নেশ্যনেল ডেস্ক,১৭ এপ্ৰিল: ক'ভিডৰ শেহতীয়া পৰিস্থিতিক লৈ কেন্দ্ৰীয় চৰকাৰ বিভিন্ন ধৰণে বিৰোধীৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া গৈছে । দেশৰ এনে পৰিস্থিতিৰ মাজতো ভাৰতে প্ৰতিষেধক বিদেশলৈ ৰপ্তানি কৰা সন্দৰ্ভত চৰকাৰক সমালোচনা কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে । ভাৰতৰ লোকৰ বাবে পৰ্যাপ্ত প্ৰতিষেধক মজুত নথকা পিছতো চৰকাৰে ৰপ্তানি কৰা বাবে তীব্ৰ ভাষাৰে সমালোচনা কৰে নেত্ৰীগৰাকীয়ে ।
আনকি তেওঁ প্ৰধানমন্ত্ৰীক সমালোচনা কৰি কয় যে মোডী হৈছে এগৰাকী এনে পাইলট যিয়ে জৰুৰীকালীন অৱস্থাত কেৱল ইজেক্ট বুটামটো টিপিবলৈ বৰ্ডিংপাছত নিজৰ ফটো লগাই লয় । ব্যংগাত্মকভাৱে মোডীক সমালোচনা কৰাৰ উপৰিও কংগ্ৰেছৰ ৭০ বছৰীয়া শাসনৰ প্ৰচেষ্টাক বৰ্তমানৰ চৰকাৰে উপহাস কৰা বুলিও উল্লেখ কৰে ।
ইফালে একেৰাহে তৃতীয় দিনাও দেশত ২ লাখতকৈও অধিক কৰ'ণাৰ ঘটনা পোহৰলৈ আহিছে । ভাৰতত যোৱা ২৪ ঘণ্টাত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ২ লাখ ৩৪ হাজাৰ ৬৯২ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । যোৱা ২৪ ঘণ্টাত কৰ'ণাত নতুনকৈ মৃত্যু হৈছে ১,৩৪১ গৰাকী লোক ।
লগতে পঢ়ক: অৱশেষত জামিন পালে লালু প্ৰসাদ যাদৱে