নেশ্যনেল ডেস্ক,১৪ অক্টোবৰ : ৰাজস্থানৰ সুহাগপুৰত শোকাৱহ পথ দুৰ্ঘটনা । যাত্ৰীবাহী বাছ আৰু ট্ৰলীৰ মুখামুখি সংঘৰ্ষত ৪ গৰাকী লোকৰ মৃত্যু । দুৰ্ঘটনাটোত প্ৰায় ১৮ গৰাকী লোক আহত হয় । শনিবাৰে পুৱা প্ৰায় ৫ মান বজাত জিলাখনৰ সুহাগপুৰ পঞ্চায়ত সমিতি অঞ্চলৰ কাচোটিয়া গাঁৱৰ সমীপত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰতাপগড় জিলাৰ সুহাগপুৰা পঞ্চায়ত সমিতি অঞ্চলৰ লামবাদাব্ৰা আৰু কাটাৰো কা খেড়া গাঁৱৰ ৪১ জনীয়া এটা দল নিহত হয়। দুৰ্ঘটনাটোত চাৰিজন লোক নিহত আৰু ১৮ জন আহত হৈছিল ।
পুৱা প্ৰায় ৫ বজাত প্ৰতাপগড় জিলাৰ সুহাগপুৰৰ কাচোটিয়া গাঁৱৰ সমীপত দুৰ্ঘটনাটো সংঘটিত হয় । জানিব পৰা মতে লাম্বা দাব্ৰা আৰু কাটাৰো কা খেড়া গাঁৱৰ পৰা ৪১ জন যাত্ৰী বাছখনত যাত্ৰা কৰি আছিল । বাছখনৰ এখন ট্ৰলীৰ সৈতে সংঘৰ্ষ হয় । য'ত ৪ গৰাকী যাত্ৰী নিহত হয় । দুৰ্ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ পাছতে উপায়ুক্ত ড০ ইন্দ্ৰজিৎ যাদৱ আৰু আৰক্ষী অধীক্ষক পি অমিত কুমাৰে জিলা চিকিৎসালয়ত উপস্থিত হয় আৰু আহতসকলৰ অৱস্থাৰ বুজ লয় ।
কাচোটিয়া গাঁৱৰ চৰপঞ্চ জীৱন লালে কোৱা মতে পুৱা প্ৰায় ৪.৩০ বজাত তেওঁ তেওঁৰ গাঁৱৰ ৪১ গৰাকী লোকৰ সৈতে শনি অমাৱস্যা উপলক্ষে সাৱালিয়া জী আৰু শনি মহাৰাজৰ দৰ্শনৰ বাবে গৈ আছিল । যাত্ৰাৰ সময়ক ট্ৰলী আৰু বাছখনৰ সংঘৰ্ষ হয় । তেওঁ জনোৱা মতে আহতসকলক এম্বুলেন্সৰ জৰিয়তে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
দুৰ্ঘটনাটোৰ পাছতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে । ইফালে চিকিৎসালয়ত আহতসকলৰ স্বাস্থ্যৰ বুজ ল'বলৈ গাঁৱৰ পৰা অহা বহু লোকে ভিৰ কৰিছে । নিৰাপত্তাজনিত কাৰণত হাস্পতালৰ বাহিৰত যথেষ্ট সংখ্যক আৰক্ষী বাহিনীও মোতায়েন কৰা হৈছে ।
লগতে পঢ়ক :Operation Ajay : ইজৰাইলৰ পৰা আহিল ভাৰতীয় নাগৰিকৰ দ্বিতীয়টো দল