ETV Bharat / bharat

ICUত আছে মুলায়ম সিং যাদৱ, স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ - সমাজবাদী পাৰ্টীৰ নেতা মুলায়ম সিং যাদৱ

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ নেতা মুলায়ম সিং যাদৱৰ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ হৈছে যদিও এতিয়াও ICUতে ৰখা হৈছে নেতাগৰাকীক (Mulayam Singh Yadav Health condition) ৷ দেওবাৰে এক বিবৃতি যোগে এই কথা সদৰি কৰে দলটোৱে ।

Former UP CM Mulayam Singh Yadav in ICU
ICUত আছে মুলায়ম সিং যাদৱ, স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ
author img

By

Published : Oct 3, 2022, 10:52 AM IST

নেশ্যনেল ডেস্ক, 3 অক্টোবৰ: উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ নেতা মুলায়ম সিং যাদৱৰ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ হৈছে যদিও এতিয়াও ICU তে ৰখা হৈছে নেতাগৰাকীক (Mulayam Singh Yadav Health condition) ৷ দেওবাৰে এক বিবৃতি যোগে এই কথা সদৰি কৰে দলটোৱে ।

সমাজবাদী পাৰ্টিয়ে এক টুইটযোগে কয়, "সন্মানীয় নেতাগৰাকীক গুৰুগ্ৰামৰ মেদান্ত হাস্পতালৰ ICUত ভৰ্তি কৰোৱা হৈছে ৷ বৰ্তমান তেওঁৰ অৱস্থা কিছু সুস্থিৰ হৈছে (Mulayam Singh in Medanta Hospital)। জ্যেষ্ঠ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা চলি আছে (Mulayam Singh Yadav ICU)।"

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজবাদী পাৰ্টীৰ মুৰব্বী তথা মুলায়ম সিং যাদৱৰ পুত্ৰ অখিলেশ যাদৱৰ সৈতে বাৰ্তালাপ কৰে আৰু পিতৃ মুলায়ম সিং যাদৱৰ স্বাস্থ্যৰ বিষয়ে সোধ-পোছ কৰে (Pm Modi on Mulayam Singh Yadav health condition)। ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰে । ৰাহুল গান্ধীয়ে টুইটযোগে কয়, "মুলায়ম সিং জীৰ অসুস্থতাৰ খবৰ পাইছো । তেখেতৰ আশু আৰোগ্য কামনা কৰিলোঁ ।"

উল্লেখ্য যে, সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক হৈছে মুলায়ম সিং যাদৱ । বৰ্তমান তেওঁ মইনপুৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে । ১৯৩৯ চনৰ ২২ নৱেম্বৰত জন্মগ্ৰহণ কৰা যাদৱ উত্তৰ প্ৰদেশৰ এগৰাকী অন্যতম বিশিষ্ট নেতা ৷ তেওঁ তিনিবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু কেন্দ্ৰীয় চৰকাৰতো প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ।

তেওঁ ১০ বাৰ বিধায়ক আৰু ৭ বাৰ লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে । চলিত বৰ্ষৰ জুলাই মাহত তেওঁৰ পত্নী সাধনা গুপ্তাৰ মৃত্যু হয় । হাওঁফাওঁৰ সংক্ৰমণত গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল । সাধনা গুপ্তা আছিল মুলায়ম সিং যাদৱৰ দ্বিতীয়া পত্নী । ২০০৩ চনত তেওঁৰ প্ৰথম পত্নী মালতী দেৱীৰ মৃত্যু হয় । মালতী দেৱী আছিল অখিলেশ যাদৱৰ মাতৃ ।

লগতে পঢ়ক: ICU ত থকা অৱস্থাত ৰোগীক কামুৰিলে নিগনিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.