ETV Bharat / bharat

Mamata Banerjees business trip to Spain : মমতাৰ ব্যৱসায়িক ভ্ৰমণত স্পেইনলৈ যোৱাৰ সম্ভাৱনা সৌৰভ গাংগুলীৰ

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 10:48 AM IST

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে বিদেশ ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা আছে । মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনলৈ বিদেশী বিনিয়োগ আনিবলৈ ১২ ছেপ্টেম্বৰত ডুবাইলৈ ৰাওনা হ'ব । তাৰ পৰা বংগৰ মুখ্যমন্ত্ৰীয়ে স্পেইনলৈ যাত্ৰা আৰম্ভ কৰিব ।

Mamata Banerjees business trip to Spain
Mamata Banerjees business trip to Spain

নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ : বংগ চৰকাৰৰ বিদেশ ভ্ৰমণ কাৰ্যসূচীৰ অংশ হ'বলৈ গৈ আছে সৌৰভ গাংগুলী । পশ্চিমবংগ চৰকাৰে চলিত মাহৰ শেষৰ ফালে স্পেইন ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । এই আনুষ্ঠানিক ভ্ৰমণৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীক সংগী কৰি নিয়াৰ কথা চিন্তা কৰি আছে ।

সেয়া হ'লে গাংগুলীয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে বিদেশ ভ্ৰমণলৈ যাব । মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনলৈ বিদেশী বিনিয়োগ আনিবলৈ ১২ ছেপ্টেম্বৰত ডুবাইলৈ ৰাওনা হ'ব । তাৰ পৰা পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকী স্পেইনলৈ যাব ।

উল্লেখ্য যে অহা নৱেম্বৰত ৰাজ্যখনত বিশ্ব বংগ বাণিজ্য সন্মিলন অনুষ্ঠিত হ'ব । তাৰে পৰিপ্ৰেক্ষিতত সৌৰভ গাংগুলী ইউৰোপীয় দেশ ভ্ৰমণৰ বাবে মুখ্যমন্ত্ৰীৰ ভ্ৰমণ সঙ্গী হোৱাৰ সম্ভাৱনা আছে । প্ৰশাসনৰ সূত্ৰ অনুসৰি, পশ্চিমবংগ চৰকাৰে সৌৰভ গাংগুলীক মমতা বেনাৰ্জীৰ সৈতে স্পেইন ভ্ৰমণলৈ যাবলৈ আমন্ত্ৰণ জনাইছে ।

সৌৰভ গাংগুলী এটিকে কলকাতাৰ সৈতে সম্পৰ্কিত ব্যৱসায়িক উদ্দেশ্যত পূৰ্বতে কেইবাবাৰো স্পেইনলৈ গৈছে । ইণ্ডিয়ান ছুপাৰ লীগৰ (আইএছএল) এটিকে ফ্ৰেঞ্চাইজীৰ গৰাকী আছিল কলকাতা গেমছ এণ্ড স্প'ৰ্টছ প্ৰাইভেট লিমিটেড । ইয়াৰ অংশীদাৰ আছিল সৌৰভ গাংগুলী, ব্যৱসায়ী হৰ্ষবৰ্ধন নেওটিয়া, সঞ্জীৱ গোৱেঙ্কা, আৰু উৎসৱ পাৰেখ । স্পেনিছ লা লিগা ক্লাব এটলেটিকো মাদ্ৰিদো আইএছএলৰ প্ৰথম তিনিটা ছিজনৰ সহ-মালিক আছিল । কিন্তু পিছত গোৱেঙ্কাই এটলেটিকো মাদ্ৰিদৰ মালিকানাধীন শ্বেয়াৰবোৰ ক্ৰয় কৰে ।

অৱশ্যে মমতা বেনাৰ্জীৰ বিদেশ ভ্ৰমণত সৌৰভ গাংগুলী থকাটো চৰকাৰে এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই । কিন্তু ৰাজ্যিক সচিবালয় নৱান্নৰ সূত্ৰ অনুসৰি, গাংগুলীয়ে ইউৰোপীয় দেশ ভ্ৰমণৰ সময়ত মমতাৰ ভ্ৰমণসূচীৰ সংগী হ'ব পাৰে ।

আনহাতে, গাংগুলীৰ গোপন সূত্ৰ অনুসৰি, তেওঁ বৰ্তমান লণ্ডনত আছে । বিচিচিআইৰ প্ৰাক্তন সভাপতিগৰাকীৰ জীয়াৰী ছানাই অলপতে অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু তেওঁৰ সমাৱৰ্তন অনুষ্ঠান ৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব । গাংগুলীয়ে অনুষ্ঠানটোত উপস্থিত থাকিবলৈ সাজু হৈছে । এই পৰিস্থিতিত তেওঁক আমন্ত্ৰণ জনোৱা হ'লেও তেওঁ মুখ্যমন্ত্ৰীৰ সৈতে যাব পাৰিবনে নাই সেয়া স্পষ্ট নহয় । "যদি গাংগুলীয়ে অৱশেষত আমন্ত্ৰণ গ্ৰহণ কৰে আৰু মুখ্যমন্ত্ৰীৰ ভ্ৰমণ সঙ্গী হয়, তেন্তে তেওঁ পোনপটীয়াকৈ বাৰ্চিলোনাত যোগদান কৰিব পাৰে ।" সূত্ৰত প্ৰকাশ ।

লগতে পঢ়ক :2024 Lok Sabha election: লোকসভা নিৰ্বাচনত সফল হ’ব বিৰোধী মিত্ৰজোঁট; ৰাহুল গান্ধীৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.