নেশ্যনেল ডেস্ক, ১৬ অক্টোবৰ : চট্টিশগড়ৰ ৰায়পুৰ ৰে'ল ষ্টেচনত অঘটন । ৰে'ল ষ্টেচনত হোৱা এক বিস্ফোৰণত গুৰুতৰভাৱে আহত ৪ গৰাকী কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (CRPF) জোৱান । ডিটোনেটৰ স্থানান্তৰৰ সময়তে সংঘটিত হয় এই বিস্ফোৰণ । চিআৰপিএফৰ এক সূত্ৰৰ মতে, শনিবাৰে পুৱা ৬.৩০ বজাত চিআৰপিএফৰ ১২২ বেটেলিয়নৰ জোৱান জম্মুলৈ ৰে'লত উঠিবলৈ লোৱাৰ সময়তে এই ঘটনা সংঘটিত হয় ।
প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি এটা ইগনাইটাৰ ছেট থকা বাকচ বিশেষ ৰেলখনৰ মজিয়াত পৰাৰ পাছতে বিস্ফোৰণটো সংঘটিত হৈছিল । এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে আঘাতপ্ৰাপ্ত জোৱানসকলক চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । এই দুৰ্ঘটনাত হেড কনিষ্টবল বিকাশ চৌহান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে কিয়নো তেওঁ বাকচটো ধৰি আছিল ।
বাকী তিনিগৰাকী জোৱান সামান্য আঘাতপ্ৰাপ্ত হৈছে আৰু প্ৰাথমিক চিকিৎসাৰ পাছত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে । ইফালে CRPF আৰু স্থানীয় আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকল ৰে'ল ষ্টেচনত উপস্থিত হৈছে আৰু ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে ।
লগতে পঢ়ক : ওড়িশাত মাওবাদী বিৰোধী বৃহৎ অভিযান