ETV Bharat / bharat

JK Poonch Floods : পুঞ্চত আকস্মিক বানত পৰি বিষয়াসহ ২ সেনাৰ মৃত্যু

author img

By

Published : Jul 9, 2023, 5:42 PM IST

শনিবাৰে সেনা জোৱান দুজনে চুৰানকোট অঞ্চলৰ ডোগ্ৰা নালা পাৰ হৈ থকাৰ সময়তে তীব্ৰ সোঁতে উটুৱাই লৈ যায় । তাৰে ভিতৰত শনিবাৰে নিশা নায়েব চুবেদাৰ কুলদীপ সিঙৰ মৃতদেহ উদ্ধাৰৰ পিচত দেওবাৰে লেন্সনায়ক তেলু ৰামৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।

JK Poonch Flash Floods
JK Poonch Flash Floods

নিউজ ডেস্ক, ৯ জুলাই : জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত ধাৰাসাৰ বৰষুণৰ ফলত হোৱা আকস্মিক বানত উটি যোৱা এজন কনিষ্ঠ কমিছনড বিষয়াসহ (জেচিঅ') দুজন সৈনিকৰ মৃতদেহ উদ্ধাৰ কৰা হোৱা বুলি সেনাবাহিনীৰ সূত্ৰই দেওবাৰে জানিবলৈ দিয়ে ।

সেনা জোৱানসকলে চুৰানকোট অঞ্চলৰ ডোগ্ৰা নালা পাৰ হৈ থকাৰ সময়তে এই ঘটনাটো সংঘটিত হৈছিল । শনিবাৰে তেওঁলোক পানীৰ তীব্ৰ সোঁতত উটি গৈছিল । ঘটনাটো সংঘটিত হোৱাৰ পিচত শনিবাৰে নিশা নায়েব চুবেদাৰ কুলদীপ সিঙৰ মৃতদেহ সোঁতৰ মাজৰ পৰা উদ্ধাৰ কৰাৰ পিচত দেওবাৰে লেন্সনায়ক তেলু ৰামৰ নশ্বৰ দেহ উদ্ধাৰ কৰা বুলি সেনাৰ সূত্ৰত প্ৰকাশ ।

  • During an Area Domination Patrol in difficult terrain of Poonch, L/Nk Telu Ram while crossing a mountainous stream got swept away due to flash floods. Nb Sub Kuldeep Singh , the Patrol leader while attempting to save L/Nk Telu Ram also laid down his life.
    GOC, @WhiteKnight_IA and… pic.twitter.com/LmeKlZXO1U

    — White Knight Corps (@Whiteknight_IA) July 9, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে দুয়োগৰাকী সৈনিকৰে ঘৰ পঞ্জাবত । আনহাতে, মৃত সৈনিক দুজনৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সেনাই কয় যে ঘটনাটো সংঘটিত হোৱাৰ সময়ত সৈন্যসকল অঞ্চলটোত পেট্ৰ'লিঙত আছিল । পুঞ্চৰ দুৰ্গম অঞ্চলটোত টহল দি থকাৰ সময়ত লেন্সনায়ক তেলু ৰামে পাহাৰীয়া জুৰি এটা পাৰ হোৱাৰ সময়তে হোৱা আকস্মিক বানৰ সোঁতত পৰি উটি যায় ।

আনহাতে, পেট্ৰ'লিঙৰ নেতৃত্বত থকা চুবেদাৰ কুলদীপ সিঙে লেন্সনায়ক তেলু ৰামক বচাবলৈ চেষ্টা কৰাৰ সময়তে তেৱোঁ সোঁতত উটি গৈ প্ৰাণ আহুতি দিবলগা হয় । হোৱাইট নাইট কৰ্পছৰ অফিচিয়েল টুইটাৰ একাউণ্টত এই কথা প্ৰকাশ কৰিছে ।

সেনাবাহিনীয়ে লগতে কয় যে ১৬ কৰ্পছ হিচাবে জনাজাত হোৱাইট নাইট কৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং আৰু এই বাহিনীটোৰ সকলো ৰেংকৰ বিষয়া তথা সেনাই বীৰ সেনা দুজনক অভিবাদন জনাইছে । লগতে তেওঁলোকৰ পৰিয়ালটোৰ বিপদৰ সময়ত তেওঁলোকৰ কাষত থকা বুলি প্ৰকাশ কৰে ।

এগৰাকী প্ৰতিৰক্ষা মুখপাত্ৰই কয় যে নায়েব চুবেদাৰ সিং হৈছে পঞ্জাবৰ তৰণ তৰণৰ চাভাল কলনৰ বাসিন্দা । আনহাতে, লেন্সনায়ক ৰাম হোচিয়াৰপুৰৰ খুৰালি গাঁৱৰ বাসিন্দা আছিল । মৃতকৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ অনুষ্ঠান আৰু শেষ শ্ৰদ্ধা জ্ঞাপনৰ পিচত তেওঁলোকৰ নশ্বৰ দেহ পঞ্জাবৰ জন্মস্থানলৈ প্ৰেৰণ কৰা হ'ব বুলি তেওঁ কয় ।

লগতে পঢ়ক :himachal weather : হিমাচলত ৰেড এলাৰ্ট জাৰি; ঘৰ খহি তিনিজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.