নেশ্যনেল ডেস্ক, ১৩ এপ্ৰিল: পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত । হাতত পিষ্টল লৈ বিজেপি বিধায়ক যোগেশ বাৰ্মাক ভাবুকি দিলে প্ৰাক্তন পঞ্চায়ত প্ৰধান পৱন গুপ্তাৰ ভাতৃয়ে । ঘটনা সন্দৰ্ভত যোগেশ বাৰ্মা, পৱন গুপ্তাক আটক কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে । আৰক্ষী বিষয়া ফটেহ সিঙে জনোৱা মতে, পঞ্চায়ত নিৰ্বাচনত নিজৰ পছন্দৰ প্ৰাৰ্থীক টিকট প্ৰদান কৰাক লৈ বিবাদত লিপ্ত হৈছিল বিধায়ক যোগেশ বাৰ্মা আৰু প্ৰাক্তন পঞ্চায়ত প্ৰধান পৱন গুপ্তা । প্ৰথমে দুয়োৰে মাজত বাকযুদ্ধ চলিছিল ।
কিন্তু পৱন গুপ্তাৰ ভাতৃ সঞ্জয় গুপ্তাই পিষ্টল দেখুৱাই যোগেশ বাৰ্মাৰ চাৰ্টৰ কলাৰত ধৰি আৰক্ষীৰ সন্মুখতে প্ৰহাৰ কৰে আৰু ধমকি দিয়ে । এই ঘটনাৰ পিছতে দেওবাৰে সন্ধিয়া এখন এজাহাৰ দাখিল কৰা হয় । ইয়াৰ পিছত যোগেশ বাৰ্মায়ো সোমবাৰে এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাৰে জড়িত আন অভিযোগবোৰো তেওঁলোকে পূৰ্বৰ গোচৰৰ সৈতে একেলগে অন্তৰ্ভুক্ত কৰিব ।
পৰস্পৰৰ বিৰুদ্ধে ৰুজু কৰাৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে যোগেশ বাৰ্মা আৰু পৱন গুপ্তাক আটক কৰে । দুয়োকে সোধা-পোছাৰ বাবে আৰক্ষী থানাত হাজিৰ হ'বলৈ কোৱা হৈছিল । উক্ত দিনৰ বিবাদৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল । পিছত সঞ্জয় গুপ্তাৰ লগতে হিংসাত্মক কাণ্ডৰে জড়িত কেইবাজনো লোকৰ বিৰুদ্ধে আৰক্ষী উপ-পৰিদৰ্শক নৰেন্দ্ৰ প্ৰতাপ সিঙে গোচৰ ৰুজু কৰে ।
বিজেপিৰ জিলা সভাপতি সুনীল সিঙেও এক তদন্ত পেনেল গঠন কৰে আৰু তেওঁ কয় যে, এখন প্ৰতিবেদন লক্ষ্ণৌত দলৰ হাইকামাণ্ডলৈ প্ৰেৰণ কৰা হ'ব । তেওঁ লগতে কয় যে, এয়া ভুল বুজাবুজি আছিল আৰু তেওঁ দুয়োৰে সৈতে বাৰ্তালাপ কৰিছে । সুনীল সিঙে যোগেশ বাৰ্মা আৰু পৱন গুপ্তাৰ মাজৰ বিবাদ অন্ত পৰিছে বুলিও মন্তব্য কৰে । আনহাতে, বিজেপি বিধায়কগৰাকীয়ে কয় যে, এজাহাৰ দাখিল কৰাৰ আগতে তেওঁ দলৰ হাইকমাণ্ডৰ সিদ্ধান্তলৈ অপেক্ষা কৰিম ।
তেওঁ লগতে কয় যে, কেইগৰাকীমান প্ৰতিদ্বন্দীয়ে তেওঁলোকৰ মনোনয়ন পত্ৰ নিজে প্ৰত্যাহাৰ কৰিব বিচাৰিছিল । কিন্তু পৱন গুপ্তাই তেওঁলোকক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ বাধ্য কৰাইছিল । দলটোৱে নাখা খণ্ডৰ বাবে বিধায়ক সমৰ্থিত এজন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত লৈছিল । আনহাতে গুপ্তাই তেওঁৰ ঘনিষ্ঠ সহায়কে একেখন আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰাটো বিচাৰিছিল । দুয়োজন প্ৰতিদ্বন্দীয়ে তেওঁলোকৰ মনোনয়ন দাখিল কৰিছিল আৰু ইজনে সিজনৰ ভোটাৰক ভাবুকি দি আছিল ।
লগতে পঢ়ক:ৰঙালী বিহুলৈ সাজু বৰপেটাৰ বাদ্য ব্যৱসায়ী