ETV Bharat / bharat

পাকিস্তানী সৈন্যৰ ওপৰত Baloch Liberation army ৰ আক্ৰমণ

author img

By

Published : Sep 26, 2021, 1:18 PM IST

Baloch Liberation army ৰ আক্ৰমণত নিহত পাকিস্তানৰ ফ্ৰণ্টিয়াৰ কৰ্প(Pakistan's Frontier Corps)ৰ চাৰিজনকৈ জোৱান ৷ সেনাৰ বাহনক লক্ষ্য কৰি সংঘটিত বোমা বিস্ফোৰণত চাৰিজনকৈ জোৱান নিহত হোৱাৰ বিপৰীতে দুজন সৈনিক আঘাতপ্ৰাপ্ত হৈছে ৷

four pak frontier corps killed in balochistan bomb blast
পাকিস্তানী সৈন্যৰ ওপৰত Baloch Liberation armyৰ আক্ৰমণ

নেশ্যনেল ডেস্ক, 26 ছেপ্টেম্বৰ : পাকিস্তানত নিষিদ্ধ ঘোষিত Baloch Liberation armyৰ আক্ৰমণত পাকিস্তানৰ ফ্ৰণ্টিয়াৰ কৰ্প(Pakistan's Frontier Corps)ৰ চাৰিজনকৈ জোৱান নিহত হোৱাৰ বিপৰীতে দুজন সৈনিক আঘাতপ্ৰাপ্ত হৈছে ৷ বেলুচিস্তান প্ৰদেশ(Balochistan province)ৰ হাৰনাই জিলা(Harnai district) অভিমুখী সেনাৰ বাহনখনক লক্ষ্য কৰি সংঘটিত বোমা বিস্ফোৰণত জোৱান কেইজন নিহত হয় ৷

প্ৰাপ্ত খবৰ অনুসৰি, পাকিস্তানত নিষিদ্ধ ঘোষিত Baloch Liberation armyয়ে শনিবাৰে সংঘটিত এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে ৷ সফৰ বাচ অঞ্চলত কৰ্তব্যৰত অৱস্থাত থকাৰ সময়তে Frontier Corpsৰ সেনাকেইজনক আইইডি( Improvised Explosive Device)ৰে আক্ৰমণ কৰা হৈছিল ৷

এই আক্ৰমণৰ ঘটনাত নিহত বিষয়াকেইজন ক্ৰমে হুছেইন ৰেহমত(Hussain Rehmat), মহম্মাদ চেলিম (Muhammad Saleem), মজিদ ফৰিদ(Majid Fareed) আৰু জাকিৰ(Zakir) বুলি চিনাক্ত কৰা হৈছে ৷ আঘাতপ্ৰাপ্ত সেনা দুগৰাকী হ'ল ক্ৰমে কেপ্টেইন ওৱাইছ(captain Owais) আৰু লেফটেনেণ্ট লুকমান(Lieutenant Luqman) ৷

উল্লেখ্য যে, শুকুৰবাৰেও বেলুচিস্তানৰ আৱাৰান জিলা(Awaran district in Balochistan)ত সংঘটিত এক আক্ৰমণত দুজন সুৰক্ষা কৰ্মী নিহত হোৱাৰ লগতে আন পাঁচগৰাকী আহত হয় ৷

লগতে পঢ়ক : উত্তৰ কাশ্মীৰৰ বন্দীপোৰাত এনকাউণ্টাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.