নেচনেল ডেস্ক, 18 ডিচেম্বৰ: হাড় কপোৱা জাৰকো নেওচি তিনি নতুন কৃষি আইন প্ৰত্যাহাৰৰ দাবীৰে কৃষকৰ প্ৰতিবাদ একেৰাহে 23 দিনলৈ অব্যাহত আছে ৷ বিগত 22 দিন ধৰি দিল্লী সীমান্তত ঠায়ে ঠায়ে হাজাৰৰো অধিক কৃষক বাহৰ পাতিছে ৷ তেওঁলোকৰ দাবী মাথো এটাই নতুন কৃষি আইন তিনিখন অতি সোনকালে প্ৰত্যাহাৰ কৰিব লাগে ৷
কৃষক নেতা সকলে বুধবাৰে কয় যে কলিন গনচালভেচ, দুষ্যন্ত দাভে আৰু প্ৰশান্ত ভূষণকে ধৰি জ্যেষ্ঠ উকীল সকলৰ সৈতে তেওঁলোক আলোচনাত মিলিত হ’ব আৰু পাছৰ পৰ্যায়ৰ কৰ্মসূচীৰ বিষয়ে কোনো এক সিদ্ধান্ত উপনীত হ'ব ৷
লগতে পঢ়ক:নতুন কৃষি আইনৰ সন্দৰ্ভত মধ্য প্ৰদেশৰ কৃষকক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
অহিংস আন্দোলন কৰাৰ বাবে কৃষক সকলৰ অধিকাৰক স্বীকৃতি প্ৰদান কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক প্ৰতিবাদকাৰী সকলে ধন্যবাদ জ্ঞাপন কৰে; কিন্তু লগতে এই কথাও উল্লেখ কৰে যে কোনো এক কংক্ৰিট সমাধান নোপোৱালৈকে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব ৷
বৃহস্পতিবাৰে কৃষকসকলে প্ৰতিবাদ থলীতে আত্মহত্যা কৰা তেওঁলোকৰ শিখ সহযোগী সন্ত ৰাম সিঙলৈ শ্ৰদ্ধাঞ্জলি জনাই দুই মিনিটৰ মৌন প্ৰাৰ্থনা কৰে ৷
লগতে পঢ়ক:কৃষক বিদ্ৰোহ : প্ৰচণ্ড ঠাণ্ডাৰ মাজতো কৃষকৰ প্ৰতিবাদ অব্যাহত
ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে অহিংস আন্দোলন সাব্যস্ত কৰাৰ বাবে কৃষকসকলৰ অধিকাৰক স্বীকৃতি প্ৰদান কৰিছিল আৰু প্ৰতিবাদকাৰী কৃষকসকলৰ সৈতে এক সফল আলোচনা আগবঢ়োৱাৰ উদ্দেশ্যে বহুবিতৰ্কিত কৃষি আইনখনক স্থগিত ৰখাৰ প্ৰস্তাব আগবঢ়াইছিল ৷ অৱশ্যে কৃষকসকল কোনো আলোচনালৈ আগবাঢ়ি নাহে বুলি কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ এই প্ৰস্তাৱক প্ৰত্যখান কৰিছিল ৷
উচ্চতম ন্যায়ালয়েও এই কথা স্পষ্ট কৰি দিছে যে আইনৰ বৈধতা নহয় বৰঞ্চ কৃষকৰ প্ৰতিবাদ আৰু অন্য সকলৰ অধিকাৰহে এই মুহুৰ্তত অধিক বিচাৰ্য বিষয় ৷ শীৰ্ষ আদালতে কয় যে প্ৰতিবাদ কৰাৰ বাবে থকা কৃষকৰ যি অধিকাৰ আছে সেই অধিকাৰে অন্যান্য লোক সকলৰ মৌলিক অধিকাৰ খৰ্ব কৰিব নালাগে ৷ প্ৰতিবাদ কৰাৰ বাবে থকা অধিকাৰে সমগ্ৰ চহৰ অৱৰুদ্ধ কৰি ৰখাটো নুবুজায় ৷
লগতে পঢ়ক: প্ৰতিবাদী কৃষকক টোমৰৰ পত্ৰ পঢ়িবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