ETV Bharat / bharat

প্ৰায় পাঁচ বছৰৰ পিছত স্বদেশলৈ প্ৰত্যাৱৰ্তন পাকিস্তানত বন্দী ২০ জন মাছমৰীয়াৰ

author img

By

Published : Jun 24, 2022, 6:46 PM IST

পাকিস্তান চৰকাৰে যোৱা ১৯ জুনত প্ৰায় পাঁচ বছৰৰ পিছত ২০ জন ভাৰতীয় মাছমৰীয়াক মুকলি কৰি দিছে (Pakistan releases Indian fishermen after 5 years)। পাকিস্তান সামুদ্ৰিক সুৰক্ষা বাহিনীয়ে ভাৰতীয় সামুদ্ৰিক সীমান্তত মাছ ধৰা মাছমৰীয়াসকলক বন্দী কৰিছিল ।

Indian fishermen freed by the Pakistani authorities

নিউজ ডেস্ক, 24 : ১৯ জুনত প্ৰায় পাঁচ বছৰৰ পিছত পাকিস্তান চৰকাৰে ২০ জন ভাৰতীয় মাছমৰীয়াক মুকলি কৰি দিছে । পাকিস্তানৰ সামুদ্ৰিক সুৰক্ষা বাহিনীয়ে ভাৰতীয় সামুদ্ৰিক সীমান্তত মাছ ধৰা মাছমৰীয়াসকলক বন্দী কৰিছিল । তেওঁলোকক কৰাচী কাৰাগাৰত বন্দী কৰা হৈছিল আৰু শেহতীয়াকৈ মুকলি কৰা হৈছে ৷ এই কাৰ্যক পাকিস্তানৰ সদিচ্ছা হিচাপে বিবেচনা কৰা হৈছে (Pakistan releases Indian fishermen after 5 years) ৷

পাঁচ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে মাছমৰীয়াসকলে তেওঁলোকৰ চহৰত ভৰি থোৱাৰ লগে লগে তেওঁলোকক আদৰিবলৈ যোৱা সকলৰ মুখত সুখৰ চকুপানী দেখা গৈছিল । গুজৰাটৰ ভেৰাভাল বন্দৰত মাছমৰীয়াসকলক আদৰণি জনোৱা সকলৰ ভিতৰত মাছমৰীয়াসকলৰ পৰিয়ালৰ সদস্য আৰু মীন বিভাগৰ বিষয়াসকল আছিল (Indian fishermen reunited with family)।

মাছমৰীয়াসকল ৱাঘা সীমান্তৰ পৰা ভেৰাভাল বন্দৰত উপস্থিত হৈছিল, য'ত পাকিস্তান চৰকাৰে তেওঁলোকক মুকলি কৰি দিছিল । দেশখনৰ নদীত অবৈধভাৱে মাছ ধৰাৰ অভিযোগত পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা ৬৪২ জন মাছমৰীয়াৰ ভিতৰত ২০ জনে প্ৰত্যাৱৰ্তন কৰিছে ।

মুক্তি লাভ মাছমৰীয়াসকলক অমৃতসৰৰ ৱাঘা সীমান্তত ভাৰতীয় কৰ্তৃপক্ষৰ ওচৰত সমৰ্পন কৰা হৈছিল । তেওঁলোকক মীন বিভাগৰ বিষয়া আৰু আৰক্ষীৰ দ্বাৰা ভেৰাভাল বন্দৰলৈ লৈ যোৱা হৈছিল । প্ৰায় আধা দশকৰ পিছত, মাছমৰীয়াসকল ঘৰলৈ উভতি অহাত তেওঁলোকৰ পৰিয়ালৰ পৰা উষ্ম আদৰণি লাভ কৰে ৷ বন্দৰত তেওঁলোকৰ মুখত সুখৰ চিন আৰু চকুত আনন্দৰ চকুপানী দেখা গৈছিল ৷ যিহেতু সকলোৱে তেওঁলোক উভতি অহাৰ বাবে আনন্দিত হৈছিল ।

পাকিস্তানৰ কাৰাগাৰত প্ৰায় ৬৪২ জন ভাৰতীয় মাছমৰীয়াক আটক কৰি ৰখা হৈছে । এই মাছমৰীয়াসকলক পাকিস্তানী সুৰক্ষা বাহিনীয়ে বন্দী কৰিছিল আৰু তেওঁলোকৰ নাওবোৰ জব্দ কৰা হৈছিল । অনুমান কৰা হৈছে যে, ভাৰতীয় মাছমৰীয়াসকলৰ পূৰ্বতে মালিকানাধীন প্ৰায় 1,150 খন নাও এতিয়াও পাকিস্তান সুৰক্ষা সংস্থাৰ নিৰীক্ষণত আছে (Indian fishermen freed by the Pakistani authorities) ৷

পাকিস্তানৰ দ্বাৰা মুকলি কৰা মাছমৰীয়াসকলে দেশখনৰ কাৰাগাৰৰ অৱস্থাৰ বাবে দুখ প্ৰকাশ কৰিছিল আৰু আন মাছমৰীয়াসকলক তাৎক্ষণিকভাৱে মুকলি কৰিবলৈ অনুৰোধ কৰিছিল ৷ লগতে তেওঁলোকৰ নাওবোৰ তেওঁলোকক ঘূৰাই দিবলৈও অনুৰোধ কৰিছিল মাছমৰীয়াসকলে ।

২০১৭ চনৰ ১২ ছেপ্টেম্বৰত পাকিস্তানী কৰ্তৃপক্ষই কোডিনাৰ আৰু পোৰবন্দৰৰ পৰা মাছ ধৰা নাওসমূহ জব্দ কৰে, লগতে ১৩ জন মাছমৰীয়াক বন্দী কৰা হয় । প্ৰায় এবছৰ পিছত, 2018 চনৰ 17 অক্টোবৰত জামনগৰৰ পৰা 7 জন মাছমৰীয়াৰ সৈতে এখন মাছ ধৰা নাও বন্দী কৰা হৈছিল । মুকলি কৰা ২০ জন মাছমৰীয়া গুজৰাটৰ উনা, দ্বাৰকা, কোডিনাৰ, খাম্ভালিয়া আৰু জামনগৰ অঞ্চলৰ আছিল । তেওঁলোক ঘূৰি অহাৰ পিছত বিষয়া আৰু পৰিয়ালৰ সদস্যসকলে তেওঁলোকক উষ্ম আদৰণি জনায় ।

লগতে পঢ়ক : ডেটিং এপত চিনাকি যুৱতীক ৬ কোটি টকা ঋণ দি ৰঙাঘৰৰ আলহী মেনেজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.