নেশ্যনেল ডেস্ক, ২১ জুলাই : কেইবামাহো ধৰি ইন্ধনৰ মূল্যবৃদ্ধি(Fuel price)য়ে জুৰুলা কৰাৰ পাছত এতিয়া গ্ৰাহকে কিছু সকাহ পোৱাৰ সম্ভাৱনা প্ৰকট হৈছে । ভাৰতীয় তেল বিপণন কোম্পানীবোৰে ইন্ধনৰ নতুন মূল্য নিৰ্ধাৰণৰ বাবে মূল্যাংকন আৰম্ভ কৰিছে । যোৱা মাহৰ শেষৰফালে আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেল ইন্ধনৰ মূল্য ৭৭ ডলাৰলৈ বৃদ্ধি পাইছিল । কিন্তু বিগত ১৫ দিনত এই মূল্য ১০ শতাংশ হ্ৰাস হৈ ৬৮.৮৫ ডলাৰ হৈছেগৈ ।
যদি প্ৰতি বেৰেল ইন্ধনৰ মূল্য ৭০ ডলাৰতকৈ কম হৈ থাকে, তেন্তে অনাগত দিনবোৰত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে । ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় তেল বজাৰত মূল্য হ্ৰাস হোৱাৰ প্ৰভাৱ ভাৰতৰ ইন্ধনৰ মূল্যৰ ক্ষেত্ৰতো দেখা গৈছে । বুধবাৰে ভাৰতীয় তেল বিপণন কোম্পানীয়ে পেট্ৰ'ল আৰু ডিজেলৰ খুচুৰা মূল্য অপৰিৱৰ্তিত ৰাখে । একেৰাহে চতুৰ্থ দিনৰ বাবে ইন্ধনৰ মূল্য বৃদ্ধি হোৱা নাই ।
বুধবাৰে প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য হৈছে ১০১.৮৪ টকা আৰু প্ৰতি লিটাৰ ডিজেল বিক্ৰী হৈচে ৮৯.৮৭ টকাত । ইন্ধনৰ মূল্য দেওবাৰৰ পৰাই একে হৈ আছে । শেষবাৰৰ বাবে শনিবাৰে ইন্ধনৰ মূল্য বৃদ্ধি হৈছিল ।
প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৩০ পইচা বৃদ্ধি পাইছিল আৰু ডিজেলৰ মূল্য অপৰিৱৰ্তিত হৈ আছিল । মুম্বাইত ২৯ মে'ত পেট্ৰ'লৰ মূল্যই প্ৰথমবাৰৰ বাবে ১০০ টকাৰ সীমা অতিক্ৰম কৰিছিল । উক্ত দিনটোত ইন্ধনৰ মূল্য প্ৰতি লিটাৰত ১০৭.৮৩ টকা হৈছিলগৈ । মুম্বাইত ডিজেলৰ মূল্য ৯৭.৪৫ টকা হৈছিল ।
মহানগৰসমূহৰ ভিতৰতে এয়া হৈছে ইন্ধনৰ সৰ্বাধিক মূল্য । প্ৰায়বোৰ মহানগৰীতে প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্যই এতিয়া ১০০ টকা অতিক্ৰম কৰিছে । কিন্তু এই মহানগৰীসমূহতো যোৱা চাৰিদিন ধৰি ইন্ধনৰ মূল্য পৰিৱৰ্তন হোৱা নাই । দৈনিক মূল্য সংশোধনৰ অধীনত তেল বিপণন কোম্পানীয়ে প্ৰতি নিশা পেট্ৰ'ল আৰু ডিজেলৰ মূল্য সংশোধন কৰে ।
OPEC(Organization of petroleum exporting countries) আৰু সহযোগী দেশসমূহে দেওবাৰে পাঁচখন দেশৰ ওপৰত আৰোপ কৰা উৎপাদন সীমা বৃদ্ধি কৰিবলৈ সন্মত হয় । ইয়াৰ পাছতে চৌদি আৰৱে আগতে নিজৰ উৎপাদন বৃদ্ধিক লৈ সৃষ্টি কৰা বিবাদৰ অন্ত পৰে । এই নতুন উৎপাদন সীমা অনুসৰি আৰৱে ২০২২ চনৰ মে' মাহৰ আৰম্ভণি পৰ্যন্ত ৩.৫ নিযুত বেৰেল খাৰুৱা তেল উৎপাদন কৰিবলৈ সক্ষম হ'ব । ৰাছিয়াৰ দৰে চৌদি আৰৱৰো দৈনিক ১১ নিযুত বেৰেলৰ সীমা ১১.৫ নিযুতলৈ বৃদ্ধি কৰা হ'ব ।
ইৰাক আৰু কুৱেইটতো সামান্য পৰিমাণে উৎপাদন সীমা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে । ভাৰতে আমদানিৰ জৰিয়তে খাৰুৱা তেলৰ প্ৰয়োজনীয়তাৰ প্ৰায় ৮০ শতাংশ পূৰণ কৰে । তেনেস্থলত OPECৰ দেশসমূহে যোগান বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তই আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰা ভাৰতৰ দৰে দেশৰ গ্ৰাহকসকলক সহায় কৰিব ।
OPECৰ সদস্য ৰাষ্ট্ৰসমূহৰ ভিতৰত আছে আলজেৰিয়া, এংগোলা, কংগো, ইকুৱেটৰিয়েল গিনিয়া, গেবন, ইৰাণ, ইৰাক, কুৱেইট, লিবিয়া, নাইজেৰিয়া, চৌদি আৰৱ আৰু ভেনিজুৱেলা । তথাকথিত OPEC+ সদস্যসকলৰ ভিতৰত আছে আজাৰবাইজান, বাহৰেইন, ব্ৰুণেই, কাজাখস্তান, মালয়েছিয়া, মেক্সিকো, ওমান, ৰাছিয়া, চুডান আৰু দক্ষিণ চুডান ।
লগতে পঢ়ক: ভাৰতক মিগ-২৯ যুঁজাৰু বিমান হস্তান্তৰৰ যো-জা চলাইছে ৰাছিয়াই