ETV Bharat / bharat

Family celebrates birth of baby girl : এটি কন্যা শিশুৰ জন্মত উৎফুল্লিত হৈ পৰিয়ালে পাতিলে উৎসৱ - New Year 2023

বিজ্ঞান-আধুনিকতাৰ আজিৰ যুগতো বিশ্বৰ ভিন্ন প্ৰান্তত কন্যা শিশুক সমাজৰ বোজা বুলি গণ্য কৰে ৷ তেনে সময়তে পঞ্জাৱৰ এটা পৰিয়ালে দেখুৱাইছে নিদৰ্শন ৷ কিয়নো পহিলা জানুৱাৰী দিনাই তেওঁলোকৰ ঘৰলৈ আহিল লক্ষ্মী দেৱীৰ স্বৰূপ এগাৰাকী কন্যা শিশু (Family celebrates birth of a baby girl) ৷ নৱজাতক কন্যা শিশুটিক আদৰিবলৈ আনন্দত আত্মহাৰা হৈ পৰা পৰিলক্ষিত হৈছে পৰিয়ালটো ৷

Family celebrates birth of baby girl
কন্যা শিশুটিক আদৰাত মগন গুৰদীপ সিং
author img

By

Published : Jan 2, 2023, 9:00 PM IST

কন্যা শিশুটিক আদৰাত মগন গুৰদীপ সিং

নেশ্যনেল ডেস্ক, 2 জানুৱাৰী : এটি শিশু ঈশ্বৰৰ এক সুন্দৰ উপহাৰ বুলি গণ্য কৰা হয় ৷ শিশুৱে বুজি নাপায় কোনো লোভ, মোহ অথবা কোনো হিংসা ৷ আমাৰ দেশৰ এনে বহু স্থান আছে, য’ত ল’ৰা শিশু জন্ম হ’লে উৎসৱৰ দৰে উদযাপন কৰে ৷ ইয়াৰ বিপৰীতে কন্যা শিশু জন্ম হ’লে একাংশৰ পৰিয়ালত আজিও ল’ৰা জন্ম হোৱাৰ দৰে আনন্দ উল্লাস নকৰে ৷ একবিংশ শতিকাতো আজিৰ দিনৰ একাংশ লোকে কন্যা শিশুক সমাজৰ বোজা বুলি গণ্য কৰে ৷

ইয়াৰ কাৰণ হ’ল অন্ধবিশ্বাস, গোৰামী অথবা শিক্ষাৰ অভাৱ । ল’ৰাই হওক বা ছোৱালীয়েই হওক, প্ৰতিটো শিশুৱেই সমান অধিকাৰ আৰু সমান সন্মান লাভ কৰিব লাগে । কিন্তু দেশৰ বিভিন্ন ৰাজ্যত কন্যা শিশুৰ প্ৰতি বহু সময়ত অৱহেলিত মনোভাৱ পৰিলক্ষিত হয় । ইয়াৰ মাজতে লিংগ বৈষম্যমূলক নেতিবাচক চিন্তাধাৰা দূৰ কৰাৰ এক উত্তম উদাহৰণ দাঙি ধৰিছে পঞ্জাৱৰ এটা পৰিয়ালে ৷

ইংৰাজী 2023 বৰ্ষৰ প্ৰথমটো দিনটোত পঞ্জাৱৰ ভাটিন্দাৰ এটা পৰিয়াল আনন্দত আত্মহাৰা হৈ পৰিল ৷

লগতে পঢ়ক : Baba Vishwanath Dham: দুদিনত ৬ লক্ষাধিক ভক্তিই দৰ্শন কৰিলে শ্ৰী কাশী বিশ্বনাথ মন্দিৰ

অন্য লোকৰ দৰে ইংৰাজী নৱবৰ্ষক আদৰাৰ বাবে এই আনন্দ নহয় ৷ এয়া হৈছে নৱবৰ্ষৰ প্ৰথম দিনটোতে পঞ্জাৱৰ ভাটিন্দাৰ গুৰদীপ সিঙৰ ঘৰলৈ আগমন ঘটিল এটি কন্যা শিশুৰ ৷ অৰ্থাৎ গুৰদীপ সিঙৰ পত্নীয়ে 2023 ৰ পহিলা (New Year 2023) দিনটোতে জন্ম দিয়ে এটি কন্যা শিশুক (Family celebrates birth of a baby girl) ৷ যাক লৈ আনন্দত মতলীয়া হৈ পৰে গুৰদীপ সিং আৰু তেওঁৰ পৰিয়ালৰ লোক ৷

আনকি কন্যাৰ পিতৃ হোৱাৰ আনন্দতে নৱবৰ্ষৰ পহিলা দিনটোত গুৰদীপ সিঙে সমগ্ৰ গাঁৱতে ঢাক-ঢোল বজাই আনন্দ উল্লাস কৰে ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালাপত নৱজাতক কন্যা শিশুটিৰ পিতৃয়ে কয়, ‘‘মোৰ মতে ল’ৰা-ছোৱালী দুয়োটাই সমান ৷ ল’ৰাতকৈ কোনো গুণে কম নহয় ছোৱালী ৷ আজি দ্বিতীয়বাৰৰ বাবে ছোৱালীৰ পিতৃ হৈ মই যথেষ্ট গৌৰৱ অনুভৱ কৰিছো’’ ৷

ইফালে গুৰদীপ সিঙৰ এগৰাকী আত্মীয়ই কয়, ‘‘দ্বিতীয়বাৰৰ বাবে কন্যাৰ পিতৃ হৈয়ো গুৰদীপৰ মনত কোনো আক্ষেপ নাই ৷ গুৰদীপৰ এই আনন্দই সমাজত এক উদাহণ দাঙি ধৰিব’’ ৷ আনহাতে, কন্যা নৱজাতকটিৰ ককাক হৰভজন সিং সন্দোহাই কয়, ‘‘আজি আমাৰ ঘৰলৈ লক্ষ্মী আহিছে । তাই আমাৰ পৰিয়াললৈ সুখ কঢ়িয়াই আনিছে ৷ আমি কেতিয়াও ছোৱালী আৰু ল’ৰাৰ মাজত বৈষম্য কৰা নাই (Never discriminated between girl and boy)’’ ৷

লগতে তেওঁ জন্ম নহওঁতেই একাংশই কন্যা শিশুক হত্যা কৰা কাৰ্যকো নিন্দা কৰে ৷

লগতে পঢ়ক : Raghav Movie Shooting : ৰামোজী ফিল্ম চিটিত দৃশ্যগ্ৰহণ সম্পন্ন যতীন বৰাৰ নতুন ছবি ৰাঘৱৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.