ETV Bharat / bharat

বেংগালুৰুত শোকাৱহ ঘটনা : একেটা পৰিয়ালৰ পাঁচজনৰ মৃতদেহ উদ্ধাৰ

বেংগালুৰুত একেটা পৰিয়ালৰ পাঁচজনৰ মৃতদেহ উদ্ধাৰ ৷ এটি 9 মহীয়া শিশুসহ চিলিঙত(ceiling)ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহকেইটা ৷ কোনো পাৰিবাৰিক বিবাদৰ ফলতে এই শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ ৷

Five of family, including 9-month-old, found dead in B'luru
বাংগালুৰুত একেটা পৰিয়ালৰ পাঁচজনৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Sep 18, 2021, 1:18 PM IST

নেশ্যনেল ডেস্ক, 18 ছেপ্তেম্বৰ : এটি 9 মহীয়া শিশুসহ বেংগালুৰুত একেটা পৰিয়ালৰে পাঁচজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সৰ্বত্ৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ শুকুৰবাৰে বেংগালুৰুৰ Byadarahalli আৰক্ষী সীমাত এটা পৰিয়ালৰ পাঁচজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে এগৰাকী প্ৰায় আঢ়ৈ বছৰীয়া ছোৱালী উদ্ধাৰ কৰা হয় ৷

মৃত পাঁচগৰাকীৰ ভিতৰত চাৰিজন লোকক চিলিঙত(ceiling)ওলমি থকা অৱস্থাত পোৱা গৈছিল আৰু 9 মহীয়া শিশুটিক বিচনাত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৷ উদ্ধাৰ হোৱা আঢ়ৈ বছৰীয়া কন্যা শিশুটিক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

মৃত লোককেইজনক ক্ৰমে Tigalarapalya ৰ বাসিন্দা তথা এগৰাকী সাংবাদিকৰ পত্নী ভাৰতী(51), তেওঁৰ দুই কন্যা ক্ৰমে সিঞ্চানা(34) আৰু সিন্ধুৰা(34) আৰু তেওঁৰ পুত্ৰ মধুসাগৰ(25) বুলি চিনাক্ত কৰা হৈছে ৷ মৃত আঢ়ৈ বছৰীয়া শিশুটি এতিয়ালৈকে চিনাক্ত হোৱা নাই ৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, Hulagere Shankar নামৰ সাংবাদিকগৰাকী ঘৰলৈ ওভতি আহি ঘৰৰ দুৱাৰ বন্ধ থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াতহে ঘটনাটো পোহৰলৈ আহে ৷ আৰক্ষীক এই বিষয়ে অৱগত কৰাৰ পাচতে দুৱাৰ ভাঙি লোককেইজনক উদ্ধাৰ কৰা হৈছিল ৷

আটাইকেইটা মৃতদেহ প্ৰায় পচি যোৱা অৱস্থাতহে উদ্ধাৰ হয় ৷ অভিযোগ অনুসৰি ঘৰৰ আটাইবোৰ দুৱাৰ, খিৰিকী বন্ধ কৰি পৰিয়ালটোৰ সদস্যসকলে আত্মহত্যা কৰে ৷ বিগত তিনিদিন ধৰি শংকৰে ফোনযোগে পৰিয়ালৰ লোককেইজনৰ যোগাযোগৰ চেষ্টা কৰিছিল, যদিও কোনো প্ৰত্যুত্তৰ পোৱা নাছিল ৷

সম্প্ৰতি আৰক্ষীয়ে এটা চুইচাইড নোট বা আন কোনো প্ৰমাণৰ সন্ধান কৰি আছে ৷ ঘটনা সংঘটিত হোৱাৰ তিনি-চাৰিদিন পাচতো চুবুৰীয়াই কেনেকৈ ঘটনাটোৰ একো ভূ নাপালে সেই সন্দৰ্ভতো আৰক্ষীয় তদন্ত অব্যাহত ৰাখিছে ৷ ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই যদিও কোনো পাৰিবাৰিক বিবাদৰ ফলতে এই শোকাৱহ ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷

লগতে পঢ়ক : দিল্লী আৰক্ষীৰ তৎপৰতাত মুম্বাইত আটক সন্দেহযুক্ত সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.