নেশ্যনেল ডেস্ক, ৮ ডিচেম্বৰ: উত্তৰ প্ৰদেশত প্ৰাক্তন মুখ্য়মন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱৰ বিৰুদ্ধে মহামাৰী আইনৰ অধীন এটা গোচৰ ৰুজু কৰা হৈছে । সোমবাৰে নিশা অখিলেশ যাদৱ আৰু দলৰ আন ২৮ গৰাকী নেতাৰ বিৰুদ্ধে লক্ষ্ণৌ আৰক্ষীয়ে গোচৰ ৰুজু কৰে । সোমবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এক সমদলৰ নেতৃত্ব দিছিল ।
কিষান যাত্ৰাত অংশগ্ৰহণৰ বাবে কন্নৌজ অভিমুখে যাত্ৰা কৰাৰ সময়তে আৰক্ষীয়ে অখিলেশ যাদৱক বাধা প্ৰদান কৰে । কন্নৌজত অখিলেশ যাদৱে কিষান যাত্ৰাৰ নেতৃত্ব দিয়াৰ কথা আছিল । ইক' গাৰ্ডেনত অখিলেশ যাদৱক প্ৰায় ৫ ঘণ্টা ধৰি আৰক্ষীয়ে আবদ্ধ কৰি ৰাখে । সমাজবাদী পাৰ্টীৰ অধ্যক্ষগৰাকীক নজৰবন্দী কৰি ৰখাৰ খবৰ বিয়পি পৰাৰ পিছতে বিভিন্ন জিলাত দলৰ কৰ্মকৰ্তাই আৰক্ষীৰ সৈতে বিবাদত লিপ্ত হয় ।
লগতে পঢ়ক:৯ জানুৱাৰীত প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে