নেচনেল ডেস্ক, 12 এপ্ৰিল: উত্তৰ প্ৰদেশৰ এখন জিলা চিকিৎসালয়ত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা ৷ উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰৰ এখন চৰকাৰী চিকিৎসালয়ত দেওবাৰে এজন ৰোগীয়ে তেওঁৰ বিচনা দখলৰ বাবে তেওঁৰ সহৰোগীজনক হত্যা কৰে । আৰক্ষী অধীক্ষক সঞ্জয় কুমাৰে জানিব দিয়া মতে শনিবাৰে আব্দুল ৰেহমান নামৰ 35বছৰীয়া ৰোগীজনক চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা লগতে একেটা কোঠাতে 50 বছৰীয়া হংসৰাম নামৰ এজন ৰোগীকো ভৰ্তি কৰোৱা হয় ৷ একে কোঠাত ৰখা ৰোগী আব্দুল ৰেহমান কিছু সময়ৰ বাবে শৌচাগাৰত যায় আৰু ঘূৰি আহি হংসৰামক তেওঁৰ বিচনাত দেখি খং কৰে ৷ ৰোগীজনে বিচনা দখল কৰা বুলি দুয়োজনৰ মাজত তৰ্ক হয় আৰু খঙত ৰেহমানে হংসৰামক মাটিত ঠেলি দি তেওঁক আক্ৰমণ কৰে ৷ ইয়াৰ ফলত হংসৰামৰ মৃত্যু হয় ৷
উল্লেখ্য যে, চিকিৎসালয়ৰ বিষয়াসকলে জনোৱা অনুসৰি, তেওঁলোকে এই ঘটনাৰ বিষয়ে আৰক্ষীক খবৰ দিয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তজনক আটক কৰে আৰু তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।
লগতে পঢ়ক: কুঁৱা খান্দি থাকোতে মৃত্যু দুই শ্ৰমিকৰ