ETV Bharat / bharat

ধন দাবীৰ গোচৰ: পৰম বীৰ সিঙৰ বিৰুদ্ধে জামিনবিহীন ৱাৰেণ্ট জাৰি - গোৰেগাঁও আৰক্ষী থানাত ধন দাবীৰ গোচৰ ৰুজু

প্ৰথমে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰীৰ বিৰুদ্ধে হোটেল আৰু বাৰৰ পৰা ধন দাবী কৰিবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ আৰু তাৰ পাচত অভিযোগকাৰী মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰমবীৰ সিং নিজেই সন্ধানহীন । পৰমবীৰ সিং সন্ধানহীন হৈ থকাত ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল মুম্বাই আৰক্ষীৰ অপৰাধ শাখা । সিঙৰ বিৰুদ্ধে জামিনবিহীন ৱাৰেণ্ট জাৰি কৰে মুম্বাইৰ এখন আদালতে ।

Mumbai court issues non bailable warrant against Param Bir Singh
পৰম বীৰ সিঙৰ বিৰুদ্ধে জামিনবিহীন ৱাৰেণ্ট জাৰি কৰিলে মুম্বাইৰ আদালতে
author img

By

Published : Oct 29, 2021, 11:27 AM IST

নেশ্যনেল ডেস্ক, ২৯ অক্টোবৰ : ধন দাবীৰ গোচৰৰ সন্দৰ্ভত মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙৰ বিৰুদ্ধে জামিনবিহীন ৱাৰেণ্ট জাৰি কৰিলে মহাৰাষ্ট্ৰৰ থানেৰ এখন আদালতে । শুকুৰবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰিব আদালতে । মুখ্য ন্যায়িক দণ্ডাধীশ আৰ জে টাম্বলেই যোৱা ২৬ অক্টোবৰত থানে নগৰ আৰক্ষী থানালৈ এক নিৰ্দেশ জাৰি কৰিছিল । সিঙৰ গোচৰটো থানে নগৰ আৰক্ষী থানাত ৰুজু কৰা হৈছে ।

যোৱা ২৮ অক্টোবৰত মুম্বাই আৰক্ষীয়ে জনায় যে, পৰম বীৰ সিঙৰ বিৰুদ্ধে জামিনবিহীন ৱাৰেণ্টৰ বাবে অপৰাধ শাখাই থানে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত আবেদন দাখিল কৰিছিল । আবেদনখনৰ জৰিয়তে অপৰাধ শাখাই অভিযোগ তুলিছিল যে পৰম বীৰ সিং সন্ধানহীন হৈ আছে । সম্প্ৰতি পৰমবীৰ সিঙৰ বিৰুদ্ধে জামিনবিহীন ৱাৰেণ্ট জাৰি কৰিছে আদালতে । যোৱা ২৩ জুলাইত পৰম বীৰ সিং, শচীন ৱেজ আৰু আন কেইবাজনৰো বিৰুদ্ধে গোৰেগাঁও আৰক্ষী থানাত ধন দাবীৰ গোচৰ ৰুজু কৰা হৈছিল ।

মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই গোচৰটোৰ তদন্তৰ দায়িত্ব লৈছিল । মঙলবাৰে চান্দিৱাল ন্যায়িক আয়োগে পৰম বীৰ সিঙৰ বিৰুদ্ধে জামিনবিহীন ৱাৰেণ্ট জাৰি কৰে ।

উল্লেখ্য যে, বিমল আগৰৱালা নামৰ এজন বিল্ডাৰ তথা হোটেলৰ স্বত্বাধিকাৰীয়ে ধন দাবীৰ অভিযোগ উত্থাপন কৰিছিল পৰমবীৰ সিঙৰ বিৰুদ্ধে । তেওঁ অভিযোগ তুলিছিল যে, প্ৰাক্তন আৰক্ষী আয়ুক্তগৰাকীয়ে তেওঁৰ পৰা ৯ লাখ টকা দাবী কৰিছিল । আগৰৱালাৰ অংশীদাৰিত্ব থকা দুখন বাৰ আৰু ৰেষ্টুৰেণ্টত চলাবলগীয়া অভিযান বন্ধ কৰিবলৈ এই ধন দাবী কৰিছিল বুলি পৰমবীৰ সিঙৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল । আগৰৱালাই লগতে অভিযোগ তোলে যে, সিঙে তেওঁক প্ৰায় ২.৯২ লাখ টকা মূল্যৰ দুটা স্মাৰ্টফোন ক্ৰয় কৰিবলৈও হেঁচা প্ৰয়োগ কৰিছিল ।

অভিযোগকাৰীৰ মতে, ২০২০ চনৰ জানুৱাৰী আৰু ২০২১ চনৰ মাৰ্চ মাহৰ ভিতৰত এই দাবী কৰা হৈছিল । আনহাতে, অপসাৰিত আৰক্ষী বিষয়া শচীন ৱেজ, সুমিত সিং ওৰফে চিণ্টু, অল্পেশ পাটেৰ নামো গোচৰটোত উল্লেখ কৰা হৈছিল । এণ্টিলিয়া বোমাতংক গোচৰত শচীন ৱেজক গ্ৰেপ্তাৰ কৰাৰ পিছত পৰম বীৰ সিঙকো অপসাৰিত কৰা হয় ।

পিছত, পৰম বীৰ সিঙে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেলৈ এখন পত্ৰ প্ৰেৰণ কৰি অভিযোগ উত্থাপন কৰে যে, মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহ মন্ত্ৰী অনিল দেশমুখে শচীন ৱেজক মুম্বাইৰ হোটেল আৰু বাৰসমূহৰ পৰা মুঠ ১০০ কোটি টকা সংগ্ৰহ কৰিবলৈ কৈছিল । এই অভিযোগৰ বাবেই দেশমুখে পদত্যাগ কৰিবলগীয়া হয় । কিন্তু তেওঁ এই অভিযোগ নস্যাৎ কৰে ।

লগতে পঢ়ক:তিনি সপ্তাহৰ অন্তত জামিন লাভ কৰিলে শ্বাহৰুখ তনয় আৰিয়ানে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.