ETV Bharat / bharat

গাজীপুৰ সীমান্তত অব্য়াহত আছে তীব্ৰ উত্তেজনা

author img

By

Published : Feb 4, 2021, 1:23 PM IST

কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সমগ্ৰ গাজীপুৰ প্ৰতিবাদস্থলীত । প্ৰতিবাদকাৰী কৃষকৰ ওচৰত থিয় দিছে বহু বিৰোধী দলৰ নেতা । ৬ ফেব্ৰুৱাৰীৰ চকা বন্ধৰ বাবে প্ৰস্তুতি অব্য়াহত আছে কৃষকসকলৰ মাজত ।

গাজীপুৰ সীমান্তত অব্য়াহত আছে তীব্ৰ উত্তেজনা
গাজীপুৰ সীমান্তত অব্য়াহত আছে তীব্ৰ উত্তেজনা

নিউজ ডেস্ক, ৪ফেব্ৰুৱাৰী: পুনৰ উত্তেজনা দিল্লী-উত্তৰ প্ৰদেশ সীমান্তৰ গাজীপুৰত । কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সমগ্ৰ অঞ্চলত। অত্য়াধিক সুৰক্ষা কৰ্মী নিয়োগ কৰাৰ লগতে বেৰিকেড আৰু বেছি শক্তিশালী কৰা হৈছে । কেৱল এয়াই নহয় আৰক্ষীয়ে বেৰিকেডৰ লগতে লোৰ দীঘল নখ সদৃশ কিছুমান সজুলি ৰাজপথত স্থাপন কৰিছে । দিল্লীৰ আৰক্ষী আয়ুক্ত এছ এন শ্ৰীবাস্তৱে কোৱা মতে যাতে কৃষকসকলে বেৰিকেড ভাঙি যাব নোৱাৰে তাৰ বাবেহে বেৰিকেড শক্তিশালী কৰাৰ বাবে এই ব্য়ৱস্থা গ্ৰহণ কৰিছে ।

যোৱা ছেপ্তেম্বৰ মাহৰ পৰাই সেই স্থানত হাজাৰ হাজাৰ কৃষক প্ৰতিবাদকাৰীয়ে অৱস্থান কৰি আছে । ইফালে পঞ্চম দিনৰ বাবেও ইন্টাৰনেট সেৱা বন্ধ ৰখা হৈছে দিল্লী গাজিপুৰ অঞ্চলত । অৱশ্য়ে গাজিয়াবাদৰ আৰক্ষী অধীক্ষক জ্ঞানেন্দ্ৰ সিঙে জনোৱা মতে অনলাইন সেৱা সংযোগ কৰা হৈছে যদিও যথেষ্ট ভিৰৰ বাবে সেৱাৰ গতি কিছু লেহেমীয়া হৈ আছে । কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এজন বিষয়াই বুধবাৰে কোৱা মতে এতিয়ালৈকে এই স্থানবোৰত ইণ্টাৰনেট নিলম্বন আৰু বৃদ্ধি কৰা হোৱা নাই ।

সমান্তৰালকৈ ভাৰতীয় কৃষক সংঘৰ প্ৰেছ উপদেষ্টা ধৰ্মেন্দ্ৰ মালিকে জনোৱা মতে বহু সংখ্য়ক কৃষকে ইতিমধ্য়ে নিজৰ নিজৰ ঠাইলৈ ৰাওনা হৈছে ৬ ফেব্ৰুৱাৰীৰ চকা বন্ধ কাৰ্যসূচী সফল কৰিবলৈ কিন্তু একেদৰে এতিয়াও শ শ কৃষক প্ৰতিবাদকাৰী ট্ৰেক্টৰ লৈ উত্তৰ প্ৰদেশৰ পৰা গাজীপুৰ অভিমুখে ৰাওনা হৈছে । মালিকে লগতে কয় যে দিল্লী আৰক্ষীৰ বেৰিকেডিং আৰু কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ বাবে যান-বাহন চলাচলত ব্য়াঘাত জন্মিছে আনকি সাধাৰণ লোকৰ লগতে এম্বুলেঞ্চৰ সেৱাটো বাধা আহিছে । ইয়াৰ মাজতে দিল্লী আৰক্ষীয়ে গাজিপুৰ সীমান্তৰ পৰা দিল্লীলৈ সকলো পথ বন্ধ কৰিছে । কৃষকসকলে দুদিন ধৰি এম্বুলেঞ্চৰ বাবে পথ মুকলি কৰি দিবলৈও দাবী কৰি আহিছে বুলি জনাই সভাপতি মালিকে । তেওঁলোকৰ দাবী কোনেও গুৰুত্ব নিদিয়াত তেওঁলোকে নিজৰ টেন্টৰ মাজেৰে এম্বুলেঞ্চ যাব পৰাকৈ এটা পথ মুকলি কৰি দিছে ।

ধৰ্মেন্দ্ৰ মালিকে জনোৱা মতে অৱস্থান কৰি থকা কৃষক সকলৰ বুজ ল'বলৈ উত্তৰ প্ৰদেশৰ পশ্চিম প্ৰান্তৰ আমৰোহা আৰু বিজনোৰ আদি জিলাৰ পৰাও বহু লোক আহিছে লগতে তেওঁলোকৰ কাষত থিয় দিছে সমাজবাদী পাৰ্টিৰ নেতা পাৰভেজ আলী । কৃষকসকলৰ অৱস্থাৰ বিষয়ে বিভিন্নজনে মন্তব্য় কৰিছে যে চাৰিওফালে থকা বেৰিকেডৰ বাবে সেই স্থানত উপস্থিত হোৱা বহু অসুবিধাৰ সন্মুখীন হৈছিল লগতে চিন্তা ব্য়ক্ত কৰি তেওঁলোকে কয় যে উপযুক্ত খাদ্য়,খোৱাপানী,শৌচাগাৰৰ অভাৱ আদি বিভিন্ন সমস্য়াত ভুগিবলগীয়া হৈছে কৃষকসকল । ইয়াৰ মাজতে ভাৰতীয় কৃষক সংঘৰ গাজিয়াবাদ শাখাৰ সভাপতি বিজেন্দ্ৰ সিঙে কয় যে শনিবাৰৰ চকা বন্ধ কাৰ্যসূচী সফল কৰাৰ বাবে ইতিমধ্য়ে প্ৰস্তুতি অব্য়াহত ৰাখিছে ।

লগতে পঢ়ক:হিমাচলত তুষাৰপাতঃ অহা ৫ ফেব্ৰুৱাৰীৰ পৰা তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.