ETV Bharat / bharat

বিহাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী মেৱালাল চৌধুৰীৰ দেহাৱসান - JANATA DAL

ক’ৰণাত আক্ৰান্ত হৈ পাৰছ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল বিধায়ক মেৱালাল চৌধুৰী ৷ সোমবাৰে পুৱা 4 বজাত শেষ নিশ্বাস ত্যাগ কৰে বিধায়কগৰাকীয়ে ৷

Former Bihar Education Minister Mewalal Chaudhry passes away
বিহাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী মেৱালাল চৌধুৰীৰ দেহাৱসান
author img

By

Published : Apr 19, 2021, 12:51 PM IST

নিউজ ডেস্ক, 19 এপ্ৰিল : বিহাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা জনতা দল (ইউনাইটেড)ৰ বিধায়ক মেৱালাল চৌধুৰীৰ সোমবাৰে পুৱা দেহাৱসান ঘটে ৷ মেৱালাল চৌধুৰী যোৱা সপ্তাহত ক’ৰণাত আক্ৰান্ত হৈছিল আৰু পাৰছ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৷ সোমবাৰে পুৱা 4 বজাত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে বিধায়কগৰাকীয়ে ৷ তেওঁ বিহাৰৰ তাৰাপুৰ বিধানসভা সমষ্টিৰ বিধায়ক আছিল আৰু দুৰ্নীতিৰ অভিযোগত ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰা হৈছিল ।

বিহাৰ চৰকাৰে দেওবাৰে নিশাৰ পৰা ৰাজ্যখনত কাৰ্ফিউ জাৰি কৰিছে । চৰকাৰে বিহাৰৰ বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানসমূহ ১৫ মে'লৈকে বন্ধ ৰখাৰ ঘোষণা কৰিছে ৷ এই সময়ছোৱাত চৰকাৰী বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহে কোনো পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব । বিহাৰত বৰ্তমান ক’ভিডৰ 39,498 টা ঘটনা সক্ৰিয় হৈ আছে আৰু বৰ্তমানলৈ 1,722 জন লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়ক : নিৰ্বাচনী প্ৰচাৰৰ মাজতে অসুস্থ হৈ পৰিল অভিনেতা মিঠুন চক্ৰবৰ্তী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.