ETV Bharat / bharat

কৰ'ণাৰে যুঁজি আৰোগ্য লাভ একেটা পৰিয়ালৰ ১৩ জন সদস্য - মহমাৰীৰ কবলত

ক'ভিড-১৯ ক হৰুৱালে কৰ্ণাটকৰ একেটা পৰিয়ালৰে ১৩ জন সদস্যই । মহামাৰীৰ কবলত পৰিছিল উত্তৰ কানাড়া জিলাৰ চিদ্দাপুৰৰ হুদগাৰ গাঁৱৰ এটা পৰিয়াল । এতিয়া আৰোগ্য হৈ উঠিছে পৰিয়ালটোৰ সদস্যকেইজন ।

Fight against covid
কৰ'ণাৰে যুঁজি আৰোগ্য হ'ল একেটা পৰিয়ালৰ ১৩ জন সদস্য
author img

By

Published : May 13, 2021, 7:30 PM IST

নেশ্যনেল ডেস্ক,১৩ মে': মহামাৰীত আক্ৰান্ত হৈ দেশৰ ভিন্ন প্ৰান্তত বহু লোকে প্ৰাণ হেৰুওৱাৰ দুসংবাদে বৰ্তমান পৰিস্থিতিৰ ভয়াৱহতা বৃদ্ধি কৰাৰ সময়তে কৰ্ণাটকত মহামাৰীৰে যুঁজি সুস্থ হৈ চৰ্চালৈ আহিছে এটা পৰিয়াল । একেটা পৰিয়ালৰে ১৩ জন লোক আৰোগ্য হৈছে । কৰ্ণাটকৰ উত্তৰ কানাড়া জিলাৰ চিদ্দাপুৰৰ হুদগাৰ গাঁৱৰ দত্তাত্ৰেয় বীৰা গৌড়া নামৰ এজন লোকৰ এজন কৃষকৰ ঘৰত বিবাহৰ অনুষ্ঠান আয়োজন কৰা হৈছিল ।

কিন্তু বাধাৰ কাৰণ হৈ পৰিল কৰ'ণা । কিয়নো, কৃষক পৰিয়ালটোৰ ১৩ জন লোকৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল । ইয়াৰ পিছত সকলোৱে হোম আইচ'লেছনত থাকি এতিয়া আৰোগ্য হৈ উঠিছে । প্ৰথমে আটাইকেইজন সদস্যই জ্বৰত ভূগিছিল । কিন্তু বিবাহ অনুষ্ঠানৰ প্ৰস্তুতি চলোৱাত ব্যস্ত হৈ থকা বাবে তেওঁলোকে স্বাস্থ্য পৰীক্ষা কৰোৱা নাছিল ।

কিন্তু জ্বৰ কমা নাছিল । পিছত পৰিয়ালটোৰ তিনিজন লোকৰ ক'ভিড পৰীক্ষাৰ কৰোৱা হয় আৰু তিনিওজন আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে । তাৰ পিছত পৰিয়ালৰ সকলো সদস্যৰ ক'ভিড পৰীক্ষাৰ কৰোৱা হয় আৰু তেওঁলোক আক্ৰান্ত হোৱাতো নিশ্চিত হয় । পৰিয়ালটোৰ ৭ বছৰীয়া কণমানি এজনীও আক্ৰান্ত হৈছিল মহামাৰীত ।

পিছত চিকিৎসকৰ পৰামৰ্শ মতে, ঔষধ গ্ৰহণ কৰি পৰিয়ালৰ সদস্যসকল এতিয়া সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠিছে । চিকিৎসা লাভ কৰাৰ এসপ্তাহৰ ভিতৰত পৰিয়ালৰ ১৩ জন সদস্য আৰোগ্য হোৱাৰ পিছত আৰু ১৪ দিন কোৱাৰেণ্টাইনত থাকে । আনহাতে, ১৩ মে'ত অনুষ্ঠিত হ'বলগীয়া বিবাহ পিছুৱাই দিয়া হৈছে ।

লগতে পঢ়ক: ক'ভিড-১৯: দেশৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.