ETV Bharat / bharat

Bharat Jodo Yatra : ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত যোগদান ফাৰুক আব্দুল্লাৰ

ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত নেচনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লাৰ যোগদান । ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই উত্তৰ প্ৰদেশ পাৰ হৈ হাৰিয়ানাৰ মাজেৰে পাৰ গৈ জম্মু-কাশ্মীৰত প্ৰৱেশ কৰিব (Farooq Abdullah joins Bharat Jodo Yatra) ।

Rahul
Rahul
author img

By

Published : Jan 3, 2023, 6:17 PM IST

নিউজ ডেস্ক, ৩ জানুৱাৰী : নেচনেল কনফাৰেন্সৰ সভাপতি তথা সংসদ সদস্য ফাৰুক আব্দুল্লাই মঙলবাৰে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীৰ সৈতে যোগদান কৰে (Farooq Abdullah joins Bharat Jodo Yatra) ।

উল্লেখ্য, ফাৰুক আব্দুল্লা হৈছে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত যোগদান কৰা জম্মু আৰু কাশ্মীৰৰ প্ৰথমগৰাকী ৰাজনৈতিক নেতা (Rahul Gandhi Bharat Jodo Yatra) । এই ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীৰ উপৰি তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধীও আছিল (Priyanka Gandhi in Bharat Jodo Yatra) ।

৩০ জানুৱাৰীত জম্মু-কাশ্মীৰত সামৰণি পৰিব ভাৰত জোড়ো যাত্ৰা

আনহাতে, ফাৰুক আব্দুল্লা, পিডিপিৰ সভাপতি মেহবুব মুফতি (PDP President Mehboob Mufti) আৰু নেচনেল কনফাৰেন্সৰ (National Conference) উপ-সভাপতি ওমৰ আব্দুল্লায়ো জম্মু-কাশ্মীৰত এই যাত্ৰাত অংশগ্ৰহণ কৰিব ।

ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই মঙলবাৰে উত্তৰ প্ৰদেশৰ মাজেৰে পাৰ হৈ গৈ আছে আৰু এই ৰাজ্যখনৰ পিছত উক্ত যাত্ৰাই হাৰিয়ানাৰ মাজেৰে পাৰ হৈ জম্মু আৰু কাশ্মীৰত প্ৰৱেশ কৰিব (Bharat Jodo Yatra in Jammu Kashmir) । কংগ্ৰেছৰ মতে, ২২ জানুৱাৰীত ৰাহুল গান্ধীয়ে কাঠুৱাৰ লাখনপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰিব । তাৰ পিছত এই যাত্ৰা ৩০ জানুৱাৰীত শ্ৰীনগৰত সমাপ্ত হ'ব ।

কোৱা হৈছে যে শ্ৰীনগৰত ৰাহুল গান্ধীয়ে লালচ'কত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব । ইফালে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাক নিৰাপত্তাৰ সৈতে সফল কৰি তুলিবলৈ যোৱা সপ্তাহত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল (Congress General Secretary KC Venugopal) আৰু অন্যান্য নেতাসকলে ৰাজ্যখনৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাক সাক্ষাৎ কৰে আৰু তেওঁলোকক জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিবলৈ দিবলৈ অনুমতি বিচাৰে । এই সন্দৰ্ভত কে চি বেণুগোপালে কয় যে লেফটেনেণ্ট মনোজ সিনহাই তেওঁক ইয়াৰ অনুমতি দিয়ে আৰু নিৰাপত্তা ব্যৱস্থাও কৰা হ'ব বুলি জনায় ।

ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ ফাৰুক আব্দুল্লাৰ

উল্লেখ্য, অহা 30 জানুৱাৰীত অন্ত পৰিব কংগ্ৰেছে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰা ৷ 7 ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা ৷ শ্ৰীনগৰত ৰাহুল গান্ধীয়ে জাতীয় পতাকা উত্তোলন কৰি আনুষ্ঠানিকভাৱে সামৰণি পেলাব ভাৰত জোড়ো যাত্ৰাৰ ৷ এই কথা সদৰী কৰিছে কংগ্ৰেছ নেতা কে চি বেণুগোপালে ৷

অৱশ্যে 3500 কিলোমিটাৰ লক্ষ্য হিচাপে বান্ধি লোৱা এই পদযাত্ৰাত প্ৰকৃততে কিমান কিলোমিটাৰ অতিক্ৰম কৰা হ’ল বা ৰাহুল গান্ধীৰ সৈতে কিমান লোকে এই যাত্ৰাত সহযোগিতা আগবঢ়ালে তাৰ হিচাপ দিয়া নাই কংগ্ৰেছৰ তৰফৰ পৰা ৷ কিন্তু যাত্ৰা পথত ৰাহুল গান্ধীক আলিংগন কৰি কান্দি উঠা লোকসকলেই এই যাত্ৰাৰ সফলতা প্ৰমাণ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে কংগ্ৰেছ নেতা কে চি বেণুগোপালে ।

উল্লেখ্য যে কন্যাকুমাৰীৰ পৰা কাশ্মীৰক সাঙুৰি লোৱা এই বিশাল ভাৰত জোড়ো যাত্ৰাৰ অন্ত পৰাৰ পিছতেই কংগ্ৰেছে আৰম্ভ কৰিব ‘হাত ছে হাত জোড়ো’(Hath se hath jodo) যাত্ৰা ৷ দুমাহৰ বাবে কংগ্ৰেছে আৰম্ভ কৰিব ‘হাত ছে হাত জোড়ো’ যাত্ৰা ৷ আনহাতে, দেশৰ সৰ্ববৃৰ্বহৎ তথা পুৰণি ৰাজনৈতিক দলটোৱে 24 ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈ ছত্তীশগড়ৰ ৰায়পুৰত অনুষ্ঠিত কৰিব ৮৫ সংখ্যক পূৰ্ণাংগ অধিবেশন ৷

লগতে পঢ়ক :CPIM rally in Barpeta: বৰপেটাত CPIMৰ বিশাল জনসমাৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.