ETV Bharat / bharat

সিন্ধু সীমান্তত কৃষক ইউনিয়নৰ বৈঠক

author img

By

Published : Dec 9, 2020, 3:42 PM IST

বিদ্ৰোহ কৰি ক্লান্ত হোৱা নাই দেশৰ কৃষক সমাজ । পৰৱৰ্তী কাৰ্যসূচী সন্দৰ্ভত আজি সিন্ধু সীমান্তত কৃষক ইউনিয়নৰ বৈঠক । মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে বৈঠকত মিলিত হোৱাৰ পিছতো সমাধান নহ'ল কৃষকৰ সমস্যা ।

আজি সিন্ধু সীমান্তত কৃষক ইউনিয়নৰ বৈঠক
আজি সিন্ধু সীমান্তত কৃষক ইউনিয়নৰ বৈঠক

নেশ্যনেল ডেস্ক, ৯ ডিচেম্বৰ: মঙলবাৰে অনুষ্ঠিত হোৱা কৃষক নেতা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠকতো কৃষকৰ সমস্যাৰ সমাধান সূত্ৰ নোলাল । কৃষকৰ স্বাৰ্থ বিৰোধী আইন বাতিলৰ দাবীত অটল কৃষক সমাজ । আনহাতে, নিজৰ সিদ্ধান্তক লৈ আঁকোৰগোজ কেন্দ্ৰীয় চৰকাৰ । বৈঠকত অংশগ্ৰহণ কৰা এগৰাকী নেতাই প্ৰকাশ কৰা অনুসৰি, তিনিওখন কৃষি আইন বাতিলৰ দাবীক চৰকাৰে প্ৰত্যাখান কৰে আৰু কেৱল সংশোধনৰ প্ৰতিশ্ৰুতিহে দিয়ে ।

দিল্লীত নেশ্য়নেল এগ্ৰিকালচাৰ চায়েন্স কমপ্লেক্সত অনুষ্ঠিত হোৱা ২ ঘণ্টীয়া বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনা কৰে ১৩ গৰাকী কৃষক নেতাই । নিখিল ভাৰতীয় কৃষক সভাৰ সাধাৰণ সম্পাদক হানান মোল্লাহে বৈঠকৰ পিছত অসন্তুষ্টি প্ৰকাশ কৰি কয় যে, 'কৃষি আইন বাতিল কৰিবলৈ জনোৱা দাবীক চৰকাৰে মানি লোৱা নাই । চৰকাৰে আইন তিনিখনৰ কেৱল কেইটামান বিষয়হে সংশোধনৰ প্ৰস্তাৱ দিছে ।' চৰকাৰৰ এই প্ৰস্তাৱলৈ কৃষক নেতাসকলে সমৰ্থন জনোৱাৰ পৰা বিৰত থাকে আৰু মঙলবাৰৰ বৈঠকতো কৃষকৰ সমস্যা অমীমাংসিত হৈ ৰয় ।

কৃষক নেতাগৰাকীয়ে লগতে কয় যে, 'এইখন বৈঠকত নতুনত্ব একো নাছিল । কিয়নো, চৰকাৰৰ তৰফৰ পৰা পূৰ্বৰ দৰেই কৃষি আইনৰ পৰা কৃষকে পাবলগীয়া লাভৰ বিষয়ে ব্যাখ্য কৰা হ'ল । আমাৰ স্পষ্ট দাবী যে, কৃষি আইন বাতিল কৰিব লাগিব । কিন্ত চৰকাৰে কেৱল সংশোধন কৰাতহে গুৰুত্ব দিছে' । হানান মোল্লাহে কয় যে, বৈঠকত চৰকাৰৰ তৰফৰ পৰা কৈছে যে, বুধবাৰে পুৱা কৃষকসকলক এক প্ৰস্তাৱ আগবঢ়াৱ । যেতিয়ালৈকে চৰকাৰে কৃষি আইন বাতিল কৰাৰ প্ৰতিশ্ৰুতি লিখিতভাৱে নিদিয়ে তেতিয়ালৈকে চৰকাৰৰ সৈতে বৈঠকত মিলিত হোৱাৰো কোনো মূল্য নাই বুলি মন্তব্য় কৰে কৃষক নেতাগৰাকীয়ে ।

কৃষক নেতা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত বুধবাৰে পুনৰ আলোচনা হোৱাৰ সম্ভাৱনা আছে । আনহাতে কৃষকৰ পৰৱৰ্তী কাৰ্যসূচী সন্দৰ্ভত আজি সিন্ধু সীমান্তত কৃষক নেতাসকল বৈঠকত মিলিত হ'ব । এক সূত্ৰই প্ৰকাশ কৰা মতে, মঙলবাৰেও কৃষক নেতাসকলে বৈঠকত মিলিত হৈছিল । কিন্ত নিজৰ মাজতে কিছু মতভেদৰ সৃষ্টি হয় । চৰকাৰৰে হোৱা বৈঠকখন সন্ধিয়া ৭.৩০ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী চৰকাৰী বাসভৱনত অনুষ্ঠিত হোৱাৰ কথা আছিল ।

কিন্তু বহু কেইগৰাকী নেতাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বাসভৱনলৈ যাবলৈ অমান্তি হয় । পিছত নেশ্য়নেল এগ্ৰিকালচাৰ চায়েন্স কমপ্লেক্সত বৈঠক অনুষ্ঠিত হয় । বৈঠকত অংশ লোৱাৰ পূৰ্বে কৃষক নেতাসকলে দাবী কৰে যে তেওঁলোকে আহ্বান জনোৱা ভাৰত বন্ধ সফল হৈছে, কিয়নো ৰাইজে কৃষকলৈ সমৰ্থন আগবঢ়াইছে ।

লগতে পঢ়ক:ক'ভিড-19 ৰ প্ৰতিষেধকৰ বুজ ল'বলৈ হাইদৰাবাদত 64 দেশৰ দূত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.