নেচনেল ডেস্ক,১৬ জুলাই: জম্মু আৰু কাশ্মীৰৰ হজ যাত্ৰীসকলৰ প্ৰথম দলটো শনিবাৰে চৌদি আৰৱৰ পৰা উভতি আহিছে (first batch of Haji welcomed in Srinagar airport)। শনিবাৰে পুৱা ৭.৫০ বজাত প্ৰথম দলটোত উপস্থিত হোৱাৰ পিছতে তেওঁলোকক উষ্ম আদৰণি জনোৱা হয়।
শ্ৰীনগৰ বিমানবন্দৰত প্ৰথম দিনা ১৪৫ গৰাকী হাজী উভতি অহাৰ সময়ত জম্মু আৰু কাশ্মীৰ হজ কমিটীৰ কাৰ্যবাহী বিষয়া ড৹আব্দুল ছালাম,কাশ্মীৰৰ বিভাগীয় আয়ুক্ত পি কে পোল, মধ্য কাশ্মীৰ ৰেঞ্জৰ উপ-আৰক্ষী মহাপৰিদৰ্শক সুজিত কুমাৰে আদি কৰি উপস্থিত লোকসকলে হাজীসকলক আদৰণি জনোৱা বুলি জম্মু আৰু কাশ্মীৰ হজ কমিটীয়ে সদৰি কৰিছে (Executive Officer JK Hajj Committee Dr Abdul Salam and Divisional Commissioner Kashmir PK Pole welcomed Hajis)।
ইফালে, হজ যাত্ৰীসকলক দিয়া জামজামপানী ইতিমধ্যে শ্ৰীনগৰলৈ প্ৰেৰণ কৰা হৈছে । প্ৰতিগৰাকী হজ যাত্ৰীৰ বাবে 5 লিটাৰকৈ বিতৰণ কৰা হ'ব জামজামপানী (Zamzam water)। উল্লেখ্য় যে এই বছৰ জম্মু আৰু কাশ্মীৰৰ 6,000 ৰো অধিক লোকে হজ কৰিছিল ।এই সকলৰ ভিতৰত আছে 3 হাজাৰ 500 জন পুৰুষ আৰু 2 হাজাৰ 5শ 72 গৰাকী মহিলা । তদুপৰি ইয়াৰে 5800 হ'ল কাশ্মীৰৰ আৰু বাকীসকল জম্মু আৰু লাডাখ প্ৰদেশৰ ।
উল্লেখ্য় যে হজ যাত্ৰীসকলৰ প্ৰথমখন বিমান যোৱা ৫ জুনত শ্ৰীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা মদিনালৈ ৰাওনা হৈছিল (Srinagar International Airport)। আনহাতে,হজ যাত্ৰীসকলৰ অন্তিমখন বিমান ২১ জুনত উৰা মাৰিছিল। তীৰ্থযাত্ৰীসকলে 5 জুনৰ পৰা 21 জুনলৈ 40 খন বিমানৰে উৰা মাৰিছিল। অৱশ্য়ে 282 গৰাকী হজ যাত্ৰী দিল্লী বিমানবন্দৰৰ পৰা ৰাওনা হৈছিল বুলি জম্মু আৰু কাশ্মীৰ হজ কমিটীয়ে সদৰি কৰিছে।
লগতে পঢ়ক:Firing incident in J & K: জম্মু কাশ্মীৰৰ সেনা শিবিৰত গুলীচালনা; আহত চাৰিজন সেনা জোৱান