নেশ্যনেল ডেস্ক, ৭ এপ্ৰিল: ছত্তিশগড়ৰ মাওবাদী আক্ৰমণত শ্বহীদ হোৱা উত্তৰ প্ৰদেশৰ ঠেখান গাঁৱৰ বাসিন্দা শ্বহীদ জোৱান ধৰ্মদেৱৰ নশ্বৰ দেহ সোমবাৰে নিশা দুলীপুৰৰ চিআৰপিএফ শিবিৰত উপস্থিত হয় । তাৰ পাচতে হাজাৰ হাজাৰ লোকে শ্বহীদ গৰাকীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইফালে, শ্বহীদ জোৱানৰ পিতৃ ৰামশ্ৰয় গুপ্তা আৰু কনিষ্ঠ ভাতৃ ধনঞ্জয়ে মৃত সৈনিকজনৰ অন্তিম সংস্কাৰ কৰিবলৈ অস্বীকাৰ কৰে । মুখ্যমন্ত্ৰী বা প্ৰতিৰক্ষা মন্ত্ৰী অহাৰ পাচতহে মৃতদেহৰ সৎকাৰ কৰা হ'ব বুলি পৰিয়ালৰ লোকে কয় । লগতে পৰিয়ালৰ এই সিদ্ধান্তত গাঁওবাসীও অটল ।
পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ গৃহ জিলাত এনে ঘটনা সংঘটিত হোৱাৰ পাচতো শাসকীয় দলৰ কোনো এগৰাকী জনপ্ৰতিনিধি উক্ত গাঁৱলৈ অহা নাই । ভাতৃ ধনঞ্জয়ৰ অভিযোগ অনুসৰি, চান্দৌলিৰ দুজনকৈ কেবিনেট মন্ত্ৰী থকাৰ পাচতো কোনো এগৰাকী মন্ত্ৰীয়ে শ্বহীদৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জনাবলৈ নাহিল । গতিকে যেতিয়ালৈকে মুখ্যমন্ত্ৰী বা প্ৰতিৰক্ষা মন্ত্ৰীৰ কোনো এগৰাকী নাহে তেতিয়ালৈকে শ্বহীদ ধৰ্মদেৱৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা নহয় বুলি কয় ।
অৱশ্যে, পিতৃ ৰামশ্ৰয় গুপ্তাৰ প্ৰতিৰক্ষা মন্ত্ৰীৰে হোৱা টেলিফোনিক বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে শ্বহীদৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হ'ব নোৱাৰে বুলি কয় । তেওঁৰ ব্যস্ততাৰ বাবে উপস্থিত থাকিব নোৱাৰিব বুলি কয় । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে কথা পাতি মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে এগৰাকী দক্ষ মন্ত্ৰীয়ে শ্বহীদৰ অন্তিম সংস্কাৰত উপস্থিত থাকিব বুলি আশ্বাস প্ৰদান কৰে ।
লগতে পঢ়ক: বিস্ফোৰক সামগ্ৰী আৰু ড্ৰাগছসহ গ্ৰেপ্তাৰ পাকিস্তানী নাগৰিক