নেচনেল ডেস্ক, 25 এপ্ৰিল : দিল্লী টিক্ৰি সীমান্তত দীৰ্ঘদিন ধৰি টিকাকৰণৰ বিৰোধিতা কৰি অহা আন্দোলনকাৰী কৃষকসকলে অৱশেষত কৰ’ণা ভেকচিন ল'বলৈ সন্মত হৈছে । জিলা প্ৰশাসনে কৃষকসকলক কৰ’ণা ভেকচিন ল’বলৈ অনুপ্ৰাণিত কৰাত সফল হৈছে ৷ ১০ জন কৃষকে টিক্ৰি সীমান্তত ইতিমধ্যে টিকাকৰণৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছে । হাজাৰজন কৃষকৰ ভিতৰত 10 জন কৃষকে ভেকচিন গ্ৰহণ কৰাতো এক ইতিবাচক আৰম্ভণি ।
উল্লেখ্য যে, কেইবাটাও কৃষক সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ 3 কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি দিল্লীৰ সীমাৰ চাৰিওফালে শিবিৰ পাতিছে ৷ পঞ্জাৱৰ পৰা অহা কেইবাটাও কৃষকৰ গোটে টিক্ৰি সীমান্তৰ এই প্ৰতিবাদত যোগদান কৰিছে । এনে পৰিপেক্ষিতত কৃষকসকলৰ মাজত কৰ’ণা সংক্ৰমণক লৈ চিন্তিত হৈ পৰিছে জিলা প্ৰশাসন ৷ জিলা প্ৰশাসনে আন্দোলনকাৰী কৃষকসকলক নিৰন্তৰ সাক্ষাৎ কৰি আছিল আৰু তেওঁলোকক কৰ’ণা ভেকচিন লোৱাৰ বিষয়ে সৈমান কৰিবলৈ চেষ্টা কৰি আছিল । এই ক্ষেত্ৰত প্ৰশাসনে কৃষকসকলৰ উদ্দেশ্যে এটা ভেকচিন বুথো স্থাপন কৰিছিল ৷ কিন্তু ভেকচিন লবলৈ অমান্তি আছিল প্ৰতিবাদকাৰী কৃষকসকল ৷
অৱশেষত, কৃষক সংগঠনবোৰে কৃষকসকলক তেওঁলোকৰ সিদ্ধান্ত অনুসৰি টিকাকৰণ কৰিবলৈ আহ্বান জনাইছে । কৃষকসকলৰ এই ইতিবাচক পদক্ষেপ সন্দৰ্ভত অসামৰিক শৈল্য চিকিৎসক ডাঃ সঞ্জয় দাহিয়াই কয় যে চিকিৎসকৰ এটা দলে কৃষকসকলৰ সৈতে নিৰন্তৰ যোগাযোগত আছে আৰু তেওঁলোকক টিকাকৰণ কৰিবলৈ উৎসাহিত কৰি আছে । কিছুসংখ্যক কৃষক ভেকচিন ল’বলৈ ইতিমধ্যে আগবাঢ়ি অহাতো শুভ লক্ষণ ৷ টিকাকৰণৰ বাবে আগলৈ আৰু অধিক কৃষক আগবাঢ়ি আহি ভয়ংকৰ মহামাৰী সংক্ৰমণ ৰোধ কৰাত সহায় কৰিব আশা প্ৰকাশ কৰে চিকিৎসকগৰাকীয়ে ।
লগতে পঢ়ক : কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয় কৰ'ণাত আক্ৰান্ত