ETV Bharat / bharat

Ramazan Tips: ৰমজান মাহত শৰীৰক সুস্থ কৰি ৰাখিবলৈ অনুসৰণ কৰক এই ৫টা টিপছ - ৰমজান মাহ

বিশেষজ্ঞসকলৰ মতে, ৰমজান মাহত আমি নিমখীয়া, টেঙা আৰু মিঠা খাদ্য খোৱাৰ পৰা বিৰত থকা উচিত । তাৰ পৰিৱৰ্তে আমি লঘু আৰু আঁহযুক্ত খাদ্য খোৱা উচিত ।

Follow these 5 tips to beat the heat and stay fit during the month of Ramadan
ৰমজান মাহত শৰীৰক সুস্থ কৰি ৰাখিবলৈ অনুসৰণ কৰক এই ৫টা টিপছ
author img

By

Published : Mar 21, 2023, 5:05 PM IST

সমাগত পবিত্ৰ ৰমজান মাহ ৷ মাজত মাথো দুটা দিন বাকী । এনে ক্ষেত্ৰত প্ৰত্যেকগৰাকী ইছলাম ধৰ্মালম্বী লোকে পালন কৰিব ৰোজা ৷ ৰমজান একমাত্ৰ মাহ য'ত সমগ্ৰ বিশ্বৰ মুছলমান ধৰ্মালম্বী লোকসকলে পুৱাৰ পৰা আবেলিলৈকে ৰোজা ৰাখে আৰু এই সময়ছোৱাত তেওঁলোকে কোনো ধৰণৰ খাদ্যবস্তু আৰু পানীয় গ্ৰহণ নকৰে (ramzan health care)।

এই মুহূৰ্তত দেশৰ ভিন্ন প্ৰান্তত গ্ৰীষ্মকাল আৰম্ভ হৈছে, এনে পৰিস্থিতিত ৰমজানতো মানুহে গৰমৰ সন্মুখীন হ’বলগীয়া হ'ব । এই পৰিস্থিতিত যদি আপুনি ৰমজানতো ফিট হৈ থাকিব বিচাৰে, তেন্তে ইয়াৰ বাবে এই পবিত্ৰ মাহত নিজৰ খাদ্য-পানীয়ৰ প্ৰতি গুৰুত্ব দিব লাগিব । কেৱল এয়াই নহয়, এই মাহত আপুনি এই কথাৰ প্ৰতিও গুৰুত্ব দিব লাগিব যে আপুনি কেৱল এনেকুৱা বস্তুহে খাব লাগে যিয়ে আপোনাৰ শৰীৰৰ কোনো ক্ষতি নকৰে আৰু আপোনাক ফিট কৰি ৰাখিব পাৰে । সেয়ে জানো আহক ৰমজানত কি কি কৰা উচিত যাতে আমি নিজকে ফিট কৰি ৰাখিব পাৰো ।

১/ প্ৰচুৰ পৰিমাণে পানী খাব লাগে

বিশেষজ্ঞসকলৰ মতে, ৰমজান মাহত শৰীৰত পানীৰ অভাৱ হ’ব নালাগে, গতিকে ছেহৰীৰ সময়ত মানুহে অধিক পানী খাব লাগে । বিভিন্ন গৱেষণাৰ মতে, গৰমৰ দিনত যদি কোনোবাই ৰমজান মাহত কমেও ৬০ আউন্স বা প্ৰায় ২ লিটাৰ পানী খায় তেন্তে দিনত পিয়াঁহ অনুভৱ কৰাৰ সম্ভাৱনা কম । এই কাৰণেই ছেহৰীত মানুহে যিমান পাৰে পানী খাব লাগে ।

২/ লঘু আৰু স্বাস্থ্যকৰ খাদ্য খাব লাগে

কেৱল এয়াই নহয়, এই মাহত যিসকলে উপবাস ৰাখে, তেওঁলোককো খাদ্যৰ যত্ন ল’বলৈ কোৱা হৈছে । এনে পৰিস্থিতিত তেওঁলোকক ছেহৰীত কেৱল লঘু আৰু স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হয় । এইদৰে এই পবিত্ৰ মাহত ৰোজা পালন কৰি থকা লোকসকলে আঁহযুক্ত খাদ্য গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয় ।

৩/ খেজুৰৰ ব্যৱহাৰ কৰিব লাগে

বিশেষজ্ঞসকলেও কয় যে, এই পবিত্ৰ ৰমজান মাহত অধিক পৰিমাণে খেজুৰ খাব লাগে । তেওঁৰ মতে, খেজুৰ উপবাসৰ সময়ত উপকাৰী কাৰণ ইয়াত কপাৰ, চেলেনিয়াম আৰু মেগনেছিয়ামৰ পৰিমাণ অতি বেছি । কেৱল এয়াই নহয়, ইয়াত ভিটামিন Kও থাকে, যিয়ে আপোনাৰ হাড়বোৰ মজবুত কৰাত সহায় কৰে । ইয়াৰ উপৰিও ইয়াত ভাল পৰিমাণৰ গ্লুক’জো পোৱা যায়, যিটো এক প্ৰাকৃতিক উৎস আৰু ই শৰীৰৰ বহু উপকাৰ সাধন কৰে ।

৪/ পানী সমৃদ্ধ খাদ্য অধিক ব্যৱহাৰ কৰিব লাগে

এই পাক মাহত মানুহে সেই খাদ্যবোৰ বেছিকৈ সেৱন কৰিব লাগে য’ত প্ৰচুৰ পৰিমাণে পানী থাকে । এনে পৰিস্থিতিত পানী সমৃদ্ধ খাদ্য যেনে তিয়ঁহ, বিলাহী চালাড আৰু তৰমুজ, কমলা, কিউি আদিৰ দৰে ৰসাল ফল আপোনাৰ চেহৰী আৰু ইফতাৰত অন্তৰ্ভুক্ত কৰিব লাগে ।

৫/ নিমখীয়া, টেঙা আৰু মিঠা খাদ্য পৰিহাৰ কৰক, দৈ গ্ৰহণ কৰক

বিশেষজ্ঞসকলৰ মতে, দিনত নিজকে হাইড্ৰেট কৰি ৰাখিবলৈ দৈ ব্যৱহাৰ কৰিব লাগে । তেওঁৰ মতে, ছেহৰীৰ লগতে ইফতাৰতো ইয়াক ব্যৱহাৰ কৰিব পাৰি । একে সময়তে বিশেষজ্ঞসকলে নিমখীয়া, টেঙা আৰু মিঠা খাদ্য খোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে । কাৰণ এই খাদ্যবোৰত থকা ছডিয়ামে আপোনাৰ শৰীৰত তৰল পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে । নিমখীয়া খাদ্য গ্ৰহণ কৰিলে আপোনাৰ কোষৰ পৰা পানী কমি আহিবলৈ ধৰে, যাৰ ফলত পিয়াঁহ অনুভৱ হয় ।

লগতে পঢ়ক: Bhumi Pednekar Weight Loss: খাদ্যৰ পৰিমাণ কম নকৰাকৈ এনেদৰে ভূমিয়ে হ্ৰাস কৰিছিল ২৫ কেজিতকৈও অধিক ওজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.