নেশ্যনেল ডেস্ক, ৩ এপ্ৰিল: জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় সন্মিলনৰ সভাপতি ফাৰুক আব্দুল্লা কৰ'ণাত আক্ৰান্ত হয় । ইয়াৰ পাচতে শনিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক শ্ৰীনগৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । এই কথা টুইটযোগে জনায় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰ ওমৰ আব্দুল্লাই । লগতে তেওঁৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনোৱা প্ৰতিগৰাকী লোককে ধন্যবাদ জনাই কৃতজ্ঞতা জ্ঞাপন কৰে পুত্ৰ ওমৰ আব্দুল্লাই । প্ৰধানমন্ত্ৰী মোডীয়েও তেওঁৰ আশু আৰোগ্য কামনা কৰে ।
যোৱা ৩০ মাৰ্চত ৮৫ বছৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাত হোম কোৱাৰেন্টাইনত ৰখা হৈছিল । পৰৱৰ্তী সময়ত তেওঁক উন্নত চিকিৎসাৰ বাবে শনিবাৰে শ্ৰীনগৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কৰ'ণাৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰাৰ চাৰি সপ্তাহ পাচতে ফাৰুক আব্দুল্লাৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । উল্লেখ্য যে, ২ মাৰ্চত চেৰ-ই-কাশ্মীৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত কৰ'ণাৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল । ইয়াৰ পূৰ্বে, আব্দুল্লাক এখন বিবাহ অনুষ্ঠানত পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ সৈতে একেলগে উপস্থিত থকাৰ এক ভিডিঅ' ভাইৰেল হৈ পৰিছিল ।