নিউজ ডেস্ক, 14 জুন: বুধবাৰে সন্ধিয়া কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ভিতৰত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে । জুই নিয়ন্ত্ৰণৰ বাবে ততাতৈয়াকৈ তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সেই স্থানলৈ প্ৰেৰণ কৰা হয় । নিশা প্ৰায় 9.10 বজাত 3C ডিপাৰ্চাৰ গেটত এই অগ্নিকাণ্ডটো সংঘটিত হয় । নিৰাপত্তাৰক্ষীৰ চেক পইণ্টৰ এটা অংশও জুইত জাহ যায় ৷
অগ্নিকাণ্ডৰ পিচতে ততাতৈয়াকৈ বিমানযাত্ৰীসকলক সেই স্থানৰ পৰা আঁতৰাই নিয়া হয় । সন্দেহ কৰা হৈছে যে শ্বৰ্ট-চাৰ্কিটৰ ফলত জুই লাগিছিল ৷ অগ্নিকাণ্ডৰ ফলত কোনো হতাহতিৰ খবৰ লাভ কৰা হোৱা নাই । কিন্তু সঠিক অনুসন্ধানৰ পিচতহে প্ৰকৃত কাৰণটো জানিব পৰা যাব । 9.40 বজাত এই জুই সম্পূৰ্ণ ৰূপে নিৰ্বাপন কৰা হয় বুলি জানিব পৰা গৈছে ৷ 10.15 বজাৰ পৰা পুনৰ চেক-ইন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ তথ্য লাভ ৷
নিশা প্ৰায় 9 বজাত 3C ডিপাৰ্চাৰ গেটত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিচতে বিমানবন্দৰৰ ভিতৰৰ সমগ্ৰ এলেকা ঘন ক’লা ধোঁৱাই আৱৰি ধৰে । যিহেতু বিমানবন্দৰৰ ভিতৰত যাত্ৰী সকল অহা-যোৱা কৰি আছিল, সেয়েহে বিমানবন্দৰ কৰ্তৃপক্ষই কোনোধৰণৰ সুযোগ এৰি নিদিয়াকৈ অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগিতাত জুই নুমুওৱাত তৎপৰ হৈ পৰিছিল । সেই মুহূৰ্তত জুই নিয়ন্ত্ৰণলৈ আহিছিল আৰু সম্পূৰ্ণ এলেকাটো শীতলকৰণ কৰাৰ প্ৰক্ৰিয়া চলি আছিল বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে । প্ৰাথমিক তদন্তৰ অন্তত বিষয়াসকলে কয় যে শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ’ব পাৰে ।
অগ্নিকাণ্ডৰ পিছতে যাত্ৰা কৰিবলগীয়া কেইবাখনো বিমানৰ যাত্ৰা স্থগিত ৰখা হৈছিল । পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পিচতো বিমানবন্দৰ কৰ্তৃপক্ষই নিশ্চিত হোৱাৰ পিচতহে যাত্ৰীসকলক নিৰাপত্তাৰক্ষীৰ কাউণ্টাৰৰ মাজেৰে পাৰ হোৱাৰ অনুমতি দিছিল । যদিও বিমানবন্দৰ কৰ্তৃপক্ষই অগ্নিকাণ্ডৰ আঁৰৰ কাৰণ আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই, তথাপিও সূত্ৰসমূহে জনোৱা মতে, শ্বৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হৈছে ।
লগতে পঢ়ক : Manipur violence news: মণিপুৰৰ কাহিনী বিৱৰি ৰাষ্ট্ৰসংঘলৈ স্মাৰকপত্ৰ প্ৰেৰণ 15 টা সংগঠনৰ