ETV Bharat / bharat

পশ্চিমবংগত উদযাপন হ'ব 'খেলা হবে দিৱস' - বাজেট অধিৱেশন

পশ্চিমবংগত খেলা হবে দিৱস পালন কৰা হ'ব । সেই দিনটোত ৰাজ্যখনৰ ক্লাৱসমূহৰ মাজত ৫০,০০০ ফুটবল বিতৰণ কৰা হ'ব ।

Khela Hobe Day
পশ্চিমবংগত উদযাপন হ'ব খেলা হবে দিৱস
author img

By

Published : Jul 6, 2021, 10:09 PM IST

নেশ্যনেল ডেস্ক, ৬ জুলাই : পশ্চিমবংগৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে এটা বিশেষ শ্ল’গানে চৰ্চা লাভ কৰিছিল সমগ্ৰ দেশত । সেইটো হৈছে 'খেলা হবে'(Khela Hobe) । কেৱল পশ্চিমবংগতে নহয় সমগ্ৰ দেশতে এই শ্ল’গানে বিশেষ চৰ্চা লাভ কৰিছিল । সেই সময়ত বহুতৰে মুখে মুখে কেৱল এই শ্ল’গান শুনিবলৈ পোৱা গৈছিল ।

আঘাতপ্ৰাপ্ত মমতা বেনাৰ্জীয়ে (Mamata Banerjee) হুইল শ্বেয়াৰ বহি হাতত ফুটবল লৈ এই শ্ল’গান দিছিল । তাৰ পিছত এক প্ৰকাৰ বিধানসভা নিৰ্বাচনত (Assembly election) মমতা নেতৃত্বৰ তৃণমূল কংগ্ৰেছে ২০০ৰো অধিক আসন লাভ কৰি বিজেপিক (BJP) ধৰাশায়ী কৰিছিল । বহুতে আনকি স্বীকাৰ কৰিছিল যে খেলা হবে শ্ল’গানৰ বাবেই কেন্দ্ৰত থকা বিজেপিয়ে পশ্চিমবংগত মুখ থেকেচা খাবলগীয়া হৈছিল ।

এইবাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী (Chief minister of west Bengal) মমতা বেনাৰ্জীৰ বিশেষ ঘোষণা । তেওঁৰ শ্ল’গানকলৈ ৰাজ্যখনত পালন কৰা হ'ব এটা বিশেষ দিৱস । সেইটো হৈছে খেলা হবে দিৱস (Khela Hobe Divas) ।

চলিত বাজেট অধিৱেশনৰ (Budget session) ৰাজ্যপালৰ উদ্বোধনী ভাষণ সন্দৰ্ভত আলোচনাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে, ৰাজ্যখনত খেলা হবে দিৱস পালন কৰা হ'ব আৰু অতি শীঘ্ৰে পশ্চিমবংগ চৰকাৰে এই দিৱস উদযাপনৰ বাবে এটা দিন নিৰ্ধাৰণ কৰিব । ফুটবল খেলক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে পালন কৰা হ'ব এই দিৱস । লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰি কয় যে ৰাজ্যখনৰ ক্লাবসমূহৰ মাজত ৫০,০০০ ফুটবল বিতৰণ কৰা হ'ব ।

ৰাজ্যিক যুৱ পৰিক্ৰমাৰ (state youth affairs) বিষয়াসকলে ফুটবল বিতৰণৰ বাবে ক্লাবসমূহ বাছনি কৰিব । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে খেলা হবেৰ শ্ল'গানেই আক্ষৰিক ভাৱে বিজেপিক ধ্বংস কৰিছিল আৰু জনসাধাৰণৰ মাজত প্ৰতিধ্বনিত হৈছিল । তেওঁ লগতে কয় যে খেলা হোবে পশ্চিমবংগতে থাকিব ।

পশ্চিমবংগ বিধানসভাৰ অষ্টম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত তৃণমূল কংগ্ৰেছে (Trinamool Congress) কেইবাটাও গান আৰু পেৰোডি গীত উলিয়াইছিল য'ত প্ৰতিটোতে খেলা হোবে শ্ল’গানক গুৰুত্ব দিয়া হৈছিল ।

লগতে পঢ়ক :বিহাৰৰ কংগ্ৰেছ বিধায়কক দিল্লীলৈ তলব হাইকামাণ্ডৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.