ETV Bharat / bharat

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ 30 তম মৃত্যু বাৰ্ষিকী

author img

By

Published : May 21, 2021, 2:24 PM IST

30 তম মৃত্যু বাৰ্ষিকীত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীলৈ শ্ৰদ্ধাঞ্জলী ৷ বীৰ ভূমি স্মাৰকত প্ৰয়াত গান্ধীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে ৷

former pm rajiv gandhis 30th death anniversary
প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ 30 তম মৃত্যু বাৰ্ষিকী

নেচনেল ডেস্ক, 21 মে': আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৩০ তম মৃত্যু বাৰ্ষিকী ৷ এই উপলক্ষে বীৰ ভূমি স্মাৰকত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ প্ৰয়াত ৰাজীৱ গান্ধীৰ এখন ছবি টুইট কৰি ৰাহুল গান্ধীয়ে ফটোখনক 'সত্য, সহানুভূতি আৰু প্ৰগতি' বুলি শিৰোনাম দিয়াৰ লগতে 'ৰিমেম্বাৰিঙ ৰাজীৱ গান্ধী' (RememberingRajivGandhi) হেচটেগ দিয়ে ৷

একে সময়তে, প্ৰিয়ংকা গান্ধী ভদ্ৰাইও তেওঁৰ দেউতাকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ পিতৃ ৰাজীৱ গান্ধীৰ এখন ফটো শ্বেয়াৰ কৰি তেওঁ এইবুলি লিখে 'প্ৰেমতকৈ ডাঙৰ কোনো শক্তি নাই, দয়াতকৈ ডাঙৰ কোনো সাহস নাই, সহানুভূতিতকৈ ডাঙৰ কোনো শক্তি নাই আৰু নম্ৰতাতকৈ ডাঙৰ কোনো গুৰু নাই।' ('there is no power greater than love, there is no courage greater than mercy, there is no power greater than compassion and there is no guru greater than humility.')

প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে বিভিন্ন ৰাজনৈতিক দলৰ ৰাজনীতিবিদসকলে ৰাজীৱ গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ উল্লেখ্য যে, 1991 চনৰ 21 মে'ত তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত এলটিটিই উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত বোমা বিস্ফোৰণত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যু হৈছিল ৷

লগতে পঢ়ক: নাৰদা গোচৰত অভিযুক্ত চাৰি নেতাক গৃহবন্দী কৰাৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.