ETV Bharat / bharat

ৰজনীকান্তৰ বাসগৃহৰ সমীপত অনুৰাগীৰ আত্মহননৰ চেষ্টা - Rajinikant

চেন্নাইৰ আৰক্ষী ৰজনীকান্তৰ বাসগৃহৰ সমীপৰ পোচ বাগানত উপস্থিত হৈ আত্মহত্যাৰ চেষ্টা কৰা লোকজনক আটক কৰে আৰু তেওঁক ৰয়াপেট চৰকাৰী হাস্পাতাললৈ প্ৰেৰণ কৰে ।

Fan tried to set fire himself near Rajini's house, insisting him to come for politics
ৰজনীকান্তৰ বাসগৃহৰ সমীপত অনুৰাগীৰ আত্মহননৰ চেষ্টা
author img

By

Published : Jan 1, 2021, 9:24 AM IST

নিউজ ডেস্ক, 1 জুলাই : দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তৰ এগৰাকী অনুৰাগীয়ে অভিনেতাগৰাকীক ৰাজনীতিলৈ আহিব লাগে বুলি দাবী জনাই বৃহস্পতিবাৰে আত্মহননৰ চেষ্টা চলায় ৷ উল্লেখ্য যে, দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তে 29 ডিচেম্বৰত নিজৰ ৰাজনৈতিক দল ঘোষণাৰ দুদিন পূৰ্বে টুইটাৰত তিনি পৃষ্ঠাজোৰা এখন পত্ৰ প্ৰকাশ কৰি ৰাজনীতিত প্ৰৱেশ নকৰাৰ কথা ঘোষণা কৰে ৷ অভিনেতাগৰাকীয়ে তেওঁৰ স্বাস্থ্যৰ অৱস্থাত সুস্থিৰ নোহোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷

ৰজনীকান্তৰ এই সিদ্ধান্ত তেওঁৰ অনুৰাগীৰ বাবে এটা ডাঙৰ আঘাত আছিল ৷ অভিনেতাগৰাকীৰ একাংশ অনুৰাগীয়ে তেওঁৰ সিদ্ধান্তক সমৰ্থন কৰাৰ বিপৰীতে আন একাংশই তেওঁক ৰাজনীতিত বাবে আহিবলৈ দাবী জনাই ঘৰৰ সন্মুখত বাহৰ পাতে । এই পৰিস্থিতিৰ মাজতেই বৃহস্পতিবাৰে বিয়লি 3.45 বজাত মুৰুগেচন (55) নামৰ এজন অনুৰাগীয়ে ৰজনীকান্তক ৰাজনীতিলৈ আহিবলৈ দাবী জনাই নিজৰ শৰীৰত অগ্নি সংযোগ কৰি আত্মহননৰ চেষ্টা কৰে ৷

এই ঘটনাৰ পাছতেই চেন্নাইৰ আৰক্ষী ৰজনীকান্তৰ বাসগৃহৰ সমীপৰ পোচ বাগানত উপস্থিত হৈ আত্মহত্যাৰ চেষ্টা কৰা লোকজনক আটক কৰে আৰু তেওঁক ৰয়াপেট চৰকাৰী হাস্পাতাললৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে বৰ্তমান ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : পিতৃয়ে 70 হাজাৰ টকাত বিক্ৰী কৰে কন্যাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.