ETV Bharat / bharat

মহাৰাষ্ট্ৰত গণ প্ৰহাৰত আহত আৰক্ষী

author img

By

Published : Mar 30, 2021, 1:17 PM IST

সোমবাৰে মহাৰাষ্ট্ৰত শিখ ধৰ্মাৱলম্বী একাংশ লোকে কৰা আক্ৰমণত আহত হয় ৪ জন কনিষ্টবল । নন্দেডৰ হুজুৰ চাহিব গুৰুদ্বাৰৰ সমীপত 'হলা মহাল্লা' উদযাপন কৰাৰ সময়তে এই ঘটনা সংঘটিত হয় । উত্তেজিত লোকে ক্ষতিসাধন কৰিলে কেইবাখনো বাহনৰ ।

মহাৰাষ্ট্ৰত শিখ ধৰ্মাৱলম্বী লোকৰ আক্ৰমণত আহত ৪ জন আৰক্ষী

নেশ্যনেল ডেস্ক,৩০ মাৰ্চ: মহাৰাষ্ট্ৰত শিখ ধৰ্মাৱলম্বী লোকৰে হোৱা সংঘৰ্ষত আহত ৪ জন কনিষ্টবল । সোমবাৰে নন্দেডৰ হুজুৰ চাহিব গুৰুদ্বাৰৰ সমীপত 'হলা মহাল্লা' উদযাপন কৰাৰ সময়তে আৰক্ষীক আক্ৰমণ কৰে একাংশ উত্তেজিত লোকে । নান্দেদৰ আৰক্ষী অধীক্ষক প্ৰমোদ কুমাৰ শেৱালেই সংবাদ মাধ্যমক জনোৱা মতে, নন্দেডত শোভাযাত্ৰা উলিওৱাত শিখ ধৰ্মাৱলম্বী লোকসকলক অনুমতি দিয়া হোৱা নাছিল ।

কিয়নো, অত্যাধিক ভিৰে COVID-১৯ মহামাৰীৰ সংক্ৰমণ বৃদ্ধি কৰাৰ আশংকা কৰিছিল প্ৰশাসনে । ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ত দেখা গৈছে যে, তৰোৱালধাৰী একাংশ লোক গুৰুদ্বাৰৰ পৰা ওলাই গৈ বেৰিকেড ভাঙি আৰক্ষীক আক্ৰমণ কৰিছে । উত্তেজিত লোকে কেইবাখনো বাহনৰো ক্ষতিসাধন কৰে ।

আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে কয় যে, ৰাজহুৱা শোভাযাত্ৰাৰ বাবে অনুমতি নিদিয়াৰ কথা গুৰুদ্বাৰ সমিতিক অৱগত কৰা হৈছিল । গুৰুদ্বাৰ সমিতিয়ে আশ্বাস দিছিল যে, তেওঁলোকে আৰক্ষীৰ নিৰ্দেশনা পালন কৰিব আৰু গুৰুদ্বাৰ চৌহদৰ ভিতৰত অনুষ্ঠান আয়োজন কৰিব । তেওঁ লগতে কয় যে, আবেলি প্ৰায় ৪ বজাত "নিশান চাহিব"ক গেটলৈ অনা সময়ত কেইবাজনো লোকে আৰক্ষীৰ সৈতে তৰ্ক কৰিবলৈ আৰম্ভ কৰে ।

প্ৰায় ৩০০ ৰো অধিক যুৱকে বেৰিকেড ভঙাৰ লগতে আৰক্ষীক আক্ৰমণ কৰে । এই ঘটনাত চাৰিগৰাকী কনিষ্টবল আহত হয় আৰু ইয়াৰে এজনৰ অৱস্থা সংকটজনক । আৰক্ষীৰ ৬ খন বাহনো ক্ষতিগ্ৰস্ত হয় এই হিংসাত্মক ঘটনাত ।

উল্লেখ্য যে, "নিশান চাহিব" হৈছে গুৰুদ্বাৰৰ বাহিৰত গেৰুৱা ৰঙৰ কাপোৰেৰে আৱৰা ষ্টীলৰ খুঁটাত সংলগ্ন হৈ থকা তিনিকোণীয়া গেৰুৱা ৰঙৰ পতাকা । 'হলা মহাল্লা' হৈছে শিখ ধৰ্মাৱলম্বী লোকৰ এক উৎসৱ ।

একে সময়তে সমগ্ৰ দেশত আন লোকসকলে আবিৰ সানি ফাকুৱা উদযাপন কৰে আৰু শিখ ধৰ্মাৱলম্বী লোকসকলে সমৰ কলা প্ৰদৰ্শন কৰাৰ উদ্দেশ্যেৰে 'হলা মহাল্লা' উদয়াপন কৰে । নান্দেদ হৈছে শিখসকলৰ তীৰ্থস্থান । এয়া তখ্ত ছখন্দ শ্ৰী হাজুৰ আবচল নগৰ চাহিবৰ বাসস্থান ।

লগতে পঢ়ক: ঢাকা মছজিদ আক্ৰমণ: 600 গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.