ETV Bharat / bharat

দেশজুৰি কৃষকে পালন কৰে 'সদ্ভাৱনা দিৱস' - Farmers to observe day-long fast today

কেন্দ্ৰৰ নতুন কৃষি আইনৰ প্ৰতিবাদত মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী অৰ্থাৎ ৩০ জানুৱাৰীৰ দিনটো পালন কৰে 'সদ্ভাৱনা দিৱস' হিচাপে । দিল্লীৰ সিংঘু সীমান্তত এক সংবাদমেল সম্বোধন কৰি নেতাসকলে কেন্দ্ৰৰ শাসকীয় বিজেপিক সমালোচনা কৰে আৰু কৃষি আইনৰ বিৰুদ্ধে তেওঁলোকৰ শান্তিপূৰ্ণ আন্দোলনক চৰকাৰে ধ্বংস কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে ।

দেশজুৰি কৃষকে পালন কৰে 'সদ্ভাৱনা দিৱস'
দেশজুৰি কৃষকে পালন কৰে 'সদ্ভাৱনা দিৱস'
author img

By

Published : Jan 30, 2021, 1:30 PM IST

নিউজ ডেস্ক,৩০ জানুৱাৰী : কেন্দ্ৰৰ নতুন কৃষি আইনৰ প্ৰতিবাদ কৰা কৃষকসকলে মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী অৰ্থাৎ ৩০ জানুৱাৰীৰ দিনটো পালন কৰিব 'সদ্ভাৱনা দিৱস' হিচাপে । লগতে দিনজুৰি উপবাসে থাকিব বুলি শুকুৰবাৰে এক সংবাদমেলত জনায় কৃষক নেতা সকলে । তেওঁলোকে আশা কৰে যে ইয়াৰ জৰিয়তে তেওঁলোকৰ আন্দোলনত দেশৰ আৰু অধিক কৃষকে যোগ দিব ফলত তেওঁলোকৰ আন্দোলন অধিক শক্তিশালী হ'ব । কৃষক নেতাসকলে জনোৱা মতে তেওঁলোকৰ উপবাস দিনৰ ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ হ'ব আৰু দেশৰ জনসাধাৰণক তেওঁলোকৰ সৈতে যোগদান দিবলৈ আহ্বান জনায়।

দিল্লীৰ সিংঘু সীমান্তত এক সংবাদমেল সম্বোধন কৰি নেতাসকলে কেন্দ্ৰৰ শাসকীয় বিজেপিক সমালোচনা কৰে আৰু কৃষি আইনৰ বিৰুদ্ধে তেওঁলোকৰ শান্তিপূৰ্ণ আন্দোলনক চৰকাৰে ধ্বংস কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে । ইফালে বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে কৃষক নেতা ৰাকেশ টিকাইটক গাজীপুৰ সীমান্তৰ পৰা আঁতৰাবলৈ চেষ্টা কৰাৰ পিছত গাজীপুৰ, সিংঘু আৰু টিকৰি আদি মূল প্ৰতিবাদস্থলীত আন্দোলন কাৰীৰ সংখ্য়া বৃদ্ধি হোৱা বুলিও দাবী জনায় কৃষক নেতাসকলে ।

সিন্ধুপুৰৰ ভাৰতীয় কৃষক সংঘৰৰ নেতা জগজিৎ সিং দালেৱালে কয় যে কৃষক আন্দোলন ধ্বংস কৰিবলৈ শাসকীয় বিজেপিৰ ষড়যন্ত্ৰৰ ৰহস্য় এতিয়া সকলোৰে সন্মুখত ফাদিল হৈছে ।

ভাৰতীয় কৃষক সংঘৰ নেতা যুধবীৰ সিঙে কয় যে বিজেপিয়ে তেওঁলোকক ৰাষ্ট্ৰীয় পতাকাক সন্মান কৰাৰ বিষয়ে কোৱাৰ প্ৰয়োজন নাই কাৰণ আন্দোলনকাৰী বহু কৃষকৰ সন্তানে সীমান্তৰ যুদ্ধত অৱতীৰ্ণ হয়।

