ETV Bharat / bharat

Car ploughs into pedestrians: হিমাচলত গাড়ীয়ে মহতিয়ালে পথচাৰীক, নিহত ৫ প্ৰব্ৰজিত শ্ৰমিক - Himachal Pradesh CM Sukhvinder Singh Sukhu

পাহাৰীয়া ৰাজ্য হিমাচলত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ধৰমপুৰৰ এঠা ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগী বাহনে মহতিয়াই নিলে পথচাৰীক ৷ পাঁচজনকৈ প্ৰব্ৰজিত শ্ৰমিক নিহত হয় এই দুৰ্ঘটনাত (Car ploughs into pedestrians) ৷

Car ploughs into pedestrians
হিমাচলত গাড়ীয়ে মহতিয়ালে পথচাৰীক
author img

By

Published : Mar 7, 2023, 9:29 PM IST

নিউজ ডেস্ক, ৭ মাৰ্চ : মঙলবাৰে পুৱা প্ৰায় ৯ বজাত হিমাচল প্ৰদেশৰ চোলান জিলাৰ ধৰমপুৰৰ পাঁচ নম্বৰ কালকা-চিমলা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে খোজকাঢ়ি গৈ থকা পথচাৰীৰ এটা দলক দ্ৰুতবেগী ইন’ভা টেক্সীয়ে মহতিয়াই নিয়ে (car ploughs into pedestrians in Himachal Pradesh) । যাৰ ফলত কমেও পাঁচজন প্ৰব্ৰজনকাৰী শ্ৰমিক নিহত হয় আৰু চাৰিজন গুৰুতৰভাৱে আহত হয় (5 migrant laborers killed in road accident in HP) ।

মৃত আৰু আহত আটাইকেইজনে কাম কৰিবলৈ গৈ আছিল । তেনে সময়তে গাড়ীখনে তেওঁলোকক খুন্দিয়াই বগৰাই দিয়ে আৰু তাৰ পিচত মহতিয়াই নিয়ে । অৱশ্যে মৃতকৰ পৰিচয় তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই । আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকে স্থানীয় কৰ্তৃপক্ষ আৰু দুৰ্ঘটনাটোত আহত হোৱা সহপথচাৰীসকলৰ সৈতে মৃতকৰ পৰিচয় উলিয়াবলৈ চেষ্টা কৰি আছে (car ploughs into migrant laborers in HP) ।

  • सोलन के धर्मपुर के पास एक तेज रफ्तार गाड़ी द्वारा सड़क के किनारे चल रहे करीब 7से9मजदूरों को कुचल देने की दुःखद खबर है। इस हादसे में 5 मजदूरों की मौत हो गई है और बाकी मजदूर काफी गंभीर हालत में हैं ।भगवान मृतकों की आत्मा को शांति प्रदान करें व घायल मजदूर जल्द से जल्द स्वस्थ हों। pic.twitter.com/nPxKOxD2ps

    — Sukhvinder Singh Sukhu (@SukhuSukhvinder) March 7, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, দুৰ্ঘটনাৰ তথ্য লাভ কৰি ততাতৈয়াকৈ আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু ইতিমধ্যে ইনোভা গাড়ীখনৰ চালকজনক আটক কৰা হৈছে । আৰক্ষীয়ে জনোৱা মতে, আহত চাৰিওজনক ধৰমপুৰৰ কমিউনিটি হেল্থ চেণ্টাৰলৈ লৈ যোৱা হৈছে । আঘাতপ্ৰাপ্ত শ্ৰমিকসকলৰ মাজৰ এজনক চিকিৎসকৰ পৰামৰ্শ অনুসৰি উন্নত চিকিৎসাৰ বাবে চণ্ডীগড়ৰ স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হয় ।

দুৰ্ঘটনাটো সংঘটিত হোৱা টেক্সীখন চোলানৰ পৰা পাৰৱানুলৈ গৈ থকা সময়তে দুৰ্ঘটনাটো সংঘটিত হয় । গাড়ীখনে চুক্কি ঝোৰী পাৰ হৈ গৈ থকাৰ সময়তে ৰাস্তাৰ কাষেৰে খোজকাঢ়ি গৈ থকা শ্ৰমিকৰ দলটোৰ ওপৰত উঠে । ঘটনাৰ পিচতে টেক্সী চালকজনৰ লগতে ঘটনাস্থলীত উপস্থিত আন আসকলে জৰুৰীকালীন সেৱাৰ বিষয়াসকলক অৱগত কৰে আৰু আহতসকলক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে ।

"চোলানৰ ধৰমপুৰৰ ওচৰত এখন দ্ৰুতবেগী বাহনৰ দ্বাৰা ৰাস্তাৰ কাষত খোজকাঢ়ি থকা প্ৰায় ৭-৯ জন শ্ৰমিকক খুন্দা মৰাৰ এক দুখজনক খবৰ পোৱা গৈছে । এই দুৰ্ঘটনাত ৫ জন শ্ৰমিকৰ মৃত্যু হৈছে আৰু বাকী শ্ৰমিকসকলৰ অৱস্থা অতি গুৰুতৰ । ভগৱানে মৃতকৰ আত্মাক শান্তি দিয়ক আৰু আঘাতপ্ৰাপ্ত শ্ৰমিকসকল সোনকালে সুস্থ হওক ।" মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে হিন্দীত কৰা টুইটত এনেদৰে কয় (Himachal Pradesh CM Sukhvinder Singh Sukhu) ।

আনহাতে, কংগ্ৰেছ বিধায়ক (কচৌলী বিধানসভা) বিনোদ চুলতানপুৰীয়ে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা আহতসকলৰো খবৰ লয় । বিধায়কজনে আহতসকলৰ অৱস্থাৰ বিষয়ে চিকিৎসকসকলৰ পৰা জানিব বিচাৰে । চোলানৰ আৰক্ষী অধীক্ষক (Solan Superintendent of Police) বীৰেন্দ্ৰ শৰ্মায়ো দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে ।

আৰক্ষীয়ে জনোৱা অনুসৰি, স্থানীয় লোকে আৰক্ষীক দুৰ্ঘটনাটোৰ বিষয়ে অৱগত কৰে । তাৰ পিচত আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় । আহতসকলক ধৰমপুৰৰ কমিউনিটি হেল্থ চেণ্টাৰলৈ লৈ যোৱা হয় । চালকজনক আৰক্ষীয়ে আটক কৰিছে আৰু বৰ্তমান সোধা-পোছা কৰা হৈছে । আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজো পৰীক্ষা কৰি আছে । স্থানীয় লোক আৰু প্ৰত্যক্ষদৰ্শীসকলকো আৰক্ষীয়ে দুৰ্ঘটনাটোৰ বিষয়ে সোধা-পোছা কৰি আছে ।"

লগতে পঢ়ক :Conrad Sangma Sworn in : প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কনৰাড চাংমাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.