ETV Bharat / bharat

Karnataka Election 2023: নিৰ্বাচনমুখী কৰ্ণাটকত ১৮৭ কোটিৰ নগদ ধন আৰু সুৰা জব্দ - worth Rs 33 crores gold seized in Karnataka

নিৰ্বাচন আহিলেই এতিয়া ধন আৰু সুৰাৰ যেন বন্যা সৃষ্টি হয় (Flow of money in election state) । পঞ্চায়ত পৰ্যায়ৰ পৰা আৰম্ভ কৰি সংসদীয় পৰ্যায়লৈকে ইয়াৰ ব্যতিক্ৰম নহয় । আগন্তুক কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰতো একেই ঘটনা সংঘটিত হৈছে । নিৰ্বাচনমুখী ৰাজ্যখনত ধনৰ বিপুল প্ৰৱাহ দেখা গৈছে । এই পৰ্যন্ত ৰাজ্যখনত নগদ ধন আৰু সুৰাকে ধৰি জব্দ কৰা সামগ্ৰীৰ পৰিমাণ ১৮৭ কোটি !

Karnataka Election 2023
Karnataka Election 2023
author img

By

Published : Apr 19, 2023, 1:15 PM IST

নিউজ ডেস্ক, ১৯ এপ্ৰিল : 2023 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকত পুনৰ সক্ৰিয় হৈ পৰিছে ধনৰ খেল (Karnataka Election 2023) । যোৱাবাৰৰ বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত ৰাজ্যখনত যিমান পৰিমাণৰ মুঠ নগদ ধন, সুৰা আৰু উপহাৰ জব্দ কৰা হৈছিল, এইবাৰ সেয়া 20 দিনৰ ভিতৰতে জব্দ কৰা হৈছে ।

২৯ মাৰ্চৰ পৰা ১৭ এপ্ৰিললৈকে নিৰ্বাচনী আবকাৰী দলসমূহে জব্দ কৰা নগদ ধন, সুৰা, ড্ৰাগছ, মূল্যৱান ধাতু আৰু বিনামূলীয়া উপহাৰৰ মুঠ পৰিমাণে ১৮৭.১৭ কোটি টকাত উপনীত হৈছে (187 crores cash and liquor seized in Karnataka) । উল্লেখ্য, ২০১৮ চনৰ নিৰ্বাচনৰ সময়ত জব্দ কৰা সুৰা, নগদ ধন আৰু উপহাৰৰ মুঠ পৰিমাণ আছিল ১৮৫.৭৪ কোটি টকা । অৰ্থাৎ, ২০২৩ চনৰ নিৰ্বাচনত ১৭ এপ্ৰিললৈকে জব্দ কৰা মুঠ মূল্য ২০১৮-ৰ নিৰ্বাচনতকৈ তিনিগুণ বৃদ্ধি পাইছে । ৰাজ্যিক নিৰ্বাচন আয়োগে এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰিছে ।

উল্লেখ্য, ৰাজ্যখনত এতিয়ালৈকে মুঠ ৭৫.১৭ কোটি নগদ টকা জব্দ কৰা হৈছে (75 crore cash seized in Karnataka) । আনহাতে, বিনামূলীয়া উপহাৰ হিচাবে ১৯.০৫ কোটি টকাৰ সামগ্ৰী জব্দ কৰা হৈছে । ইয়াৰ উপৰি মুঠ ৪০.৯৩ কোটি টকাৰ ৯,৮২,৭৫৬ লিটাৰ সুৰা, ১৫.২ কোটি টকাৰ ৯০৮ কিলোগ্ৰাম ড্ৰাগছ, ৩৩.৬১ কোটি টকাৰ ৭৫.৩০ কিলোগ্ৰাম সোণ আৰু ৩.২১ কোটি টকাৰ ৪৫৪.৭০৭ কিলোগ্ৰাম ৰূপ জব্দ কৰা হয় (worth Rs 33 crores gold seized in Karnataka) ।

ইফালে এই পৰ্যন্ত ইণ্টেলিজেঞ্চ স্কোৱাড, ফিক্সড চাৰ্ভিলেঞ্চ দল আৰু আৰক্ষী বিষয়াসকলে 1,550 খন এফআইআৰ পঞ্জীয়ন কৰিছে । এই এজাহাৰসমূহ নগদ ধন, সুৰা, ড্ৰাগছ, মূল্যৱান ধাতু আৰু উপহাৰ জব্দ কৰা সন্দৰ্ভত । ইয়াৰ উপৰি নিৰ্বাচনৰ দিন-তাৰিখ ঘোষণাৰ পৰা মুঠ ৬৯,১০৪ টা অস্ত্ৰ সংগ্ৰহ কৰা হৈছে । নিৰ্বাচনী বিষয়াসকলে জনাইছে যে ১৮ টা অস্ত্ৰ জব্দ কৰা হৈছে আৰু ২০ টা অস্ত্ৰৰ অনুজ্ঞা-পত্ৰ বাতিল কৰা হৈছে ।

এই পৰ্যন্ত চিআৰপিচি আইনৰ অধীনত 4,253 টা গোচৰ ৰুজু কৰা হৈছে । তাৰে উপৰি 6,468 জন ব্যক্তিক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে । নিৰ্বাচনৰ ঘোষণা হোৱাৰ দিনৰ পৰা প্ৰায় 10,817 টা জামিনবিহীন ৱাৰেণ্ট কাৰ্যকৰী কৰা হৈছে। আবকাৰী বিভাগে ১,৯৮৪ টা গুৰুতৰ গোচৰ, সুৰাৰ অনুজ্ঞা-পত্ৰ উলংঘনৰ ১,৪৯৪ টা গোচৰ, এনডিপিএছৰ অধীনত ৬৯ টা গোচৰ আৰু কৰ্ণাটক আবকাৰী আইন, ১৯৬৫ৰ ধাৰা ১৫(এ)ত গোচৰ ৰুজু কৰে, মুঠ ১০,১৯৩ টা গোচৰ আৰু ১,৩৩৮ খন বিভিন্ন প্ৰকাৰৰ বাহন জব্দ কৰা হয়।

আয়কৰ বিভাগে বাংগালুৰু মহানগৰ জিলাৰ হেব্বাল বিধানসভা সমষ্টিৰ পৰা ৬৭.৫৪ লাখ টকাৰ ১.৪৪৮ কিলোগ্ৰাম সোণ আৰু চিক্কাপেট বিধানসভা সমষ্টিৰ পৰা ৫৫.৮৩ লাখ টকাৰ ১.৪৫৭ কিলোগ্ৰাম সোণ জব্দ কৰিছে (Income Tax Department seized gold in Karnataka) । শান্তিনগৰ বিধানসভা সমষ্টিত ইণ্টেলিজেঞ্চ স্কোৱাডে ৪,৭৯,৬৪,০২৪ টকাৰ ৭.৯৯৯ কিলোগ্ৰাম সোণ জব্দ কৰে । নিৰ্বাচন আয়োগৰ বিষয়াসকলে ব্যাখ্যা কৰে যে এফএছটি দলে বাংগালোৰ জিলাত ৩০,০০,০০০ টকা, ৰামনগৰ বিধানসভা সমষ্টিত নগদ ১.৯৭ কোটি টকা আৰু মহাদেৱপুৰ বিধানসভা সমষ্টিত ২৬,৬২,৫২১ টকা নগদ ধন জব্দ কৰে ।

লগতে পঢ়ক :Diesel price Hike: পুনৰ প্ৰতিলিটাৰ ডিজেলত দাম বৃদ্ধি পালে 51 পইচাকৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.