ETV Bharat / bharat

নৱজোৎ সিং সিদ্ধুৰ পঞ্জাৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগৰ পাঁচটা কাৰণ

পঞ্জাৱ কংগ্ৰেছৰ ভিতৰচ’ৰাত সমস্যা নতুন নহয় ৷ ইয়াৰ পূৰ্বেও সিদ্ধু আৰু পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ মাজত চলি আছিল সংঘৰ্ষ, যাৰ ফলশ্ৰুতিতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল কেপ্টেইন অমৰিন্দৰ সিঙে ৷ কিন্তু শেহতীয়াকৈ পঞ্জাৱৰ ৰাজনীতিত ঘটিল আন এক পট পৰিৱৰ্তন ৷ পঞ্জাৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ নৱজোৎ সিং সিদ্ধুৰ ৷

author img

By

Published : Sep 29, 2021, 7:27 AM IST

Five reasons for Navjot Singh Sidhu's resignation as Congress President
নৱজোৎ সিং সিদ্ধুৰ পঞ্জাৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগৰ পাঁচটা কাৰণ

নেশ্যনেল ডেস্ক, 29 ছেপ্তেম্বৰ : শেহতীয়াকৈ পঞ্জাৱৰ ৰাজনীতিত ঘটিছে আৰু এক পট পৰিৱৰ্তন ৷ পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ নৱজোৎ সিং সিদ্ধুৰ ৷ মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে সিদ্ধুৱে ৷

পঞ্জাৱ কংগ্ৰেছৰ ভিতৰচ’ৰাত সমস্যা নতুন নহয় ৷ ইয়াৰ পূৰ্বেও সিদ্ধু আৰু পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ মাজত চলি আছিল সংঘৰ্ষ, যাৰ ফলশ্ৰুতিতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল কেপ্টেইন অমৰিন্দৰ সিঙে ৷ ইয়াৰ পিছত সকলোৱে আশা কৰিছিল দলটোলৈ শান্তি ঘূৰি আহিব ৷ কিন্তু সেয়া বাস্তৱত পৰিণত নহ’ল ৷

টুইটযোগে নিজৰ পদত্যাগৰ কথা ঘোষণা কৰি সিদ্ধুৱে লিখে যে তেওঁ পঞ্জাৱৰ ভৱিষ্যতৰ বাবে আৰু বুজাবুজি কৰিব নোৱাৰে ৷ কিন্তু তেওঁ লগতে লিখে যে তেওঁ কংগ্ৰেছত থাকিয়েই দলটোৰ সেৱা কৰি যাব ৷

আনহাতে, সিদ্ধুৰ পদত্যাগৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দপৰ সিঙে টুইট কৰি কয়, ‘মই কৈছিলো তেওঁ এগৰাকী অস্থিৰ ব্যক্তি আৰু সীমান্ত ৰাজ্য পাঞ্জাৱৰ বাবে অনুকুল নহয় ৷’

  • I told you so…he is not a stable man and not fit for the border state of punjab.

    — Capt.Amarinder Singh (@capt_amarinder) September 28, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

সিদ্ধুৰ পদত্যাৰ আৰত পাঁচটা কাৰণ-

1. পঞ্জাৱৰ মুখ্যমন্ত্ৰী হোৱাত ব্যৰ্থতা

যেতিয়া কেপ্টেইন অমৰিন্দৰ সিঙে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল সিদ্ধুৱে আশা কৰিছিল যে কংগ্ৰেছৰ হাই কামাণ্ডে তেওঁক পঞ্জাৱৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰিব ৷ কিন্তু অমৰিন্দৰ সিঙে তেওঁক এনেদৰে আক্ৰমণ কৰিছিল যে তেওঁৰ এই সপোন সাৰ্থক নহ’ল ৷

  • ना पंजाब की चिंता
    ना किसान की चिंता
    ना मजदूर की जिंता
    ना व्यापारी की चिंता

    कॉंग्रेसियों को सिर्फ़ अपनी कुर्सी की चिंता।

    — AAP Punjab (@AAPPunjab) September 28, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

