ETV Bharat / bharat

5 Children Died in Bihar : বিহাৰত পুখুৰীত পৰি ৫ শিশুৰ কৰুণ মৃত্যু - bihar 5 children died incident

শিশুকেইটাই তাত খেলি থকা অৱস্থাত হয়তো কোনোবা পুখুৰীটোত পৰে আৰু তেওঁক উদ্ধাৰ কৰিবলৈ যোৱা অৱস্থাত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় । আনহাতে, আন একাংশই সন্দেহ ব্যক্ত কৰে যে শিশুকেইটাই হয়তো পুখুৰীটোত গা ধুবলৈ নামিছিল আৰু দুৰ্ভাগ্যবশত পানীত ডুব যায় ।

বিহাৰত পুখুৰীত পৰি ৫ শিশুৰ কৰুণ মৃত্যু
5 Children Died in Bihar
author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 6:53 PM IST

বিহাৰত পুখুৰীৰ পানীত ডুবি ৫ শিশুৰ সলিল সমাধি

নিউজ ডেস্ক, ১৩ নৱেম্বৰ : বিহাৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । বিহাৰৰ কাইমুৰ জিলাৰ ৰামপুৰ খণ্ডৰ ধৱপোখৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা । এটা পুখুৰীৰ পানীত ডুবি পাঁচটি শিশুৰ সলিল সমাধি ঘটে । এই ঘটনাত সমগ্ৰ গাঁওখনত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে । স্থানীয় লোকৰ পৰা পোৱা তথ্যত জানিবলৈ পোৱা গৈছে যে গাঁওখনৰ এটা পুখুৰীত ডুব যোৱাৰ ফলত পাঁচটি শিশুৰ মৃত্যু হৈছে ।

আনহাতে, বহু লোকে আশংকা প্ৰকাশ কৰিছে যে শিশুকেইটাই তাত খেলি থকা অৱস্থাত হয়তো কোনোবা পুখুৰীটোত পৰে আৰু তেওঁক উদ্ধাৰ কৰিবলৈ যোৱা অৱস্থাত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় । আনহাতে, আন একাংশই সন্দেহ ব্যক্ত কৰে যে শিশুকেইটাই হয়তো পুখুৰীটোত গা ধুবলৈ নামিছিল আৰু দুৰ্ভাগ্যবশত পানীত ডুব যায় । অৱশ্যে এই সন্দৰ্ভত নিশ্চিত তথ্য কোনেও প্ৰকাশ কৰিব পৰা নাই ।

ইফালে শিশুকেইটা কেনেকৈ পুখুৰীটোলৈ গৈছিল আৰু তাত ডুব যোৱাৰ ফলত মৃত্যু হ'ল সেই বিষয়ত তদন্ত আৰম্ভ হৈছে । উল্লেখ্য যে শিশুকেইটা পানীত ডুব যোৱাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষী আৰু ওচৰ-পাজৰৰ গাঁওবোৰৰ লোকসকল ঘটনাস্থলীত উপস্থিত হয় । তেওঁলোকে পুখুৰীটোৰ পৰা শিশুকেইটাৰ মৃতদেহ উদ্ধাৰ কৰে । আনহাতে, মৃতদেহকেইটা উদ্ধাৰৰ পিছতে গাঁওখনত শোকৰ ছাঁ পৰে আৰু শিশুকেইটাৰ পৰিয়ালকে ধৰি সকলো লোক বেদনাত কাতৰ হৈ পৰে ।

জানিব পৰা মতে, মৃত শিশুকেইটা একেখন গাঁৱৰে । স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে ভাভূয়া সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আনহাতে, ঘটনাটোৰ অধিক তদন্তৰ বাবে অনুসন্ধান আৰম্ভ কৰে । মৃত শিশুকেইটাক ধৱপোখৰ গাঁৱৰ সুশীল কুমাৰৰ ১২ বছৰীয়া কন্যা অনুপ্ৰিয়া, ১০ বছৰীয়া কন্যা অংশুপ্ৰিয়া আৰু ৯ বছৰীয়া পুত্ৰ অপূৰ্ব প্ৰিয়া, সুনীল কুমাৰৰ ৮ বছৰীয়া পুত্ৰ আৰু ১১ বছৰীয়া অমন কুমাৰ বুলি চিনাক্ত কৰা হৈছে ।

ইফালে এই ঘটনাৰ তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হোৱা ভাভূয়া জিলা পৰিষদৰ সদস্য বিকাশ সিং ওৰফে লাল্লু পেটেলে কয় যে শিশুকেইটা ফকিৰানা পুখুৰীত গা ধুবলৈ গৈছিল । গা ধোৱাৰ সময়তে পুখুৰীত ডুব যোৱাৰ ফলত শিশুকেইটাৰ মৃত্যু হৈছে । ইয়াৰ পিছতে স্থানীয় গাঁওবাসীয়ে চাবৰ আৰক্ষী থানাক অৱগত কৰে আৰু যথেষ্ট কষ্টৰ পিছত তেওঁলোকে মৃতদেহকেইটা পুখুৰীটোৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে ভাভূয়া সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । আনহাতে, জিলা পৰিষদৰ সদস্যগৰাকীয়ে মৃতকৰ পৰিয়ালক চৰকাৰী ক্ষতিপূৰণ প্ৰদানৰো দাবী জনায় ।

লগতে পঢ়ক :Fire Incident in Bihar : বিহাৰত ভয়াৱহ অগ্নিকাণ্ডত অগ্নিদগ্ধ শতাধিক; বহুতৰে অৱস্থা সংকটজনক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.