নিউজ ডেস্ক, 11 ডিচেম্বৰ : ঝাৰখণ্ডৰ কংগ্ৰেছ সাংসদ ধীৰাজ চাহুৰ বাহগৃহৰ পৰা উদ্ধাৰ কৰা টকাৰ পৰিমাণ কিমান ! টকা গণনা শেষ কৰিবলৈ আৰু কিমান দিন লাগিব এছ বি আই কৰ্মচাৰীক ! টকা গণনা কৰাত ব্যৱহাৰ কৰা কিমানটা মেচিন বিকল হ’ল ! আপোনাৰ মনতো নিশ্চয় এই প্ৰশ্নৰ উদয় হৈছে ৷ আপোনাৰ মনত উদয় হোৱা জিজ্ঞাসাৰ বাবে আৰু অপেক্ষা কৰিব লাগিব দুই, এদিনলৈ ৷
বালাংগীৰস্থিত এছ বি আইৰ কাৰ্যালয়ত বিগত পাঁচদিন ধৰি একেৰাহে টকা গণনা কৰি আছিল এছ বি আইৰ কৰ্মচাৰীয়ে ৷ ইতিমধ্যে সোমবাৰে টকা গণনাৰ কাম শেষ কৰিছে এছ বি আইৰ কৰ্মচাৰীসকলে ৷ যদিও টকা গণনাৰ কাম শেষ হৈছে তথাপিও কিমান আছিল টকা, সেয়া স্পষ্টকৈ প্ৰকাশ কৰা নাই এছ বি আই কৰ্তৃপক্ষই ৷ বেংক কৰ্তৃপক্ষই একো তথ্য প্ৰকাশ কৰা নাই যদিও প্ৰায় 300 কোটিৰো অধিক টকা হ’ব বুলি ধাৰণা কৰা হৈছে ৷
উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বে আয়কৰ বিভাগে অভিযান চলাই কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰিছিল ৷ আনহাতে, উদ্ধাৰ কৰা ধনখিনি গণনা কৰিবলৈ 176 টা মোনাত লৈ গৈছিল বালাংগীৰস্থিত এছ বি আইৰ মুখ্য কাৰ্যালয়লৈ ৷ তাতে বিগত 5 দিন ধৰি চলি আছিল টকা গণনা কৰা কাম ৷ ইতিমধ্যে টকা গণনাৰ কাম শেষ হৈছে বুলি জানিব পৰা গৈছে ৷
ইফালে, কংগ্ৰেছ সাংসদ চাহুৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা ধনৰ উৎস বিচাৰি বুধবাৰে ওড়িশাস্থিত ডিষ্টিলাৰী প্ৰাইভেট লিমিটেড, বালাংগীৰ, সম্বলপুৰ, সুন্দৰগড়, ওড়িশাৰ সুন্দৰগড়, ভুৱনেশ্বৰ, কলকাতা আৰু ঝাৰখণ্ডৰ বোকাৰোত অভিযান চলাইছিল আয়কৰ বিভাগে ৷
লগতে পঢ়ক : ওড়িশাত আয়কৰ অভিযান; দ্বিতীয় দিনা ৪৬ কোটি নগদ ধন জব্দ