ETV Bharat / bharat

তামিলনাডুত তৃতীয় লিংগৰ বাবে বিনামূলীয়া হ’ব চৰকাৰী বাছসেৱা - তামিলনাডু চৰকাৰ

তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ কেইঘন্টামানৰ পিছতে ষ্টেলিনে ৰাজ্যিক বাছসমূহত মহিলাৰ যাত্ৰা বিনামূলীয়া কৰি দিয়ে ৷ ইয়াৰ বাবে চৰকাৰে প্ৰায় 1,200 কোটি টকাৰ ধনৰাশি আৱন্টন কৰিছে ৷

as_ntl_free-travel-for-transgenders-in-tn-govt-run-buses-likely_img
তামিলনাডুত তৃতীয় লিংগৰ বাবে বিনামূলীয়া হ’ব চৰকাৰী বাছসেৱা
author img

By

Published : May 8, 2021, 8:40 PM IST

নেশ্যনেল ডেস্ক, 8 মে’: তামিলনাডুত তৃতীয় লিংগৰ বাবে বিনামূলীয়া কৰা হ’ল বাছসেৱা ৷ শনিবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ঘোষণা কৰে এই কথা ৷ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ কেইঘন্টামানৰ পিছতে ষ্টেলিনে ৰাজ্যিক বাছসমূহত মহিলাৰ যাত্ৰা বিনামূলীয়া কৰি দিয়ে ৷ ইয়াৰ বাবে চৰকাৰে প্ৰায় 1,200 কোটি টকাৰ ধনৰাশি আৱন্টন কৰিছে ৷ ইয়াৰ পিছতে কেইবাটাও দলে চৰকাৰক তৃতীয় লিংগৰ বাবেও বিনামূলীয়া বাছসেৱা প্ৰদানৰ দাবী উত্থাপন কৰিছিল ৷

as_ntl_free-travel-for-transgenders-in-tn-govt-run-buses-likely_img
তামিলনাডুত তৃতীয় লিংগৰ বাবে বিনামূলীয়া হ’ব চৰকাৰী বাছসেৱা

ষ্টেলিনক বিনামূলীয়া বাছসেৱাৰ বাবে অনুৰোধ জনাই এগৰাকী সাংবাদিকে তেওঁক এটি টুইটত টেগ কৰিছিল ৷ ইয়াৰ প্ৰত্যুত্তৰত নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, " মহিলাসকল কল্যাণ আৰু অধিকাৰৰ সংযোজনৰ ক্ষেত্ৰত তৃতীয় লিংগৰ বাবে ডিএমকে চৰকাৰে পূৰ্বৰে পৰা চিন্তা চৰ্চা কৰি আহিছে ৷" অতিশীঘ্ৰে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক-অতিশীঘ্ৰে একেখন পতাকাৰ তললৈ আহিব আই এন পি টি আৰু টিপ্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.