কেপ্টেইন অমৰিন্দৰে সিদ্ধুক পঞ্জাৱৰ আৰু দেশৰ বাবে এক শংকা বুলি ব্যক্ত কৰিছিল ৷ যাৰ বাবে কংগ্ৰেছ হাই কামাণ্ডে তেওঁক পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰিবলৈ সাহস গোটাব নোৱাৰিলে ৷ কিন্তু সিদ্ধুৱে তেওঁৰ পছন্দৰ এগৰাকী ব্যক্তি অৰ্থাৎ চৰণজিৎ সিং চন্নীক পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰালে ৷ ইয়াৰ পিছতো পঞ্জাৱৰ মুখ্যমন্ত্ৰী হ’ব নোৱাৰৰ কথাটোৱে তেওঁক গভীৰভাৱে আমনি কৰিছিল ৷

2. পঞ্জাৱৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ নিযুক্তি দিয়াৰ সময়ত সিদ্ধুৰ পৰামৰ্শ গ্ৰহণ কৰা হোৱা নাছিল

চৰণজিৎ সিং চন্নী মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পিছতে তেওঁ সিদ্ধান্তবোৰ নিজে ল’বলৈ আৰম্ভ কৰিলে ৷ সিদ্ধুৱে আশা কৰিছিল চন্নীয়ে তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰিব, কিন্তু ইয়াৰ ওলোটাহে ঘটিবলৈ আৰম্ভ কৰে ৷ পঞ্জাৱৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে আই পি এচ বিষয়া ইকবালপ্ৰীত সিং চহোটাক নিযুক্তি প্ৰদানৰ সময়ত চন্নীয়ে সিদ্ধুৰ পৰামৰ্শ গ্ৰহণ কৰা নাছিল ৷

3. Advocate Generalৰ নিযুক্তিক লৈয়ো সুখী নাছিল সিদ্ধু

Advocate Generalৰ নিযুক্তিও সিদ্ধুৰ বাবে আন এক বিতৰ্কিত বিষয় আছিল ৷ এই পদটোৰ বাবে সিদ্ধুৱে নিছৰ পছন্দৰ অনমোল ৰতন সিদ্ধুৰ নাম বিচাৰলা আনিছিল ৷ কিন্তু ইয়াতো অসফল হৈ ৰ’ল সিদ্ধু ৷ ইমান চেষ্টাৰ পিছতো চৰণজিৎ সিং চন্নীয়ে APS চেউলক এই পদটোত নিযুক্তি প্ৰদান কৰে ৷

4. কেবিনেট দপ্তৰ সমূহৰ বিতৰণ

অমৰিন্দৰ সিঙৰ পদত্যাগৰ পিছত চৰণজিৎ সিং চন্নীক মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰিবলৈ দলটোক প্ৰায় এসপ্তাহ সময়ৰ প্ৰয়োজন হৈছিল ৷ এই ক্ষেত্ৰতো সিদ্ধুৱে চন্নীক নিয়ন্ত্ৰণ কৰিবলৈ বিচৰা দেখা গৈছিল ৷ কিন্তু কংগ্ৰেছ হাইকামাণ্ডে কেবিনেটত কেপ্টেইন অমৰিন্দৰ সিং গোটৰ কিছু সংখ্যক নেতাক অগ্ৰাধিকাৰ দিছিল । ইয়াৰ পিছত, বিভাগ আৰু মন্ত্ৰালয়সমূহৰ বিতৰণৰ সময়তো সিদ্ধুৰ মতামত বিবেচনা কৰা হোৱা নাছিল বুলি ধৰাণা কৰা হয় ৷

5. গৃহ মন্ত্ৰণালৰ সমস্যা

প্ৰাপ্ত তথ্য অনুসৰি গৃহ মন্ত্ৰণালয় সন্দৰ্ভতো নৱজোৎ সিং সিদ্ধুৱে তেওঁৰ প্ৰভাৱ দেখুৱাবলৈ প্ৰয়াস কৰিছিল ৷ চৰণজিৎ সিং চন্নীয়ে সুখজিন্দৰ সিং ৰন্ধাৱাক পঞ্জাৱৰ গৃহমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে ৷ পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ বাবে ৰন্ধাৱাও বিবেচনাত আছিল ৷

লগতে পঢ়ক: অসমৰ মুখ্যমন্ত্ৰী বনাম All India Muslim Majlis-e-Mushawarat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.