ETV Bharat / bharat

Tragic incident in Andhra Pradesh: অন্ধ্ৰ প্ৰদেশৰ চিলাকোণ্ডায়াপল্লীত জীৱন্তে অগ্নিদগ্ধ পাঁচগৰাকী মহিলা

author img

By

Published : Jun 30, 2022, 1:54 PM IST

Updated : Jun 30, 2022, 2:21 PM IST

অন্ধ্ৰ প্ৰদেশৰ সত্যচাই জিলাৰ তাদিমাৰি মণ্ডলৰ চিলাকোণ্ডায়াপল্লীত অঘটন(Tragic incident took place Chillakondayyapally at Satyasai district in Andhra Pradesh)। অটোৰে গৈ থাকোতেই জীৱন্তে অগ্নিদগ্ধ পাঁচগৰাকী মহিলা ।

accident
Tragic incident in Andhra Pradesh:অন্ধ্ৰ প্ৰদেশৰ চিলাকোণ্ডায়াপল্লীত জীৱন্তে অগ্নিদগ্ধ পাঁচগৰাকী মহিলা

নেচনেল ডেস্ক,৩০ জুন:অন্ধ্ৰ প্ৰদেশৰ সত্যচাই জিলাৰ তাদিমাৰি মণ্ডলৰ চিলাকোণ্ডায়াপল্লীত অঘটন । বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ অহাত শোকাৱহ ভাৱে প্ৰাণ হেৰুৱালে পাঁচগৰাকী মহিলাই (FIVE persons burnt alive at Chillakondayyapally at Satyasai district in Andhra Pradesh)। ঘটনাৰ বিৱৰণি অনুসৰি অন্ধ্ৰ প্ৰদেশৰ সত্যচাই জিলাৰ তাদিমাৰি মণ্ডলৰ চিলাকোণ্ডায়াপল্লীত বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ অহাৰ পিছত পাঁচগৰাকী মহিলা জীৱন্তে অগ্নিদগ্ধ হয়।

জানিব পৰা মতে, জিলাখনৰ গুড্ডাম্পলীৰ পৰা চিলাকোণ্ডায়াপল্লীলৈ এখন অটোত কৃষি (ফাৰ্ম) কামৰ বাবে শ্ৰমিকসকল যোৱাৰ সময়তে এই শোকাৱহ ঘটনাটো সংঘটিত হয় (All of them were travelling to Chillakondayyapally from Guddampally)। অটোখন গৈ থাকোতেই অকাস্মাতে বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ আহে । চালকগৰাকীয়ে লগে লগে অটোখন পথৰ কাষত ৰখাই যদিও পাঁচগৰাকীয়ে প্ৰাণ হেৰুৱায়। ঘটনাটো সংঘটিত হোৱাৰ সময়ত অটোখনত ১৩ গৰাকী লোক আছিল । পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা ধৰ্মভাৰাম চৰকাৰী চিকিৎসালয়লৈ নিয়াৰ ব্য়ৱস্থা কৰাৰ লগতে আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে ( The bodies were shifted to Dharmavaram Government Hospital)।

উক্ত ঘটনাটোত নিহত সকলৰ আটাইকেইকৰাকীয়েই গুড্ডামপল্লী আৰু পেড্ডাকোটলা গাঁৱৰ বুলি জানিব পৰা গৈছে । এই ঘটনাত নিহত সকল হ'ল কান্তাম্মা, ৰামুলাম্মা, ৰত্নম্মা, লক্ষ্মীদেৱী গুড্ডামপল্লীৰ, কুমাৰী পেড্ডাকোটলাৰ । অৰক্ষীয়ে ইতিমধ্য়ে উক্ত ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: Kanhaiya Lal killing case : কানহায়া হত্যাৰ আঁৰত ইছলামী সন্ত্ৰাসবাদী গোট জড়িতৰ সন্দেহ

Last Updated : Jun 30, 2022, 2:21 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.