ETV Bharat / bharat

30 ডিচেম্বৰত চৰকাৰৰ সৈতে বৈঠকত মিলিত হ’ব কৃষক - Farmers agree to govt proposal for talks on Dec 30 etv bharat news

30 ডিচেম্বৰত নতুন কৃষি আইন সম্পৰ্কত আলোচনাৰ বাবে চৰকাৰে কৃষকসকললৈ আগবঢ়োৱা বৈঠকৰ প্ৰস্তাৱত সন্মতি আগবঢ়াইছে প্ৰতিবাদী কৃষকসকলে ৷

Farmers agree to govt proposal for talks on Dec 30 etv bharat news
কৃষকৰ প্ৰতিবাদ
author img

By

Published : Dec 29, 2020, 12:32 PM IST

Updated : Dec 29, 2020, 2:15 PM IST

নতুন দিল্লী,29 ডিচেম্বৰ: 30 ডিচেম্বৰত নতুন কৃষি আইন সম্পৰ্কত আলোচনাৰ বাবে চৰকাৰে কৃষকসকললৈ আগবঢ়োৱা বৈঠকৰ প্ৰস্তাৱত সন্মতি আগবঢ়াইছে কৃষকসকলে ৷ সোমবাৰে এই প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই কৃষকসকলে নতুনকৈ প্ৰৱৰ্তন কৰা তিনিখনকৈ কৃষি আইন বাতিল কৰাৰ সম্পৰ্কত চৰকাৰৰ সৈতে বৈঠকত মিলিত হ’ব ৷ কৃষকসকলে 29 ডিচেম্বৰত এই বৈঠকত মিলিত হ’ব বিচাৰিছিল যদিও কেন্দ্ৰ চৰকাৰে এক পত্ৰযোগে 30 ডিচেম্বৰত এই বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

সমৰ্থ কৃষক মৰ্চাৰ সদস্য অভিমন্যু কোহাৰ, যি প্ৰায় 40 টা সংগঠনৰ নেতৃত্ব বহন কৰি আহিছে, বিবাদমান আইনখনৰ বিৰোধিতা কৰি আহিছে ৷ কিন্তু শেহতীয়াকৈ চৰকাৰৰ প্ৰস্তাৱত সন্মতি দিয়ে কৃষক নেতাগৰাকীয়ে ৷ "আমি সাংগঠনিক ৰূপত চৰকাৰৰ সৈতে বৈঠকত মিলিত হ’বলৈ প্ৰস্তুত" বুলি কোহাৰে মন্তব্য প্ৰকাশ কৰে ৷

অখিল ভাৰতীয় কৃষক সংঘৰ্ষ সমন্বয় সমিতিয়ে এক বিবৃতিত প্ৰকাশ কৰে যে, কেন্দ্ৰীয় কৃষি অধিনিয়মৰ অন্তৰ্গত চাৰিটা বিশেষ পৰিকল্পনা সম্পৰ্কে বৈঠকত আলোচনাৰ বাবে সন্নিৱিষ্ট কৰা হ’ব ৷

কিন্তু এই সম্পৰ্কত চৰকাৰে এতিয়াও স্থিতি স্পষ্ট কৰা নাই ৷ চৰকাৰে শেহতীয়াকৈ জনোৱা আমন্ত্ৰণত এই চাৰিটা পৰিকল্পনা সম্পৰ্কে উল্লেখ কৰাৰ লগতে ছেপ্তেম্বৰত কাৰ্যকৰী কৰা কৃষি আইন তিনিখন বাতিল কৰাৰ সম্পৰ্কত উল্লেখ কৰা হৈছিল ৷

ইয়াৰ মাজতে সিংঘু সীমান্তত বিগত 28 নৱেম্বৰত সহস্ৰাধিক কৃষক সমবেত হৈ কৃষি আইনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিছিল ৷ এইসকল কৃষকক পুনৰ সোমবাৰে প্ৰতিবাদকাৰীৰ ৰূপত দেখা যায় ৷ সম্প্ৰতি এই প্ৰতিবাদে আন্দোলনৰ ৰূপ ধাৰণ কৰা দেখা গৈছে ৷ কিয়নো প্ৰতিবাদস্থলীৰ অধিকাংশ ঠাই কৃষকৰ ট্ৰেক্টৰে ঘেৰি ধৰিছে ৷

এই আন্দোলনে এমাহ সম্পূৰ্ণ কৰাৰ পিছতো কৃষকসকলে জংগী আন্দোলনৰ বাবে সাজু বুলি মন্তব্য কৰে ৷ কৃষকসকললৈ আন্দোলনৰ সময়ছোৱাতো পৰ্যাপ্ত পৰিমাণৰ খাদ্য আৰু বস্ত্ৰৰ যোগান অব্যাহত আছে ৷

এই আইন কাৰ্যকৰী হ’লে বজাৰ ব্যৱস্থাৰ অৱসান হোৱাৰ আশংকা কৰা হৈছে ৷ সেয়ে আইন তিনিখন বাতিল কৰিবলৈ কৃষকসকলে আন্দোলন অব্যাহত ৰাখিছে ৷ কিছুদিনপূৰ্বে প্ৰতিবাদস্থলীৰ পৰা ঘৰলৈ যোৱা কৃষকসকলে দুগুণ উৎসাহেৰে ঘৰৰ পৰা পৰিয়ালৰ সৈতে পুনৰ প্ৰতিবাদস্থলীলৈ উভতি আহিছে ৷ তদুপৰি এই প্ৰতিবাদী আন্দোলন অব্যাহত ৰাখিবলৈ পঞ্জাৱৰ প্ৰতিখন গাঁৱৰ প্ৰতিটো পৰিয়ালে 1000 টকাকৈ আগবঢ়াইছে ৷ জানুৱাৰীৰ প্ৰথম সপ্তাহতে ফতেহগড় অঞ্চলৰ পৰা বৃহৎ সংখ্যক কৃষক আহি এই আন্দোলনত যোগ দিব ৷

লগতে চাওকঃ ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ

Last Updated : Dec 29, 2020, 2:15 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.