাশ কৰে য'ত কোৱা হৈছে যে আগন্তুক ২০২৪ চনৰ সাধাৰণ নিৰ্বাচন সন্দৰ্ভত সামূহিক নেতৃত্বৰ পৰামৰ্শ লোৱাৰ উদ্দেশ্যে এই বৈঠক অনুষ্ঠিত হৈছে ।

বিবৃতিটোত উল্লেখ কৰা মতে বিগত নিৰ্বাচনৰ ফলাফল সম্পৰ্কে আলোচন কৰা হৈছে । লগতে আগবাঢ়ি যোৱাৰ একমাত্ৰ উপায় হিচাপে কংগ্ৰেছে সকলো স্তৰতে সামূহিক আৰু সামগ্ৰিক নেতৃত্ব আৰু সিদ্ধান্ত গ্ৰহণত জোৰ দিব (G23 leaders suggest adopting model of collective leadership)।

বিবৃতিত কোৱা হৈছে যে বিজেপিক বিৰোধিতা কৰিবলৈ কংগ্ৰেছ দলক অধিক শক্তিশালী কৰাটো প্ৰয়োজন । সেয়ে নেতাসকলে ২০২৪ চনৰ বাবে এক বিশ্বাসযোগ্য বিকল্পৰ পথ প্ৰশস্ত কৰিবলৈ এখন মঞ্চ তৈয়াৰ কৰিবলৈ দাবী জনাইছে । ইফালে পৰৱৰ্তী পদক্ষেপবোৰ শীঘ্ৰেই ঘোষণা কৰা হ'ব বুলিও বিবৃতিত কোৱা হৈছে ।

বিবৃতিত স্বাক্ষৰ কৰা নেতাসকল হৈছে গুলাম নবী আজাদ, কপিল চিব্বাল, মনীষ তিৱাৰী, অখিলেশ প্ৰসাদ সিং, শশী থাৰুৰ, এম.এ. খান, সন্দীপ দীক্ষিত, বিবেক তানখা, আনন্দ শৰ্মা, পৃথ্বীৰাজ চৱন, ভূপিন্দৰ সিং হুডা, ৰাজ বব্বৰ, মণিশংকৰ আয়াৰ, পি জে কুৰিয়ান, ৰাজদীপ কৌৰ, কুলদীপ কৌৰ, কুলদীপ শৰ্মা ।

লগতে পঢ়ক :নেতৃত্ব সলনি নহয় : ছোনিয়া গান্ধীয়েই হৈ থাকিব কংগ্ৰেছ সভানেত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.