ETV Bharat / bharat

বেংকত ধন জমা থবলৈ আহি গ্ৰেপ্তাৰ মহিলা - নোটখিনি পুনৰ পৰীক্ষা

ত্ৰিপুৰাত নকল নোট বেংকত জমা থবলৈ অহা মহিলাক আটক ৷ ত্ৰিপুৰাৰ চনামূৰাস্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখাত 2 লাখ 45 হাজাৰ টকা জমা থবলৈ আহিছিল মহিলাগৰাকীয়ে ৷ ধনৰাশিৰ ভিতৰত 100 খন 500 টকীয়া জাল নোট উদ্ধাৰ কৰে বেংক কৰ্তৃপক্ষই ৷

Fake currency seized, women held
বেংকত ধন জমা থবলৈ আহি গ্ৰেপ্তাৰ মহিলা
author img

By

Published : Apr 10, 2021, 9:54 AM IST

ত্ৰিপুৰা,10 এপ্ৰিল: ত্ৰিপুৰাৰ ছাপাহিজালা জিলাৰ চনামূৰা অঞ্চলত শুকুৰবাৰে আৰক্ষীয়ে নকল নোট বেংকত জমা থবলৈ অহা এগৰাকী মহিলাক আটক কৰিছে ৷ জিলাখনৰ ৰবীন্দ্ৰ নগৰৰ বাসিন্দা মহিলাগৰাকীয়ে চনামূৰাস্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখাত থকা একাউণ্টত জমা থবলৈ লৈ আহিছিল নগদ 2 লাখ 45 হাজাৰ টকা ৷ টকা জমা লোৱা বেংক কৰ্মচাৰীজনৰ ধনৰাশিৰ ভিতৰত 100 খন 500 টকীয়া জাল নোট থকা বুলি সন্দেহ হয় ৷ পৰৱৰ্তী সময়ত বিত্তীয় লেনদেনকাৰী বিষয়াজনে বেংকৰ উৰ্ধতম কৰ্তৃপক্ষক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ বেংকৰ শাখা পৰিচালকগৰাকীয়েও নোটখিনি পুনৰ পৰীক্ষা কৰি জাল নোট বুলি নিশ্চিত হয় ৷ পৰৱৰ্তী সময়ত বেংক কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়াৰ লগতে লিখিত অভিযোগ দাখিল কৰে ৷

ইফালে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱায় ৷ আদালতে মহিলাগৰাকীক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে ৷

আনহাতে, ঘটনা সংক্ৰান্তত মহিলাগৰাকীয়ে কয় যে, তেখেতে চুবুৰীৰ জয়নাল মিয়া নামৰ লোকজনক মাটি বিক্ৰী কৰিছিল আৰু সেই লোকজনেই নোটখিনি দিছিল ৷ ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: ম্যানমাৰৰ শৰণাৰ্থীৰ মাজত খাদ্য সামগ্ৰী, নগদ ধন বিতৰণ এম জেড পিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.