ETV Bharat / bharat

দিল্লীত ঘন কুঁৱলীৰ প্ৰভাৱ, ৫ ঘণ্টা পৰ্যন্ত পলমকৈ চলিছে ৰে'ল - Delhi flight delay

Delhi dense fog:দিল্লীৰ বিমানবন্দৰ আৰু ৰে'ল ষ্টেচনত যাত্ৰীৰ হাহাকাৰ । ঘন কুঁৱলীৰ পৰিপ্ৰেক্ষিতত কেইবাখনো বিমানৰ চলাচল বিলম্ব । ৰে'লবোৰো বহু পলমকৈ চলিছে ।

fog flight delay
দিল্লীত ঘন কুঁৱলীৰ প্ৰভাৱ ৫ ঘণ্টা পৰ্যন্ত পলমকৈ চলিছে ৰে'ল
author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 1:54 PM IST

নেশ্যনেল ডেস্ক,২৯ ডিচেম্বৰ : দিল্লীত ঘন কুঁৱলীৰ প্ৰভাৱ এতিয়াও অব্যাহত আছে । প্ৰচণ্ড শীত আৰু কুঁৱলীৰ বাবে বিমান আৰু ৰে'ল সেৱাও ব্যাহত হৈ পৰিছে । শুকুৰবাৰে পুৱা কুঁৱলীৰ বাবে পালম আৰু চফদৰজং অঞ্চলত শূন্য দৃশ্যমানতা দেখা গৈছে । বাকী কেইদিনৰ তুলনাত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দৃশ্যমানতা সামান্য উন্নত হৈছিল । ৰানৱেত ১৫০ মিটাৰৰ পৰা ৫০০ মিটাৰ দৃশ্যমানতা আছিল । অৱশ্যে কেইবাখনো বিমানৰ যাত্ৰাত বিলম্ব হৈছিল । ইয়াৰ ফলত বিমানবন্দৰত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ।

  • #WATCH | Delhi: Few flights delayed due to fog and low visibility in the national capital; Visuals from Indira Gandhi International (IGI) Airport

    As per airport sources, no diversions have been reported at IGI Airport till 8 am. pic.twitter.com/snZVYgnEl0

    — ANI (@ANI) December 29, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এগৰাকী যাত্ৰীৰ মতে তেওঁৰ বিমানখন পুৱা ৭:৪৫ বজাত আছিল । কিন্তু পিচত ১০:৩০ বজালৈ বিমানৰ যাত্ৰা পিছুৱাই দিয়া হয় । ইয়াৰ ফলত তেওঁলোকে সময়ত অনুষ্ঠানত উপস্থিত হ'ব নোৱাৰিব । আন একাংশৰ মতে বিমানবন্দৰ প্ৰশাসনে এই সমস্যাটো সমাধানৰ বাবে বিকল্প উপায় উলিয়াব লাগে । আন চহৰৰ পৰা অহা বিমানৰ ক্ষেত্ৰতো একেই পৰিস্থিতিৰ সৃষ্টি হৈছে ।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে আন্তৰ্জাতিক আৰু ঘৰুৱা বিমানকে ধৰি ১৩৪ খন বিমান বিলম্ব হৈছিল । সোমবাৰৰ পৰা আৰম্ভ হোৱা কুঁৱলীৰ এনে প্ৰভাৱ শুকুৰবাৰেও দেখা গৈছিল ।

কুঁৱলীৰ বাবে ৰে'ল সেৱাও প্ৰভাৱিত হৈছে । উত্তৰ ৰে'লৱেৰ মুখ্য জনসম্পৰ্ক বিষয়া দীপক কুমাৰে দিয়া তথ্য অনুসৰি মুম্বাই-অমৃতসৰ এক্সপ্ৰেছ ৫ ঘণ্টা ১১ মিনিট পলমকৈ চলি আছে । ফাৰাক্কা এক্সপ্ৰেছ ২ ঘণ্টা ৩৬ মিনিট, হিমাচল এক্সপ্ৰেছ ২ ঘণ্টা ২৭ মিনিট, ব্ৰহ্মপুত্ৰ মেইল ৩ ঘণ্টা ২৮ মিনিট, উধমপুৰ দিল্লী চৰাই ৰোহিল্লা এচি চুপাৰফাষ্ট এক্সপ্ৰেছ ৩ ঘণ্টা ২৮ মিনিট, লক্ষ্ণৌ মেইল ১ ঘণ্টা ২২ মিনিট, আনন্দ বিহাৰ টাৰ্মিনেল জন সাধৰণ এক্সপ্ৰেছ ১ ঘণ্টা ৪২ মিনিট, ৰক্সৌল আনন্দ বিহাৰ টাৰ্মিনেল সদ্ভাৱনা এক্সপ্ৰেছ ১ ঘণ্টা ৭ মিনিট, পদ্মাৱত এক্সপ্ৰেছ ১ ঘণ্টা ৪১ মিনিট পলমকৈ চলি আছে । ইয়াৰ উপৰিও আন ৰে'লসমূহো পলমকৈ চলি আছে । যাৰ ফলত যাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ।

লগতে পঢ়ক :ঘন কুঁৱলীৰ বাবে দিল্লীত বিমান আৰু ৰে'ল সেৱা প্ৰভাৱিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.