ক্ৰান্তিকাৰী কৃষক সংঘৰ নেতা দৰ্শন পালে কয় যে পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু অন্যান্য ৰাজ্যৰ বহু সংখ্যক কৃষকে আন্দোলনত যোগদান কৰিবলৈ দিল্লীৰ ফালে আগবাঢ়ি আছে । তেওঁ দাবী কৰা মতে পঞ্জাৱৰ মোহালিৰ পৰা ৮০০ ৰো অধিক ট্ৰেক্টৰ ট্ৰলীয়ে দিল্লীৰ বিভিন্ন সীমান্ত স্থানলৈ যাবলৈ আৰম্ভ কৰিছে । লগতে তেওঁ চৰকাৰক প্ৰতিবাদস্থলী সমূহত ইন্টাৰনেটৰ ব্য়ৱস্থা পুনৰ সংস্থাপনৰ বাবেও দাবী জনাই অন্য়থা আৰু অধিক প্ৰতিবাদ কৰা হ'ব বুলি তেওঁ হুংকাৰ দিয়ে । নেতা গৰাকীয়ে কয় যে তেওঁলোকে পূৰ্বেও শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছিল আৰু ভৱিষ্য়তেও কৰিব যাৰ বাবে সকলোকে তেওঁলোকৰ এই শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে আহ্বান জনাই নেতাগৰাকীয়ে ।

আন এগৰাকী কৃষক নেতা বলবীৰ সিং ৰাজেৱালে অভিযোগ কৰে যে ২৬ জানুৱাৰীত আৰম্ভ হোৱা চৰকাৰৰ ষড়যন্ত্ৰ ইতিমধ্য়ে ৰাইজে গম পাইছে । লগতে সেই ঘটনাৰ নিন্দা কৰি তেওঁ অভিযোগ উত্থাপন কৰে যে সিংঘু সীমান্তত বিজেপিৰ নিৰ্দেশত স্থানীয়ভাৱে আন্দোলন গঢ়ি তোলা হৈছিল ।

লগতে সংযুক্ত কৃষক মৰ্চাৰ ফালৰ পৰা এক বিবৃতি প্ৰকাশ কৰা হয় আৰু তাত কোৱা হয় যে শান্তিপূৰ্ণ কৃষকৰ আন্দোলনক চৰকাৰে হিংসাত্মক ৰূপ দিয়াৰ চেষ্টা কৰিছে । বিবৃতিটোত ইয়াকো কোৱা হৈছে যে আৰক্ষী আৰু বিজেপি-আৰএছএছয়ে এই আন্দোলন ধ্বংস কৰিবলৈ বাৰাম্বাৰ গাজীপুৰ সীমান্ত, সিংঘু সীমান্ত আৰু টিকৰিৰ পৰা কৃষকসকলক উচ্চেদ কৰাৰ বাবে আৰক্ষীয়ে চেষ্টা কৰিছে ।

চৰকাৰে পৰিকল্পিতভাৱে মিছা প্ৰচাৰ চলাই আন্দোলনক হিংসাৰ ৰূপ দিয়াৰ চেষ্টা কৰা কাৰ্যক গৰিহণা দিয়াৰ লগতে বিবৃতিটোত কেৱা হৈছে যে ৩০ জানুৱাৰীত সত্য আৰু অহিংসাৰ মূল্যবোধ বিস্তাৰ কৰিবলৈ কৃষকসকলে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব ।

লগতে পঢ়ক : ভাৰত-পাকিস্তানৰ সামৰিক সংঘৰ্ষ হ'ব চৰম বিপৰ্যয়ৰ বিষয় : ৰাষ্ট্ৰসংঘ সচিব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.