ETV Bharat / bharat

মধ্যপ্ৰদেশৰ গোৱালিয়ৰত ভুৱা প্লাজমা দাতা চক্ৰ উৎখাত - অজয় শংকৰ ত্যাগী,জগদীশ ভাদকাৰীয়া

আৰক্ষীয়ে জনোৱা অনুসৰি আটকাধীন লোককেইজন চহৰ খনৰ বহু কেইখন ব্যক্তিগত হাস্পতালৰ কৰ্মচাৰী ৷ পেছাগত চিকিৎসা অবিহনেই দুষ্ট চক্ৰটোৱে ক'ভিড আক্ৰান্ত ৰোগীক প্লাজমা দানৰ নামত চিকিৎসা কৰিছিল বুলি জনাইছে গোৱালিয়ৰৰ আৰক্ষী অধীক্ষক অমৃত সাংঘীয়ে ৷

fake-plasma-donation-racket-busted-in-mp-four-held
মধ্যপ্ৰদেশৰ গোৱালিয়ৰত ভুৱা প্লাজমা দাতাৰ চক্ৰ উৎখাত
author img

By

Published : Dec 13, 2020, 9:43 PM IST

নিউজ ডেস্ক ৰিপৰ্ট,13 ডিচেম্বৰ: মধ্যপ্ৰদেশ আৰক্ষীৰ জালত পৰিছে ভুৱা প্লাজমা দাতাৰ বৃহৎ চক্ৰ ৷ প্ৰতাৰণাৰ বলি হোৱা পৰিয়ালৰ গোচৰৰ ভিত্তিত গোৱালিয়ৰ নগৰৰ পৰা আৰক্ষীয়ে আটক কৰিছে প্লাজমা দান কৰা ভুৱা চক্ৰৰে জড়িত তিনিজনকৈ ব্যক্তিক ৷ সমগ্ৰ ঘটনাৰ নায়ক ক্ৰমে অজয় শংকৰ ত্যাগী, জগদীশ ভাদকাৰীয়া আৰু মহেশ মৌৰ্য বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি আটকাধীন লোককেইজন চহৰ খনৰ বহু কেইখন ব্যক্তিগত হাস্পতালৰ কৰ্মচাৰী ৷

মধ্যপ্ৰদেশৰ গোৱালিয়ৰত ভুৱা প্লাজমা দাতা চক্ৰ উৎখাত

উল্লেখ্য যে, ক'ভিডত আক্ৰান্ত বহু ৰোগীৰ শৰীৰত প্লাজমা সংস্থাপন কৰাৰ নামত বৃহৎ ধন লুটি আহিছিল চক্ৰটোৱে ৷ কিন্তু মনোজ তিৱাৰী নামৰ ক'ভিডত আক্ৰান্ত লোক জনৰ মৃত্যুৰ পাচতে দলটোৰ ওপৰত সন্দেহ ওপজে মনোজ তিৱাৰীৰ পৰিয়ালৰ লোকৰ ৷ তাৰ পাচত তেওঁলোকে আৰক্ষীৰ কাষ চাপি গোচৰ ৰুজু কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ গোৱালিয়ৰৰ আৰক্ষী অধীক্ষক অমৃত সাংঘীয়ে জনোৱা অনুসৰি সমগ্ৰ ঘটনাৰ মুল মাষ্টাৰ মাইণ্ড অজয় শংকৰ ত্যাগীসহ লোকজনৰ তত্বাৱধানত দুস্কাৰ্য সংঘটিত কৰা দুজনক জে এ এইচ হাস্পতালৰ সমীপৰ পৰা আটক কৰা হয় ৷ আৰক্ষী বিষয়া গৰাকীয়ে জনোৱা অনুসৰি, ধৃত লোককেইজনৰ কোনো ধৰণৰ চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী নাই ৷ পেছাগত চিকিৎসা অবিহনেই দুষ্ট চক্ৰটোৱে ক'ভিড আক্ৰান্ত ৰোগীক প্লাজমা দানৰ নামত চিকিৎসা কৰিছিল বুলি জনাইছে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

লগতে পঢ়কঃ কৃষি মন্ত্ৰীৰ নেতৃত্বত গৃহমন্ত্ৰীক সাক্ষাৎ মন্ত্ৰীমণ্ডলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.