ETV Bharat / bharat

কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণত পৌৰ নিগমৰ কাউঞ্চিলৰ আৰক্ষী নিহত - আই জি পি বিজয় কুমাৰে

সোমবাৰে উত্তৰ কাশ্মীৰৰ ছ'প'ৰে অঞ্চলত থকা পৌৰ নিগমৰ কাৰ্যালয়ত প্ৰৱেশ কৰি খণ্ড উন্নয়ন পৰিষদৰ অধ্যক্ষা ফৰীদা খানক আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে । সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হয় এজন কাউঞ্চিলৰ আৰু এজন আৰক্ষী বিষয়া ।

কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণত পৌৰ নিগমৰ কাউন্সিলৰ, আৰক্ষী নিহত

author img

By

Published : Mar 29, 2021, 8:57 PM IST

নেশ্যনেল ডেস্ক, ২৯ মাৰ্চ: উত্তৰ কাশ্মীৰৰ ছ'প'ৰেস্থিত পৌৰ নিগমৰ কাৰ্যালয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ । সোমবাৰে সংঘটিত হয় এই ঘটনা । সন্ত্ৰাসবাদীয়ে প্ৰথমে খণ্ড উন্নয়ন পৰিষদৰ অধ্যক্ষা ফৰীদা খানক আক্ৰমণ কৰে । পিছতে পৌৰ নিগমৰ এজন কাউঞ্চিলৰ আৰু এজন আৰক্ষী বিষয়াক আক্ৰমণৰ লক্ষ্য কৰি লয় ।

ঘটনাৰ পিছতে দুয়োকে ততাতৈয়াকৈ নিকটৱৰ্তী চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে । নিহত আৰক্ষী বিষয়াগৰাকীৰ নাম শফকট আহমেদ আৰু কাউঞ্চিলৰ গৰাকীৰ নাম ৰিয়াজ আহমেদ ।

কাশ্মীৰৰ আই জি পি বিজয় কুমাৰে জনোৱা মতে, ছামছ উদ্দিন পীৰ নামৰ আন এজন কাউঞ্চিলৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হৈছে । আনহাতে, ভাৰতীয় জনতা পাৰ্টীয়ে দাবী কৰিছে যে, খণ্ড উন্নয়ন পৰিষদৰ অধ্যক্ষাগৰাকী বৰ্তমান সুৰক্ষিত । সম্প্ৰতি নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক:কেৰালাত চাউল বিতৰণ: নিৰ্বাচনী আয়োগৰ নিৰ্দেশ স্থগিত কৰিলে ন্যায়ালয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.