ETV Bharat / bharat

Chhattisgarh Polls 2023 : ছত্তীশগড় বিধানসভা নিৰ্বাচন: স্বাধীনতাৰ পিছত প্ৰথমবাৰ ভোটগ্ৰহণ নক্সালগড় চান্দামেট্টাত - Chhattisgarh Assembly election 2023

ছত্তীশগড়ৰ জগদলপুৰ জিলাৰ নক্সালগড় চন্দামেটাত স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । প্ৰথমবাৰৰ বাবে নিজৰ গাঁৱত ভোটদান কৰি জনজাতীয় ভোটাৰসকল উৎসাহিত হোৱা দেখা গৈছে ।

ছত্তীশগড় বিধানসভা নিৰ্বাচন; স্বাধীনতাৰ পিছত প্ৰথমবাৰ ভোটগ্ৰহণ নক্সালগড় চান্দামেট্টাত
Chhattisgarh Polls 2023
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 6:24 PM IST

নিউজ ডেস্ক, ৭ নৱেম্বৰ : মঙলবাৰে অনুষ্ঠিত হয় ছত্তীশগড় বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । এইবাৰ বস্তাৰ সংমণ্ডলৰ বাবে ভোটগ্ৰহণ বিশেষ হিচাপে পৰিগণিত হৈছে । কিয়নো জগদলপুৰ জিলাৰ চান্দামেটা গাঁৱত স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । আনহাতে, ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ পিছত ভোটাৰসকলক অতি সুখী দেখা যায় ।

ছত্তীশগড় আৰু ওড়িশাৰ সীমাত অৱস্থিত দৰ্ভা উন্নয়ন খণ্ডৰ চান্দামেটা গাঁও হৈছে নক্সাল অধ্যুষিত অঞ্চল । ইয়াৰ পূৰ্বে এই অঞ্চলটোত সদায়ে নক্সালবাদীৰ উপস্থিতি আছিল । গাঁওখনত নক্সালবাদীৰ এটা প্ৰশিক্ষণ শিবিৰো আছিল । ইয়াত নক্সালবাদীক প্ৰশিক্ষণ দিয়া হৈছিল । অৱশ্যে নক্সালবাদীৰ প্ৰশিক্ষণ ক্ষেত্ৰ এতিয়াও তাত বিদ্যমান । মাত্ৰ এবছৰ পূৰ্বে নিৰাপত্তা বাহিনীয়ে তাত এটা শিবিৰ মুকলি কৰে । তাৰ পিছত এখন বিদ্যালয় আৰু এতিয়া তাত ভোটকেন্দ্ৰ স্থাপন হৈছে ।

উল্লেখ্য যে জগদলপুৰ জিলাৰ অতি দূৰৱৰ্তী নক্সাল প্ৰভাৱিত গাঁও চান্দামেটাত প্ৰথমবাৰৰ বাবে এই ভোটকেন্দ্ৰটো স্থাপন কৰা হৈছে । আনহাতে, স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে গাঁওখনৰ ভোটাৰে তেওঁলোকৰ নিজৰ গাঁৱত ভোট দিছে । গাঁওবাসীয়ে নিজৰ ঘৰৰ পৰা কিছু দূৰৈত অৱস্থিত প্ৰাথমিক বিদ্যালয়লৈ গৈ ভোটদান কৰি উৎসাহিত হোৱা দেখা গৈছে । তেওঁলোকে গাঁওখনত ভোটদান কৰি অত্যন্ত সুখী বুলিও উল্লেখ কৰে ।

"গাঁওখনত এটা ভোটকেন্দ্ৰ স্থাপন কৰাত আমি বহুত সুখী । ইয়াৰ পূৰ্বে ভোট দিবলৈ ছিন্দগুৰ গাঁৱলৈ যাবলৈ ৬-৭ কিলোমিটাৰ খোজকাঢ়িবলগা হৈছিল । গাঁওখনতে নিজৰ ভোটদান কৰি বহুত ভাল লাগিছে ।" গাঁওখনৰ এগৰাকী বাসিন্দাই কয় ।

চান্দামেটা ভোটকেন্দ্ৰত কেৱল চান্দামেটাৰ ভোটাৰে ভোটদান কৰায়ে নহয়, ছিন্দগুৰৰ গাঁওবাসীয়েও ভোটদান কৰে । পুৱাতেই জনজাতীয় ভোটাৰসকলে তেওঁলোকৰ সকলো কাম এৰি ভোটাৰৰ শাৰীত গৈ থিয় হয় ।

আনহাতে, চান্দামেটা গাঁৱৰ ভোটকেন্দ্ৰৰ বাবে তাত ভোটদানৰ শতাংশও বৃদ্ধি পাব বুলি আশা কৰা হৈছে । গাঁওখনত মুঠ ৩৩৭ গৰাকী ভোটাৰ আছে । কিন্তু পূৰ্বতে ভোট দিবলৈ আন গাঁৱলৈ যাবলগা হোৱাৰ বাবে সকলোৱে ভোটদান কৰিব পৰা নাছিল । যাৰ বাবে তেওঁলোকৰ ভোটদানৰ শতাংশও কম আছিল । কিন্তু এইবাৰ গাঁওখনত ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰাত সকলো ভোটাৰে ভোট দিবলৈ যায় ।

লগতে পঢ়ক :Chhattisgarh Election 2023 : প্ৰথমবাৰৰ বাবে ভোটদান ছত্তীশগড়ৰ ৯৩ বছৰীয়া ভোটাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.