ETV Bharat / bharat

দিল্লীৰ ছফদৰজংগ হাস্পতালত অগ্নিকাণ্ড - ৰাজধানী দিল্লীৰ চফদৰজংগ হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড

ৰাজধানী দিল্লীৰ ছফদৰজংগ হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ৷ কথমপি প্ৰাণ ৰক্ষা 50 গৰাকী ৰোগীৰ ৷ চিকিৎসালয়খনৰ আইচিইউ কক্ষৰ পৰা সূত্ৰপাত হৈছিল এই অগ্নিকাণ্ডৰ ৷

Fire in safdarjung hospital
দিল্লীৰ চফদৰজংগ হাস্পতালত অগ্নিকাণ্ড
author img

By

Published : Mar 31, 2021, 11:45 AM IST

নেচনেল ডেস্ক,31 মাৰ্চ: ৰাজধানী চহৰ দিল্লীৰ ছফদৰজংগ হাস্পতালত বুধবাৰে পুৱা প্ৰায় 6.35 বজাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ৷ অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ কথা গম পোৱাৰ লগে লগে চিকিৎসালয় প্ৰশাসনে ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত এক ভয়ংকৰ সাম্ভাৱ্য বিপদৰ পৰা ৰক্ষা পৰে সকলো ৷

উল্লেখ্য যে, হাস্পতালখনৰ তিনি মহলীয়া ব্লকটোৰ তলৰ মহলাৰ আইচিইউ কক্ষৰ পৰা জুইৰ সূত্ৰপাত ঘটে ৷ জানিব পৰা মতে, অগ্নি নিৰ্বাপক বাহিনীৰ 9 খনকৈ গাড়ীয়ে জুই নিয়ন্ত্ৰণলৈ আনে ৷ অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাৰ ফলতে 50 গৰাকীকৈ ৰোগীৰ জীৱন ৰক্ষা পৰে ৷ বৰ্তমান আটাইকেইজন ৰোগীক প্ৰশাসনৰ সহযোগত অন্য ৱাৰ্ডলৈ স্থানান্তৰ কৰা হৈছে ৷

লগতে পঢ়ক: মধ্যপ্ৰদেশৰ খাণ্ডৱাত শিহৰণকাৰী দুৰ্ঘটনা: শিৰচ্ছেদ এগৰাকী কণমানিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.